অৰুণাচলত চীনৰ আগ্ৰাসন; ছেটেলাইটৰ ছবিয়ে স্পষ্টভাৱে দেখুৱালে নতুন গাঁও

উত্তৰ সোৱণশিৰিৰ পিছত এইবাৰ শি ইয়োমি জিলা। চীনা সেনাৰ বিৰুদ্ধে পুনৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰা আৰু প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (LAC) উলংঘা কৰি এখন গাঁও নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সম্প্ৰচাৰিত এক প্ৰতিবেদন অনুসৰি, চীনা সেনাই অৰুণাচলৰ শি ইয়োমি জিলাত প্ৰায় ছয় কিলোমিটাৰ আগুৱাই আহি LACত প্ৰৱেশ কৰিছে আৰু এখন গাঁও নিৰ্মাণ কৰিছে। ছেটেলাইটত বন্দী হোৱা এখন বিশেষ ফটোৱে পোহৰলৈ আনিছে এই খবৰ।

প্ৰতিবেদন অনুসৰি, ফটোখন ২০২১ চনৰ ছেপ্টেম্বৰত তোলা হৈছিল। আৰু আন এখন ফটো ২০১৯ৰ মাৰ্চত লোৱা হৈছিল। ২০১৯ত লোৱা ফটোখনত সেই বিশেষ অঞ্চলটোত জনবসতিৰ কোনো চিন নাই। কিন্তু দুমাহ আগতে তোলা ছবিবোৰত ঘৰৰ শাৰী দেখুওৱা হৈছে।

অৱশ্যে, অৰুণাচল চৰকাৰ বা ভাৰতীয় সেনাই এতিয়ালৈকে চীনা সেনাৰ ভূমি বেদখলৰ অভিযোগ স্বীকাৰ কৰা নাই। সেনাই বিষয়টো গুৰুত্ব সহকাৰে লৈ এই সন্দৰ্ভত নজৰ দিয়া হ’ব বুলি প্ৰকাশ কৰিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ বাৰ্ষিক প্ৰতিবেদনত শেহতীয়াকৈ ভাৰতীয় ভূখণ্ড বেদখলৰ অভিযোগ স্বীকাৰ কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে অৰুণাচল সীমান্তৰ কাষৰীয়া অঞ্চলত চীনা গাঁও নিৰ্মাণৰ অভিযোগ নিশ্চিত কৰিছিল কিন্তু সেনাই চীনৰ দখল খাৰিজ কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...

‘বন্দে মাতৰম’ গোৱাত বাধা দিলে হ’ব শাস্তি: বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি

‘বন্দে মাতৰম’ গোৱাত ইচ্ছাকৃতভাৱে বাধা প্ৰদান কৰা বা গীত...

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...