নতুন ছবিত চুম্বনৰ দৃশ্যগ্ৰহণৰ বাবে ইচ্ছা কৰা নাই ৰণবীৰ সিং-আলিয়া ভাটে!

বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং আৰু অভিনেত্ৰী আলিয়া ভাটৰ আহিবলগীয়া নতুন ছবি ‘ৰকি এণ্ড ৰনিৰ লাভ ষ্ট’ৰী’ৰ বাবে দিল্লীত চলি আছে দৃশ্যগ্ৰহণ।

ছবিখন এটা প্ৰেম কাহিনীৰ ওপৰত যদিও আধাৰিত কিন্তু এইবাৰ দৰ্শকে ৰণবীৰ আৰু আলিয়াৰ মাজত দেখিবলৈ নাপাব কোনো ধৰণৰ বিশেষ ৰোমাণ্টিক দৃশ্য। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ৰণবীৰ আৰু আলিয়াই তেওঁলোকৰ আহিবলগীয়া ছবি ‘ৰকি এণ্ড ৰনিৰ লাভ ষ্ট’ৰী’ত চুম্বন দৃশ্যগ্ৰহণত অনিচ্ছা প্ৰকাশ কৰিছে। ৰণবীৰ আৰু আলিয়াই নিজেই লৈছে এই সিদ্ধান্ত।

কিয়নো ৰণবীৰে দীপিকা পাডুকনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে যাৰ বাবে তেওঁ চুম্বন দৃশ্য কৰিবলৈ মান্তি নহয়। আলিয়া ভাটেও ৰণবীৰ কাপুৰৰ সৈতে ডেটিং কৰি আছে আৰু অতি সোনকালেই ৰণবীৰ কাপুৰৰ সৈতে বিয়াত বহিবলৈ সাজু হৈছে আলিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দৈনিক কিমান কাপ কফি খোৱাটো শৰীৰৰ বাবে ভাল? কফি কেনেকৈ খোৱাটো বেছি উপকাৰী?

দৈনিক কফি খোৱাৰ অভ্যাস আছে নেকি? হৃদৰোগ বিশেষজ্ঞ আৰু...

হৃদযন্ত্ৰৰ নিজস্ব ক্ষুদ্ৰ ‘মগজু’ আছে; আৱিষ্কাৰ কৰিছে বিজ্ঞানীসকলে

বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মানুহৰ হৃদযন্ত্ৰত নিজাকৈ এটা সৰু...

চৰাইদেউ আৰু শিৱসাগৰ জিলাত বান বিভীষিকা

এসপ্তাহ পূৰ্বে আচম্বিতে প্ৰলয় নামি আহিছিল চৰাইদেউ আৰু শিৱসাগৰ...