নিয়তিৰ ওচৰত হাৰ মানিলে ৰিতুমণিয়ে

দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰিতুমণি হাজৰিকাই অৱশেষত হাৰ মানিলে নিয়তিৰ ওচৰত। শিৱসাগৰৰ হাঁহচৰাৰ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধা সম্পন্ন যুৱতী ৰিতুমণি বিগত চাৰিমাহ অচিন জটিল ৰোগত আক্ৰান্ত হৈ আছিল। বোকানগৰ মৈৰামৰা সন্দিকৈ গাঁৱৰ লখিমী হাজৰিকা আৰু পিতৃ ৰঞ্জিত হাজৰিকাৰ একমাত্ৰ কন্যা সন্তান ৰিতুমণি হাজৰিকা।

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ৰিতুমণিৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিছিল যদিও নিয়তিৰ ওচৰত হাৰ মানিলে ৰিতুমণিয়ে। সাংসদ জনৰ পৃষ্ঠপোষকতাতে মেধাৱী ছাত্ৰী গৰাকীক ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হ’মত ভৰ্তি কৰোৱা হৈছিল চিকিৎসা আৰম্ভ কৰা হৈছিল। নাৰ্ছিং হ’মখনৰ চিকিৎসক-নাৰ্ছৰ চেষ্টাত ৰিতুমণি লাহে লাহে সুস্থ হৈ উঠিছিল। পুনৰ উন্নত চিকিৎসাৰ বাবে চেন্নাইস্থিত এপল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৰিতুমণিক। চেন্নাইৰ পৰা সুস্থ হৈ ঘৰলৈ উভতি আহিল ৰিতুমণি।

কিছুদিন ঘৰত থকাৰ পাছতে এটা ইনজেকচন ল’বৰ বাবে ৰিতুমণিক পুনৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হ’মত দুদিন পূৰ্বে ভৰ্তি কৰোৱা হ’ল। কিন্তু কালি নিশাৰে পৰা ৰিতুমণিৰ অত্যাধিক বমি হৈছিল, পুনৰ দুৰ্বল হৈ পৰিছিল ৰিতুমণি। আৰু আজি নিয়তিৰ ওচৰত হাৰ মানি চিৰদিনৰ বাবে বিদায় ল’লে প্ৰচুৰ সম্ভাৱনাপূর্ণ মেধাৱী ছাত্ৰী গৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...