কলং কপিলী সমবায় সমিতি লিমিটেডলৈ শ্ৰেষ্ঠ মীন সমবায় সমিতিৰ বঁটা

ৰাষ্ট্ৰীয় মীন উন্নয়ন ব’ৰ্ডে কামৰূপ মহানগৰ জিলাৰ কলং কপিলী সমবায় সমিতি লিমিটেডলৈ আগবঢ়াইছে শ্ৰেষ্ঠ মীন সমবায় সমিতিৰ বঁটা। হাইদৰাবাদস্থিত মীন উন্নয়ন ব’ৰ্ডে অসমৰ মীন পালক অনুপ কুমাৰ শৰ্মালৈ পাহাৰীয়া আৰু উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ মীন পালকৰ বঁটা প্ৰদান কৰিছে। এই বঁটাৰ লগত আছে মানপত্ৰ, শ্বল, স্মাৰক আৰু ২ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ।

ইফালে, পাহাৰীয়া আৰু উত্তৰ-পূৱৰ জিলাসমূহৰ ভিতৰত অসমৰ বঙাইগাঁও জিলাক শ্ৰেষ্ঠ জিলাৰ বঁটা প্ৰদান কৰা হৈছে। এই বঁটাৰ লগত আছে মানপত্ৰ, এখন শ্বল, স্মাৰক আৰু ৩ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ। ৰাষ্ট্ৰীয় মীন উন্নয়ন বৰ্ডে এই পুৰস্কাৰসমূহ মীন দিৱসৰ লগত সংগতি ৰাখি উৰিষ্যাৰ ভুৱনেশ্বৰস্থিত উৰিষ্যা সচিবালয়ৰ সমাৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

289 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...