প্ৰেমিক যুগলৰ বাবে দুঃখবৰ! এইবাৰ খ্ৰীষ্টমাছত কৰিব নোৱাৰিব চুম্বন

চুম্বন কৰি ফটোও আপলোড কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়াত

ন’ভেল কৰ’না ভাইৰাছৰ নতুন ভেৰিয়েণ্ট ‘অ’মিক্রন’ক লৈ উদ্বিগ্ন বিশ্ববাসী। দক্ষিণ আফ্রিকাত অতি মাৰাত্মক এই ভেৰিয়েণ্টটো চিনাক্ত হোৱাৰ পাছতে ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই সতর্ক বার্তা জাৰি কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই ‘অ’মিক্রন’ক আখ্যা দিছে ‘ভেৰিয়েণ্ট অৱ কনচার্ন’ ৰূপে। ইফালে, এই ভাইৰাছবিধে কেৱল জনস্বাস্থ্যতে যে প্ৰভাৱ পেলাইছে এনে নহয়। এই ভাইৰাছৰ ফলত এটি পৰম্পৰাগত প্ৰথা এৰিব লাগিব ব্ৰিটেইনবাসীয়ে ।

হয়, অ’মিক্ৰনৰ বাবে চুম্বন কৰাটোও এক অভিশাপত পৰিণত হৈছে, ইয়াকৈ লৈ এইবাৰ কেইবাখনো দেশত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। এইবাৰ খ্ৰীষ্টমাছত প্ৰেমিক-প্ৰেমিকাই চুম্বন কৰি ফটোও আপলোড কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়াত। শেহতীয়াকৈ ব্ৰিটিছ চৰকাৰ্ জাৰি কৰিছে এই নিষেধাজ্ঞা। ব্ৰিটিছ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এইবাৰ পৰম্পৰাগত প্ৰথাটো এৰিব লাগিব ব্ৰিটেইনবাসীয়ে।

অ’মিক্ৰনৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ এই প্ৰথাৰ পৰা আঁতৰি থাকিবই লাগিব বুলি দৃঢ়তাৰে কয় ব্ৰিটিছ প্ৰশাসনে। ক’ভিড বিশেষজ্ঞসকলৰ মতে, ‘মুখ্যতঃ মুখৰ লেলাউতিৰ জৰিয়তে অ’মিক্ৰন সংক্ৰমিত হোৱাৰ সম্ভাৱনা থাকে। তেনে ক্ষেত্ৰত, চুম্বনৰ দ্বাৰা দ্ৰুততাৰে অ’মিক্ৰন বিয়পি পৰাৰ সম্ভাৱনা আছে। বিশেষকৈ বিশ্ব স্বাস্থ্য সংস্থাই অ’মিক্ৰনত আটাইতকৈ দুৰ্বল দেশ হিচাপে চিনাক্ত কৰা নাগৰিকসকলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা জাৰি কৰিছে। গৱেষকসকলৰ মতে, যদি কৰ’না সম্পৰ্কীয় পৰিচ্ছন্নতা অনুসৰণ কৰা নহয়, তেনেহলে অ’মিক্ৰনত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক। এই ক্ষেত্ৰত হাত ধোৱা, কৰ’না সম্পৰ্কীয় পৰিচ্ছন্নতা মনি চলিবলৈ আহ্বান জনাইছে সংশ্লিষ্ট মহলে।

উল্লেখ্য যে, বিশ্বত কৰ’না ভাইৰাছৰ আতংক মাৰ নাযাওঁতেই এইবাৰ অ’মিক্ৰন ভাইৰাছৰ আতংকই বিশ্ববাসীক এক অনিশ্চিত ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে। নতুন প্ৰকাৰৰ এই ভাইৰাছ ‘Delta’তকৈয়ো অধিক ভয়ংকৰ বুলি বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰিছে৷ দক্ষিণ আফ্ৰিকাত এই ভাইৰাছৰ অৱস্থিতি পোৱাৰ মাত্ৰ ৪ দিনৰ ভিতৰত বিশ্বৰ ১২খন দেশলৈ এই ভাইৰাছ বিয়পি পৰিছে। শেহতীয়াকৈ নেদাৰলেণ্ড, ইংলেণ্ড, জাৰ্মানী, ইটালী, হংকং, ইজৰাইল, বেলজিয়াম, চেক গণৰাজ্যত ধৰা পৰিছে অ’মিক্ৰনত আক্ৰান্ত লোক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্যই জোকাৰিছে ৰাজ্য

চৰৰ মুছলমান প্ৰসংগত অসম সাহিত্য সভাৰ সভাপতিৰ মন্তব্য।মুছলমান মানেই...

আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ ভয়ংকৰ সংঘৰ্ষ

আমেৰিকাত এয়াৰ শ্ব’ৰ মাজতে শিহৰণকাৰী দুৰ্ঘটনা।আকাশমাৰ্গতে দুখন যুদ্ধ বিমানৰ...

গ্ৰাহকৰ বেশত দোকানত সোমাই চুৰুণীয়ে নিলে কাপোৰ

গ্ৰাহকৰ বেশত দোকানত সোমাই মুহূৰ্ততে লৈ গ’ল প্ৰায় ৩০...

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...