২০২৩ চনৰ পৰা ৰাজ্যত নতুন শিক্ষা ব্যৱস্থা

বঙাইগাঁৱত আজি অনুষ্ঠিত কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত শিক্ষা ব্যৱস্থাৰ প্ৰচলন হ’ব বুলি কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। ৫+৩+৩+৪ আৰ্হিত হ’ব শিক্ষা ব্যৱস্থা। আৰম্ভণিতে হ’ব বুনিয়াদী শিক্ষা ব্যৱস্থা। বৰ্তমানৰ মধ্য ইংৰাজী বিদ্যালয় হ’ব মধ্যম বৰ্গ। নৱম, দশম, একাদশ আৰু দ্বাদশ মিলি হ’ব হাইস্কুল। বিদ্যালয়ৰ ১৫টা শিক্ষা বৰ্ষ অতিক্ৰম কৰাৰ পিছত শিক্ষাৰ্থীয়ে দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰিব পাৰিব। ২০২৩ চনৰ পৰা আৰম্ভ হ’ব এই নতুন ব্যৱস্থা। আজিৰে পৰা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত পাঠ্যক্ৰম চলাই নিয়াৰ পদক্ষেপ গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...