অতিকৈ সাৱধান হোৱাৰ সময়! এইবাৰ দিল্লী পালেহি অমিক্ৰন

কৰ্ণাটকৰ পিছত এইবাৰ দেশৰ ৰাজধানী নতুন দিল্লী পালেহি কৰোনাৰ অতি সংক্ৰামক নতুন প্ৰকাৰ অমিক্ৰন। মহামাৰী অমিক্ৰনত আক্ৰান্ত হোৱাৰ সন্দেহত এইপৰ্যন্ত ১২জনক ভৰ্তি কৰোৱা হৈছে দিল্লীৰ লোক নায়ক জয় প্ৰকাশ নাৰায়ণ হাস্পতালত।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে ৮জন অমিক্ৰন সন্দেহযুক্ত ৰোগীক ভৰ্তি কৰোৱা হৈছিল এলএনজেপি চিকিৎসালয়ত। আজি চাৰিজন সন্দেহজনক লোকক ভৰ্তি কৰা হৈছে, যাৰ ভিতৰত দুজন কোভিড-19ত পজিটিভ, আনহাতে বাকী দুজন পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে। চাৰিজন সন্দেহযুক্ত ৰোগীৰ মাজৰ দুজন ব্ৰিটেইনৰ পৰা আহিছে, এজন ফ্ৰান্সৰ পৰা আৰু এজন আহিছে নেডাৰলেণ্ডৰ পৰা।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছিল যে কৰ্ণাটকত দুজনৰ দেহত ধৰা পৰিছে অতিমাৰী অমিক্ৰনৰ অৱস্থিতি। কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী ড০ কে সুধাকৰে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছিল যে দুজন ব্যক্তি কোভিড-19ৰ ওমাইক্ৰন প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হোৱা দেখা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...