সংসদত কৃষি আইন বাতিল হোৱাৰ পিছতহে কৃষক সকল ঘৰলৈ উভতি যাব : ৰাকেশ টিকাইট

তিনি কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণাক আৰম্ভণি বুলি অভিহিত কৰি ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) নেতা ৰাকেশ টিকাইটে কয় যে, সংসদত আইন তিনিখন বাতিল হোৱাৰ পিছতহে প্ৰতিবাদকাৰী কৃষকসকল তেওঁলোকৰ ঘৰলৈ উভতি যাব।

টিকাইটে কয় যে, একাধিক বিষয় অমীমাংসিত হৈ আছে, যাৰ ভিতৰত আছে নিম্নতম সমৰ্থন মূল্য বৈধ কৰণ, যাক প্ৰধানমন্ত্ৰীয়ে সমাধান কৰা নাই। কৃষকসকলে এনে ঘোষণাক সংসদৰ দ্বাৰা যথাযথভাৱে গৃহীত নোহোৱালৈকে বিশ্বাস নকৰে।

তেওঁ কৈছিল যে, ৬০০ৰো অধিক কৃষকে আন্দোলনটো শক্তিশালী ৰূপত আগুৱাই নিয়াৰ বাবে ত্যাগ কৰিছে আৰু যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আমি তেওঁলোকৰ ত্যাগক সন্মান জনাব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...