মোৰ শৰীৰত স্বৰ্গদেউ চুহুংমুঙৰ DNA মজুত আছে… সংগীত শিল্পী মানস ৰবীনৰ ওপজা দিন

জনপ্ৰিয় সংগীত শিল্পী, খেয়ালী মনৰ সমাজৰ বাবে কাম কৰি ভাল পোৱা মানস ৰবীনৰ আজি ওপজা দিন। ১৯৭৬ চনৰ আজিৰ দিনটোতে শিৱসাগৰত জন্ম গ্ৰহণ কৰিছিল। CAA বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল মানস ৰবীনে। তাৰোপৰি পৰিৱেশ সংক্ৰান্তীয় আইনৰ বিৰোধিতা, দৰিদ্ৰক সহায় আৰু আধুনিক অসমীয়া সংগীত জগতক অন্য এক মাত্ৰা প্ৰদান কৰাৰ বাবে সদায়ে চৰ্চিত হৈ আহিছে। নৱ প্ৰজন্মক কৃষি কৰ্মৰে স্বাৱলম্বী আৰু পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগানক সকলোৰে মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰি আহিছে শিল্পীগৰাকীয়ে।

জনপ্ৰিয় শিল্পীজনে নিজেই লিখিছল এজন স্বঘোষিত ৰজাৰ কাহিনী। তেওঁৰ ভাষাৰে-” সদায় আনৰ কাহিনী লিখা মানুহ মই। আজি নিজৰ কাহিনী এটাকে লিখিছোঁ। মোৰ পোচাকী নামটো মানস ৰবীন। সম্পূৰ্ণ নাম- মানস ৰবীন দিহিঙ্গীয়া গগৈ। বুৰঞ্জীৰ অলপমানো ভু থকা মানুহেই , প্ৰকৃত নামটো শুনামাত্ৰেই নিশ্চিত হ’ব যে মোৰ শৰীৰত স্বৰ্গদেউ চুহুংমুং( দিহিঙ্গীয়া ৰজা )ৰ DNA মজুত আছে। সৰুৰে পৰাই এনাইদেউৰ মুখত (মাৰ মাক ) ৰজা-ৰাণী, ৰাজকুমাৰ-ৰাজকুমাৰীৰ সাধু শুনিয়েই ডাঙৰ হৈছোঁ। ইফালে মোৰ শিক্ষক-শিক্ষয়ত্ৰী, আই-বোপায়েও সৰুৰে পৰা জ্যেষ্ঠ পুত্ৰ বা একমাত্ৰ পুত্ৰ বা উপৰোক্ত যি কাৰণতেই নহওঁক -একেবাৰে ৰজাৰ দৰে মোক তুলিলে-তালিলে আৰু সেইবাবেই চাগৈ তাহানি দিনৰে পৰাই মোৰ মনত ৰজাৰ ধাৰণা এটাই বাহ ল’লে। ৰজা, মোৰ আদৰ্শ পুৰুষ। ৰজাৰ বিচাৰ ন্যায় বিচাৰ, সত্যৰ বিচাৰ। প্ৰজাৰ ধৰ্মই ৰজাৰ ধৰ্ম। প্ৰজাৰ হিতেই ৰজাৰ হিত। প্ৰজাৰ সুখেই ৰজাৰ সুখ।”

তেওঁ আৰু লিখিছে-”আজি বহুদিন হ’ল, মই তেনেকুৱা এজন ৰজাৰ সন্ধানত থকা । ৰজাৰ বাবে এখন আসন সংৰক্ষিত কৰিও ৰাখিছিলো মোৰ হৃদয়ত। আশাৰে বাট চাই আছিলোঁ, কোনোবা এজন ওলাব আৰু মই তেওঁক ৰজা পাতি বহুৱাম সেই আসনখনত। সময়বোৰ বাগৰিল ; ৰজা এজন আজিকোপতি নোলাল। যাকেই ভাবিছোঁ তেৱেঁই অৱনমিত হৈছে। যাৰ ওপৰতেই আশা ৰাখিছোঁ তেৱেঁই নিৰাশ কৰিছে । খালী হৈ থকা ৰজাৰ আসনখনৰ ওচৰত ইমান দিন ৰখীয়া হৈ থিয়দি থাকি মোৰ ভৰিও বিষাইছিল। ইফালে সিফালে ৰজা হ’ব পৰা নতুন কোনো এজনকো নেদেখি শেষত উপায়হীন হৈ আজি কিছুদিনৰ আগতে মই নিজে সেই আসনখনত অধিস্থিত হওঁ। আৰু সেই দিন ধৰিয়ে মই স্বঘোষিত ৰজা —মানস ৰবীন আৰু সেই দিন ধৰিয়েই মোৰ এই বলিয়ালি। আপুনি মানক বা নামানক —মই ইতিমধ্যে ৰজাৰ আসনখন অধিগ্ৰহণ কৰিছোঁ। পাছে এটা কথা — ৰজা হ’ব পৰা কাৰোবাক দেখা মাত্ৰেই মোক কিন্তু খবৰ দিবলৈ নাপাহৰিব! মই তৎমুহূৰ্ততেই এই আসন তেওঁৰ বাবে ত্যাগ কৰিবৰ বাবে সদা প্ৰস্তুত হৈ আছোঁ।”

শেষত তেওঁ এই কথাও উল্লেখ কৰিছে কাহিনীটো আপোনাৰ লগতো মিলিছে নেকি, পলম নকৰি আপুনিও ৰজা হৈ যাওক, আপোন ৰাজ্যৰ। ১৯৯৫ চনৰ পৰা ২০২১লৈ ধাৰাবাহিকভাবে নিৰলস প্ৰচেষ্টাৰে অসমীয়া সংগীত জগত আৰু সামাজিক পটভূমিলৈ অৱদান যোগাই আহিছে মানস ৰবীনে। পুৱাৰে পৰা অনুৰাগীয়ে জনাইছে অমল শুভকামনা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...