ঐ ৰাম অংকিতা-বিকিৰ বিয়াহে…১৪ ডিচেম্বৰত আবদ্ধ হ’ব প্ৰণয়পাশত

মায়ানগৰীত এতিয়া চলিছে বিয়াৰ যুগ। ৰাজকুমাৰ ৰাও, বিকি কৌশল-কেটৰীনা কাইফৰ পিছত আন এক প্ৰেমিকে যুগলে আৰম্ভ কৰিব নিজৰ বৈবাহিক জীৱন। দীঘলীয়া অপেক্ষাৰ পিছত, টিভি জগতৰ অতি জনপ্ৰিয় অভিনেত্ৰী অংকিতা লোখাণ্ডে অৱশেষত আৰম্ভ কৰিব দ্বিতীয় ইনিংছ। অংকিতাৰ ব্যৱসায়ী-প্ৰেমিক বিকি জৈনৰ সৈতে ১৪ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব। অংকিতা-লোখাণ্ডে কৰ্মনগৰী মুম্বাইতে বিবাহপাশত আৱদ্ধ হ’ব আৰু অভ্যৰ্থনা অনুষ্ঠানৰো মুম্বাইতে আয়োজন কৰিছে। ১২ ডিচেম্বৰত অনুষ্ঠিত হ’ব মেহেন্দি আৰু বাগদান অনুষ্ঠান। ১৩ ডিচেম্বৰত হালদি আৰু সংগীত অনুষ্ঠান অনুষ্ঠিত হ’ব। ১৪ ডিচেম্বৰৰ পুৱা বিবাহ সম্পন্ন হ’ব আৰু একেদিনাই সন্ধিয়া বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে।

ইতিমধ্যে বিশেষ পূজাৰে দুয়োৰে প্ৰাক বিবাহ অনুষ্ঠান আৰম্ভ হৈছে। প্ৰৌজ্বল হাঁহিৰে ভৰা দুয়োৰে প্ৰি ৱেডিং চেৰিমনীৰ ফটোবোৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। একালত সুশান্ত সিং ৰাজপুতৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বুলি কোৱা হয় অংকিতা লোখাণ্ডৰ। সুশান্তৰ অকাল বিয়োগৰ পিছতে অংকিতাই আকৌ নতুন জীৱন আৰম্ভ কৰাটো বিচাৰিছিল অনুৰাগীসকলে। আৰু অৱশেষত বাস্তৱত সেয়াই হ’বলৈ গৈ আছে!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...

হৃদযন্ত্ৰৰ নিজস্ব ক্ষুদ্ৰ ‘মগজু’ আছে; আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মানুহৰ হৃদযন্ত্ৰত নিজাকৈ এটা সৰু...

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...