নতুন ছবিত চুম্বনৰ দৃশ্যগ্ৰহণৰ বাবে ইচ্ছা কৰা নাই ৰণবীৰ সিং-আলিয়া ভাটে!

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং আৰু অভিনেত্ৰী আলিয়া ভাটৰ আহিবলগীয়া নতুন ছবি ‘ৰকি এণ্ড ৰনিৰ লাভ ষ্ট’ৰী’ৰ বাবে দিল্লীত চলি আছে দৃশ্যগ্ৰহণ।

ছবিখন এটা প্ৰেম কাহিনীৰ ওপৰত যদিও আধাৰিত কিন্তু এইবাৰ দৰ্শকে ৰণবীৰ আৰু আলিয়াৰ মাজত দেখিবলৈ নাপাব কোনো ধৰণৰ বিশেষ ৰোমাণ্টিক দৃশ্য। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ৰণবীৰ আৰু আলিয়াই তেওঁলোকৰ আহিবলগীয়া ছবি ‘ৰকি এণ্ড ৰনিৰ লাভ ষ্ট’ৰী’ত চুম্বন দৃশ্যগ্ৰহণত অনিচ্ছা প্ৰকাশ কৰিছে। ৰণবীৰ আৰু আলিয়াই নিজেই লৈছে এই সিদ্ধান্ত।

কিয়নো ৰণবীৰে দীপিকা পাডুকনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে যাৰ বাবে তেওঁ চুম্বন দৃশ্য কৰিবলৈ মান্তি নহয়। আলিয়া ভাটেও ৰণবীৰ কাপুৰৰ সৈতে ডেটিং কৰি আছে আৰু অতি সোনকালেই ৰণবীৰ কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু হৈছে আলিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...