অতিকৈ সাৱধান হোৱাৰ সময়! এইবাৰ দিল্লী পালেহি অমিক্ৰন

কৰ্ণাটকৰ পিছত এইবাৰ দেশৰ ৰাজধানী নতুন দিল্লী পালেহি কৰোনাৰ অতি সংক্ৰামক নতুন প্ৰকাৰ অমিক্ৰন। মহামাৰী অমিক্ৰনত আক্ৰান্ত হোৱাৰ সন্দেহত এইপৰ্যন্ত ১২জনক ভৰ্তি কৰোৱা হৈছে দিল্লীৰ লোক নায়ক জয় প্ৰকাশ নাৰায়ণ হাস্পতালত।

প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে ৮জন অমিক্ৰন সন্দেহযুক্ত ৰোগীক ভৰ্তি কৰোৱা হৈছিল এলএনজেপি চিকিৎসালয়ত। আজি চাৰিজন সন্দেহজনক লোকক ভৰ্তি কৰা হৈছে, যাৰ ভিতৰত দুজন কোভিড-19ত পজিটিভ, আনহাতে বাকী দুজন পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে। চাৰিজন সন্দেহযুক্ত ৰোগীৰ মাজৰ দুজন ব্ৰিটেইনৰ পৰা আহিছে, এজন ফ্ৰান্সৰ পৰা আৰু এজন আহিছে নেডাৰলেণ্ডৰ পৰা।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছিল যে কৰ্ণাটকত দুজনৰ দেহত ধৰা পৰিছে অতিমাৰী অমিক্ৰনৰ অৱস্থিতি। কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী ড০ কে সুধাকৰে সংবাদ মাধ্যমৰ আগত অৱগত কৰিছিল যে দুজন ব্যক্তি কোভিড-19ৰ ওমাইক্ৰন প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হোৱা দেখা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...