পঞ্জাবত ফেচবুক লাইভ চলি থকাৰ মাজতে গুলীয়াই হত্যা ড্ৰাগছবিৰোধী অভিযানৰ কৰ্মীক; ড্ৰাগছবিৰোধী অভিযানৰ কৰ্মী পাৰবিন্দৰ সিং ঝোটাক গুলীয়াই হত্যা

পঞ্জাৱৰ মানছাত নিচাযুক্ত ঔষধৰ অবৈধ বিক্ৰীৰ বিৰুদ্ধে সৰৱ হৈ অহা এগৰাকী কৰ্মীক গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। নিচাযুক্ত ঔষধ বিক্ৰী কৰাৰ অভিযোগত এখন ঔষধৰ দোকানৰ মালিকক প্ৰশ্ন কৰাৰ সময়তে দোকানখনৰ মালিকে পাৰবিন্দৰ সিং ঝোটাক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা অভিযুক্ত দোকানৰ মালিক পলাতক অৱস্থাত আছে।

পাৰবিন্দৰ সিং ঝোটা দীৰ্ঘদিন ধৰি পঞ্জাৱৰ মানছা আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত নিচাযুক্ত ঔষধৰ অপব্যৱহাৰ তথা একাংশ ঔষধৰ দোকানত নিচাযুক্ত সামগ্ৰীৰ অবৈধ বিক্ৰীৰ বিৰুদ্ধে সৰৱ হৈ আহিছিল। ঔষধৰ দোকানত চলা এনে কাৰ্যকলাপৰ বিৰুদ্ধে অভিযানসদৃশ কাৰ্যসূচী চলাই তেওঁ সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছিল।

ঘটনাৰ সময়ত পাৰবিন্দৰ সিং ঝোটাই নিজৰ ফেচবুক একাউণ্টত লাইভ কৰি আছিল। প্ৰায় পাঁচ মিনিটৰ এই ভিডিঅ’টোত তেওঁ এজন বৃদ্ধ লোকৰ সৈতে ঔষধৰ দোকানখনৰ সন্মুখত থিয় হৈ দোকানৰ মালিকক নিচাযুক্ত ঔষধ বিক্ৰী কৰাৰ অভিযোগত প্ৰশ্ন কৰা দেখা গৈছিল।

ভিডিঅ’টোত বৃদ্ধ লোকজনে দোকানখনৰ পৰা নিচাযুক্ত ঔষধ ক্ৰয় কৰা বুলি ঝোটাই দাবী কৰা দেখা যায়। ইয়াৰ পিছতে ঝোটা আৰু দোকানৰ মালিকৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। সেই সময়ত দোকানৰ মালিকজনৰ হাতত এটা পিষ্টল থকা দেখা গৈছিল।

বাক-বিতণ্ডাৰ মাজতে ঝোটাই দোকানৰ মালিকক উদ্দেশ্যি, “মাৰ মোক, মাৰ মোক” বুলি কোৱা শুনা যায়। লগতে তেওঁৰ হাতত পিষ্টল কিয় আছে বুলিও প্ৰশ্ন কৰে। আনহাতে, নিজৰ সহযোগীসকলক আৰক্ষীক খবৰ দিবলৈ আৰু ৰাইজক জনাবলৈও তেওঁ নিৰ্দেশ দিয়া শুনা যায়।

ভিডিঅ’টোত ঝোটাই দোকানৰ মালিকক দোকানখনৰ চিচিটিভি কেমেৰাৰ ফুটেজ দেখুৱাবলৈও দাবী জনোৱা দেখা যায়। ইয়াৰ প্ৰত্যুত্তৰত দোকানৰ মালিকজনে বৃদ্ধ লোকজনক তেওঁৰ পৰা নিচাযুক্ত ঔষধ ক্ৰয় কৰিছিল নেকি বুলি সোধে। তেতিয়া ঝোটাই কয় যে তেওঁলোকৰ হাতত ইয়াৰ ৰেকৰ্ডিং আছে।

প্ৰায় চাৰি মিনিট ধৰি চলা বাক-বিতণ্ডাৰ অন্তত দোকানৰ মালিকজনে গুলীচালনা কৰে বুলি জানিব পৰা গৈছে। গুলীচালনাত ঝোটাৰ মৃত্যু হয়। ইয়াৰ পিছতে তেওঁৰ ম’বাইল ফোনটো মাটিত পৰি যোৱাত ফেচবুকৰ লাইভ সম্প্ৰচাৰ বন্ধ হৈ পৰে।

পাৰবিন্দৰ সিং ঝোটাই কেইবাবছৰ ধৰি মানছা আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ঔষধৰ দোকানত নিচাযুক্ত সামগ্ৰীৰ অবৈধ বিক্ৰীৰ বিৰুদ্ধে মাত মাতি আহিছিল। ফেচবুকত তেওঁৰ ২৪ হাজাৰৰো অধিক অনুগামী আছিল। বিভিন্ন দোকানত গৈ অবৈধভাৱে নিচাযুক্ত ঔষধ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি কৰা তেওঁৰ ভিডিঅ’সমূহ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈছিল।

২০২৩ চনতো এখন ঔষধৰ দোকানৰ মালিকৰ সৈতে হোৱা বিবাদক কেন্দ্ৰ কৰি তেওঁ চৰ্চালৈ আহিছিল। সেই বছৰৰ ১২ জুলাইত ঝোটা আৰু তেওঁৰ সহযোগীসকলৰ সৈতে এজন দোকানীৰ সংঘাতৰ সৃষ্টি হোৱা বুলি প্ৰকাশ পাইছিল। সেই ঘটনাৰ পিছত আৰক্ষীয়ে ঝোটা আৰু তেওঁৰ কেইবাজনো সহযোগীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। মাৰপিট, অনধিকাৰ প্ৰৱেশ আৰু সংঘবদ্ধ হিংসাত্মক কাৰ্যকলাপৰ অভিযোগত ২০২৩ চনৰ জুলাই মাহত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰায় দুমাহ পিছত তেওঁ মুকলি আকাশৰ তললৈ আহিছিল।

দিনৰ পোহৰতে সংঘটিত এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি পঞ্জাৱৰ ৰাজনীতিতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰতীয় জনতা পাৰ্টি (বিজেপি), কংগ্ৰেছ আৰু শিৰোমণি আকালি দলৰ নেতাসকলে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি আৰু আম আদমি পাৰ্টি (আপ) চৰকাৰৰ নিচাবিৰোধী অভিযানক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

বিজেপিৰ নেতা সুনীল জাখৰে এই হত্যাকাণ্ডই পঞ্জাৱ চৰকাৰৰ নিচাবিৰোধী অভিযানৰ প্ৰকৃত স্বৰূপ উদঙাই দিয়া বুলি মন্তব্য কৰে। সামাজিক মাধ্যম ‘এক্স’ত তেওঁ ঔষধৰ দোকানত নিচাযুক্ত ঔষধৰ অবৈধ বিক্ৰী বন্ধ কৰাটো ঔষধ পৰিদৰ্শকসকলৰ দায়িত্ব নহয় নেকি বুলিও প্ৰশ্ন তোলে।

আনহাতে, পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অমৰিন্দৰ সিং ৰাজা ৱাৰিঙে এই হত্যাকাণ্ডক ৰাজ্যখনৰ বিফল আইন-শৃংখলা ব্যৱস্থা আৰু আপ চৰকাৰৰ ‘যুদ্ধ নশ্বিয়ান বিৰুধ’ (নিচাৰ বিৰুদ্ধে যুদ্ধ) অভিযানৰ ব্যৰ্থতাৰ পৰিণাম বুলি অভিহিত কৰে। তেওঁৰ মতে, পাৰবিন্দৰ সিং ঝোটাই পঞ্জাৱৰ নিচাৰ সমস্যাৰ বিৰুদ্ধে মাত মাতিছিল যদিও আপ চৰকাৰে তেওঁৰ পদক্ষেপসমূহক সমৰ্থন কৰা নাছিল।

শিৰোমণি আকালি দলৰ নেতা বিক্ৰম সিং মাজিথিয়ায়ো নিচাবিৰোধী অভিযানক লৈ ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰক প্ৰশ্ন কৰে। ৰাজ্যখনত ঔষধৰ জৰিয়তে নিচা সেৱনৰ সমস্যা বৃদ্ধি পোৱাৰ কথা আৰক্ষীৰ শীৰ্ষ বিষয়াই স্বীকাৰ কৰা বুলি উল্লেখ কৰি তেওঁ চৰকাৰে এই সমস্যা নিয়ন্ত্ৰণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে, লগতে অবৈধভাৱে সৰবৰাহ কৰা নিচাযুক্ত ঔষধৰ কিমান পৰিমাণ জব্দ কৰা হৈছে, সেই বিষয়ে প্ৰশ্ন কৰে।

তেওঁ ঔষধ পৰিদৰ্শকসকলৰ দায়বদ্ধতাক লৈও প্ৰশ্ন উত্থাপন কৰি নিচাযুক্ত ঔষধৰ অবৈধ বিক্ৰী ৰোধ কৰাটো তেওঁলোকৰ দায়িত্ব নহয় নেকি বুলি মন্তব্য কৰে।

এই বাতৰি প্ৰকাশৰ সময়লৈকে আপৰ নেতাসকলৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাছিল।

আগন্তুক নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে সংঘটিত এই হত্যাকাণ্ডই পঞ্জাৱত নিচাযুক্ত দ্ৰব্যৰ সমস্যা, ঔষধৰ দোকানত নিচাযুক্ত সামগ্ৰীৰ অবৈধ বিক্ৰী আৰু ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক পুনৰবাৰ চৰ্চাৰ কেন্দ্ৰলৈ আনিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যোৰহাটত উদ্ধাৰ মিছাইলসদৃশ বিস্ফোৰক সামগ্ৰী, অঞ্চলজুৰি আতংকিত পৰিৱেশ

যোৰহাটত মিছাইলসদৃশ সামগ্ৰী উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য। যোৰহাটৰ কৱৰস্থান...

জন্তৰ-মন্তৰৰ গে’ট জঁপিয়াই প্ৰতিবাদ CJPৰ সৌৰভ দাস, আশুতোষ ৰাংকাৰ; আটক দিল্লী আৰক্ষীৰ

কেন্দ্ৰীয় চৰকাৰে জন্তৰ-মন্তৰক প্ৰতিবাদস্থলীৰ স্বীকৃতি প্ৰত্যাহাৰ কৰাৰ এদিন পাছতে...