কলম বেচা কিশোৰীক উপহাৰ দিলে আই ফোন, কিয় হৃদয় জিনিলে তেজপ্ৰতাপৰ?

ভগৱান কৃষ্ণ আৰু শিৱৰ ৰূপ ধাৰণ কৰাৰ পৰা দলীয় অনুষ্ঠান আৰু অন্যান্য অনুষ্ঠানত বাঁহী বজোৱালৈকে প্ৰায়ে সংবাদ শিৰোনামত থকা এজন যুৱ নেতা। হয়, আৰজেডিৰ নেতা লালু প্ৰসাদ যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপৰ কথাই কোৱা হৈছে। বিভিন্ন আৰু বিচিত্ৰ ধৰণে জনসাধাৰণক প্ৰভাৱিত কৰি চৰ্চাৰ বিষয় হৈ পৰে এইগৰাকী নেতা। এইবাৰ তেজ প্ৰতাপ যাদৱে দান কৰিলে ৫০,০০০ টকাৰ আইফোন। নিজে আইফোন ক্ৰয় কৰি পাটনাৰ ৰাস্তাত কলম বেচি থকা এজনী দৰিদ্ৰ ছোৱালীক উপহাৰ দিলে। ইয়াৰ পিছতে তেজ প্ৰতাপৰ বহল মনৰ হৃদয়ৰ কথা চৰ্চিত হৈছে সামাজিক মাধ্যমত। ঘটনাটো সন্ধিয়া সময়ৰ।

তেজ প্ৰতাপে বন্ধুবৰ্গৰ সৈতে পাটনাৰ বোৰিং ৰোড এলেকাত ফুৰিবলৈ ওলাই গৈছিল। সেই সময়ত চিৰাচৰিতভাবে এজনী সৰু ছোৱালীয়ে ৰাজপথত কলম বিক্ৰী কৰা আছিল। কিশোৰী ছোৱালীজনী দেখাৰ লগে লগে আগবাঢ়ি গ’ল তেজপ্ৰতাপ যাদৱ। গাড়ীৰ পৰা নামি তাইৰ সৈতে বাৰ্তালাপ কৰিবলৈ আৰম্ভ কৰিলে। তেজ প্ৰতাপে নামটো সোধাৰ লগে লগে কলে-মোৰ নাম মেঘা, পুনাই চক অঞ্চলত মই বাস কৰোঁ, মোৰ দেউতাই অটো ৰিক্সা চলায়। ডাঙৰ হৈ বিখ্যাত ব্যক্তি হোৱাৰ মন, ঘৰখনক আৰ্থিকভাবে সকাহ দিব বিচাৰো। কণমানিৰ আকাশ চোৱাৰ হেঁপাহে হৃদয় চুই গল তেজপ্ৰতাপৰ। লগে লগে কিশোৰীগৰাকীৰ ইচ্ছাৰ কথা জানিলে তেজ প্ৰতাপে আৰু অৰ্ধ লাখ টকাৰ আইফোন উপহাৰ দিলে। কণমানি ছোৱালীজনীক ৰাস্তাত কলম বিক্ৰী কৰা দেখি ইমানেই আবেগিক হৈ পৰিল যে কিশোৰীগৰাকীৰ আহ্বানক ওলাই কৰিব নোৱাৰিলে বিহাৰৰ যুৱ নেতাগৰাকীয়ে।

ৰাজনীতিৰ পথাৰত অথবা ব্যক্তিগত ক্ষেত্ৰত সফল হওক বা নহওক, তেজপ্ৰতাপৰ এই কাৰ্যক বহুজনে প্ৰশংসা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

দেশত পুনৰ বৃদ্ধি পালে সাংসদসকলৰ দৰমহা, পেন্সন

বৃদ্ধি পালে সাংসদসকলৰ দৈনিক ভাট্টাৰ পৰিমাণসাংসদৰ মাহিলী দৰমহা ১...

অহা বৰ্ষত মঙ্গল গ্ৰহলৈ ষ্টাৰশ্বিপ ৰকেট প্ৰেৰণ কৰিব ইলন মাস্কে

স্পেচএক্সৰ মঙ্গল অভিযানটোৱে মানৱজাতিৰ মহাকাশ অনুসন্ধানৰ ক্ষেত্ৰত এক নতুন...

অটোৰিক্সা চালকৰ পুত্ৰৰ প্ৰদৰ্শনত পঞ্চমুখ মহেন্দ্ৰ সিং ধোনী

ভিগনেশ পুথুৰ, এগৰাকী বাওঁহাতৰ ৰিষ্ট স্পিনাৰ, মুম্বাই ইণ্ডিয়ান্সৰ হৈ...

ৰাজ্যত পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা, মুহূৰ্ততে শেষ দুটাকৈ জীৱন

দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন...