কাইলৈ ৫ শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ, অসমৰ ক’ত ক’ত হ’ব দৃশ্যমান?

কাইলৈ অৰ্থাৎ শুকুৰবাৰে আংশিক চন্দ্ৰগ্ৰহণ, কেইঘণ্টামানৰ বাবে হ্ৰাস পাব চন্দ্ৰৰ উজ্জ্বলতা। ভাৰতকে ধৰি আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া তথা বিশ্বৰ ভিন্ন প্ৰান্তত দেখা পোৱা যাব বিৰল মহাজাগতিক পৰিঘটনা। ৩ঘণ্টা ২৮মিনিট ২৯ ছেকেণ্ডৰ হ’ব চন্দ্ৰগ্ৰহণ।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পূব প্ৰান্তত দেখা যাব চন্দ্ৰগ্ৰহণ। এই চন্দ্ৰগ্ৰহণ হ’ব দিনৰ ১২. ৪৮ৰ পৰা বিয়লি ৪.১৭বজালৈকে। অসমৰ শদিয়া, ৰয়িং আদিত চন্দ্ৰগ্ৰহণ দেখিবলৈ পাব চন্দ্ৰগ্ৰহণ। অৱশ্যে এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা নাযাব ভাৰতৰ আন ৰাজ্যসমূহত।

বিয়লি ৪:১৭ বজাৰ পৰা ৫:৩৬ বজালৈ উজ্জ্বলতা সামান্য হ্ৰাস পাব আৰু সেয়া সকলোৱে দেখা পাব নিজ নিজ ঘৰৰ পৰা।

বিয়লি ৫-৬ বজালৈ বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে তাৰকা গৃহত শনি গ্ৰহৰ আঙঠি, বৃহস্পতি আদি চাব পাৰিব, বিনামূলীয়াকৈ ৰাইজক দেখুৱা হ’ব সপ্তাহৰ প্ৰতিদিনে। ১৯ নৱেম্বৰৰ পৰা ২ডিচেম্বৰলৈহে থাকিব এই সুবিধা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ বাহন হ্ৰাস

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ বাহন হ্ৰাস।কনভয়ত ৫০% বাহন হ্ৰাস...

পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞাৰ স্বাস্থ্য

উন্নত পৰ্যবেক্ষণৰ বাবে অৱশ্যে এতিয়াও অজিত কুমাৰ ভূঞাক ৰখা...

অৱশেষত আস্থা ভোটত জয়ী হ’ল তামিলনাডুৰ থালাপতি বিজয়ৰ চৰকাৰ

যোৱা ১০ মে’ত ৰাজ্যখনত TVKই চৰকাৰ গঠন কৰাৰ পাছত...

চন্দ্ৰমোহন পাটোৱাৰীক বিধানসভাৰ প্ৰ’টেম অধ্যক্ষৰূপে নিযুক্তি

২১ মে’ৰ পৰা আৰম্ভ হ’ব ষষ্ঠদশ বিধানসভাৰ ১মখন অধিৱেশন।প্ৰথমখন...