পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত কঁয়া কুঁজীয়া ইক’ পাৰ্ক

0 417

নৱবৰ্ষত পৰ্যটক-দৰ্শনাৰ্থীক আদৰিবলৈ প্ৰস্তুতি তুংগত

ক’ভিডসৃষ্ট পৰিৱেশৰ মাজেৰে মেলানি মাগিবলৈ সাজু ইংৰাজী ২০২১ বৰ্ষ। নতুন আশা, প্ৰত্যাশাৰে আৰম্ভ হ’ব আৰু এটা বছৰ। নৱবৰ্ষ ২০২২ক আদৰিবলৈ এতিয়া কেউদিশে ব্যাপক প্ৰস্তুতি। সমান্তৰালভাৱে সাজু হৈ উঠিছে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহো। বঙাইগাঁও চহৰৰ পৰা ১৫ কিলোমিটাৰ দূৰৈত অৰ্থাৎ দেৱদাৰু নগৰী অভয়াপুৰীস্থিত কঁয়া-কুঁজীয়া ইক’ পাৰ্কতো পৰ্যটকক আকৰ্ষণ কৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি। উল্লেখ্য যে, সৌন্দৰ্যৰ আকৰ কঁয়া-কুঁজীয়া এসময়ত আছিল হাবি জংঘলেৰে পৰিপূৰ্ণ এডৰা দ-পিতনি। ২০০৬ চনৰ চেপ্তেম্বৰ মাহত এনৰেগা আঁচনিৰ জৰিয়তে এই পিতনিডৰা পৰিস্কাৰ কৰি এক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ আগ-ভাগ লৈছিল উত্তৰ শালমাৰা মহকুমাৰ তদানীন্তন মহকুমাধিপতি হিতেশ দেৱশৰ্মাই। টাপাট্টাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া স্বৰ্গীয় বিষ্ণুজ্যোতি বৰুৱাৰ নিখুঁত পৰিপৰিকল্পনাৰে সৃষ্ট কঁয়া কুঁজীয়া ইক’ পাৰ্কে অতি কম সময়ৰ ভিতৰতে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। প্ৰয়াত মামণি ৰয়ছম গোস্বামী বাইদেউৱে কঁয়া কুঁজীয়ালৈ আহি আপ্লুত হৈ পৰিছিল। বাইদেউৰ উপৰিও ড° হোমেন বৰগোঁহাই, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সপৰিয়ালে অৱসৰ বিনোদনৰ বাবে কঁয়া কুঁজীয়ালৈ আহিছিল ৷

নীলৰঙী আকাশৰ তলত ৯টাকৈ টিলা অথবা দ্বীপেৰে গঠিত প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি কঁয়া কুঁজীয়া দেশ বিদেশৰ অগণন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সৌন্দৰ্য পিপাসু প্ৰতিগৰাকী লোককে কঁয়া কুঁজীয়াৰ অপৰূপ সৌন্দৰ্যই হাত বাউল দি মাতে। কেউদিশে কেৱল জলৰাশি আৰু ভেটফুলৰ গুলপীয়া ৰহণৰ মাজে মাজে ১৬টাতকৈ প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ কল কাকলিত মুখৰিত হৈ থাকে কঁয়া কুঁজীয়াৰ আকাশ-বতাহ। কঁয়া কুঁজীয়া দৈকলা, পানী কাউৰী, বৰকুকুহা, শৰালী হাঁহ, কণামুছৰী, বুলবুলি, দহিকতৰা, মাছৰোকা, বালিঘোঁৰা, কাম চৰাই, দলপুঙা, ঢেকৰ, এৰাখাতী, নল ঢেকৰ আৰু পানীডুবীৰ উপৰিও স্থানীয় কেবাটাও স্থানীয় প্ৰজাতিৰ চৰাইৰ অবাধ বিচৰণ স্থলী। কঁয়া কুজীয়া ইক’ পাৰ্কত আছে বছৰৰ সকলো সময়তেই পৰ্যটক দৰ্শনাৰ্থীৰ বাবে থাকে নৌকাবিহাৰৰ সুবিধা। ১০খন আকৰ্ষণীয় নাঁৱত ২০ গৰাকী নাঁৱৰীয়াই নৱবৰ্ষৰ সময়ছোৱাত দৰ্শনাৰ্থীসকলক প্ৰতিটো দ্বীপ পৰিদৰ্শন কৰি আহিছে।

উল্লেখ্য যে, কয়া কুঁজীয়া ইক’ পাৰ্কত ৩৬গৰাকী লোক বিভিন্ন কাম তদাৰক কৰাৰ বাবে নিয়োজিত হৈ আছে। কয়া কুঁজীয়াত এটি মনসা মন্দিৰৰ উপৰিও শিশু উদ্যান, ওখ স্তম্ভ, হেলিপেডৰ উপৰিও পৰ্যটকক আকৰ্ষণ কৰিব পৰা বহু সমলৰ সমাহাৰ ঘটিছে। উত্তৰ শালমাৰাৰ মহকুমাধিপতি কাৰ্যালয়ৰ দ্বাৰা পৰিচালিত কঁয়া কুঁজীয়া ইক’ পাৰ্ক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে কেইবাকোটি টকা বৰ্তমানলৈকে মোকলাই দিছে যদিও উন্নয়নৰ সৰহ সংখ্যক কাম দৰ্শনাৰ্থীৰ পৰা সংগৃহীত প্ৰৱেশ মাচুলৰ দ্বাৰাই কৰা বুলি জানিব পৰা গৈছে।

আনহাতে, ডিচেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰীলৈকে কঁয়া কুজীয়াত সমাগম হয় অগণন বনভোজ দলৰ। পৰিভ্ৰমী চৰাইবোৰ যাতে ভীতিগ্ৰস্ত নহয় সুৰামুক্ত বনভোজস্থলীত মাইক অথবা উচ্চ কম্পনাংকৰ শব্দ সৃষ্টিকাৰী সামগ্ৰীৰ ব্যৱহাৰতো বাধা আৰোপ কৰা হৈছে। প্ৰকৃতিৰ ভূ-স্বৰ্গলৈ ৰূপান্তৰিত হোৱা কঁয়া কুঁজীয়া ইক’ পাৰ্কৰ জৰিয়তে দাঁতি কাষৰীয়া কেইবাটাও পৰিয়ালে উপাৰ্জনৰ পথ মোকলাবলৈও সক্ষম হৈছে। এক কথাত ক’বলৈ গ’লে আৰ্থসামাজিক দিশত পাৰ্কখনে বাট দেখুৱাইছে বহু পৰিয়ালক। ইয়াৰ মাজতো কঁয়া কুঁজীয়াত স্থাপন কৰা কেবাটাও বৃহৎ প্ৰকল্পৰ ফলাফল শূণ্য৷ ইয়াৰ ভিতৰত মাছৰ পোনা উৎপাদন কেন্দ্ৰটো অন্যতম। আনহাতে, বিলৰ মাছক কেন্দ্ৰ কৰি একাংশ লেছী আৰু পাৰ্ক পৰিচালন সমিতিৰ মাজত বাদ বিবাদেও কিছু পৰিমাণে গৰিমা ম্লান কৰি পেলাইছে কঁয়া কুঁজীয়াৰ। এইখিনি বাদ দিলে নামনি অসমৰ ভিতৰতই অন্যতম পৰ্যটনক্ষেত্ৰ হিচাবে পৰিগণিত হোৱা কঁয়া কুঁজীয়াত আছে প্ৰকৃতিৰ মনোমোহা আকৰ। পৰিয়ালসহ অৱসৰ বিনোদনৰ বাবে শ্ৰেষ্ঠ স্থানসমূহৰ ভিতৰত অন্যতম কঁয়া কুঁজীয়াক ৰাজ্য চৰকাৰে বিচাৰিলে আৰু অধিক উন্নয়ন আৰু আকৰ্ষণীয় কৰিব পৰা যাব।

Leave A Reply

Your email address will not be published.