অসমলৈ প্ৰথমবাৰৰ বাবে ‘প্লেন্ট জিনম চেভিয়ৰ কমিউনিটি এৱাৰ্ড’

থলুৱা বীজৰ সংৰক্ষণৰ বাবে দুটাকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ

অসম কৃষি বিশ্ববিদ্যালয়ৰ নেতৃত্বত উত্তৰ পূবাঞ্চলৰ কাৰ্বি আৰু ডিমাচা জনগোষ্ঠীয় লোকে প্ৰথমবাৰৰ বাবে থলুৱা বীজ সংৰক্ষণৰ তথা কৃষি উৎপাদন আৰু কৃষি বাণিজ্যৰ দিশত আগবঢ়াই অহা অৱদানৰ বাবে দুটাকৈ সৰ্বভাৰতীয় পুৰস্কাৰ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। কাৰ্বি আংলঙৰ ধনচুৰি এগ্ৰিল ফাৰ্মাৰ ক: অপাৰেটিভ চচাইটিয়ে সামুহিক শাখাত ‘প্লেন্ট জিনম চেভিয়ৰ কমিউনিটি এৱাৰ্ড’ আৰু ব্যক্তিগত শাখাত ডিমাচা জনগোষ্ঠীৰ বলোৰাম চাৰংচাই প্লেন্ট জিনম চেভিয়ৰ ফাৰ্মাৰ ৰিকগনিশ্যন এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অন্তৰ্গত প্ৰটেকশ্যন অৱ প্লেন্ট ভেৰাইটিজ এণ্ড ফাৰ্মাৰ ৰাইট অথৰিটীয়ে প্ৰতি বছৰে পৰম্পৰাগত কৃষিজাত উদ্ভিদৰ সংৰক্ষণৰ দিশত আগবঢ়োৱা এই সন্মান ২০২০-২১ বৰ্ষৰ বাবে আগবঢ়াইছে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই এক সংবাদ মেলৰ জৰিয়তে কয় যে প্ৰথমবাৰৰ বাবে আমাৰ এটা থলুৱা জনগোষ্ঠীয়ে সৰ্বভাৰতীয় পৰ্যায়ত লাভ কৰা এই পুৰস্কাৰে আমাক গৌৰাম্বিত কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি গৱেষণা সঞ্চালকালয়ৰ জৰিয়তে আবেদন কৰি সফলতা। ২০১৬ চনত গঠিত কাৰ্বি আংলঙৰ ধনচুৰি এগ্ৰিল ফাৰ্মাৰ ক: অপাৰেটিভ চচাইটিয়ে জিলাখনত কৃষি উৎপাদন আৰু কৃষি বাণিজ্যৰ দিশত উল্লেখনীয় অৱদান আগবঢ়াইছে। কাৰ্বি আংলং জিলাৰ শিলফুটা নগৰজান বকলিয়াৰ যুৱকৃষক বলোৰাম চাৰংচাই থলুৱা জাতৰ ৭ বিধ জলকীয়া সংৰক্ষণৰ বাবে এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। থলুৱা তিলৰ ভেৰাইটিৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ে উচ্চ উৎপাদনক্ষম দুটাকৈ নতুন জাত উদ্ভাৱন কৰাই নহয় এইসকলে সংৰক্ষণ কৰা জলকীয়াৰ পৰা নতুন দুটা জাত উদ্ভাৱন কৰিবলৈ সক্ষম হৈছো। নতুন দিল্লীৰ নাচ কমপ্লেক্সত ১১ নবেম্বৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ধনচুৰি এগ্ৰিল ফাৰ্মাৰ ক: অপাৰেটিভ চচাইটিক সামুহিক শাখাত ১০ লাখ টকা আৰু ২ খন প্ৰশস্তি পত্ৰৰ সৈতে প্লেন্ট জিনম চেভিয়ৰ কমিউনিটি এৱাৰ্ড আৰু ব্যক্তিগত শাখাত ডিমাচা জনগোষ্ঠীৰ বলোৰাম চাৰংচাইক ১ লাখ টকা আৰু প্ৰশস্তি পত্ৰৰ সৈতে প্লেন্ট জিনম চেভিয়ৰ ফাৰ্মাৰ ৰিকগনিশ্যন এৱাৰ্ড প্ৰদান কৰা হয়। বঁটাটি প্ৰদান কৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...