তিনিচুকীয়া জিলাৰ ডিগবৈৰ ঔগুৰি গাঁৱত ডাইনী সন্দেহক কেন্দ্ৰ কৰি এগৰাকী বৃদ্ধা মহিলাক হত্যা কৰাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। যোৱা ১ নৱেম্বৰত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ডিগবৈৰ উল্টা পুলৰ সমীপৰ ঔগুৰি গাঁৱৰ ধুম্ৰী চাওতাল নামৰ এগৰাকী বৃদ্ধা মহিলাক ডাইনী সন্দেহত হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাটোৰ পিছত স্থানীয় একাংশ লোকে বিষয়টো গাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগো উঠিছে।
ইফালে, ঘটনাৰ বিষয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পিছতে ডিগবৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত তিনিগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ জালত পৰা মহিলাকেইগৰাকী হৈছে বুঢ়ী চাওতাল, অনিমা চাওতাল আৰু চিমলা মাঝি। পৰৱৰ্তী সময়ত তিনিওগৰাকী অভিযুক্তকে আৰক্ষীয়ে জে’ললৈ প্ৰেৰণ কৰে।
ডাইনী সন্দেহৰ দৰে অন্ধবিশ্বাসৰ আধাৰত এগৰাকী বৃদ্ধা মহিলাক হত্যা কৰাৰ অভিযোগে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে।
