পুনৰ চৰ্চাত য়োহানী দি চিলভা

0 162

‘মানিকে মাগে হিতে’ৰ পিছত এইবাৰ জনপ্রিয় হিন্দী গীত গাই ভাইৰেল শ্রীলংকান গায়িকা ‘য়োহানী’। ইন্টাৰনেটৰ পৃথিৱীত প্রশংসাৰ বৰষুণ য়োহানী দি চিলভালৈ।

ছ’চিয়েল মিডিয়াত এতিয়া ট্রেন্ডিঙৰ পিছত ট্রেন্ডিং গীত। য’ত এটাৰ পিছত আনটো চুপাৰহিট গীত সকলোৰে মুখে-মুখে। যাৰ মাজত স্থান পাইছে ‘পৰম সুন্দৰী’, ‘পানী পানী’, ‘Zalima Coco cola pila do’ ইত্যাদি বলিউদৰ গীতবোৰ । কিন্তু এই জনপ্ৰিয় গীতবোৰকো চেৰ পেলাইছে এটি গীতে। এই গীতটো হিন্দী বা কোনো ইংৰাজী গীতো নহয়। আৰু আমাৰ কোনো পৰিচিত ভাষাৰো নহয়। বুজি পাইছেই চাগে সিংহলী ভাষাৰ ‘Manike Mage hithe’ গীতটোৱেই আজি আমাৰ আলোচ্য বিষয়। এই গীতটি ইউটিউবত উপলব্ধ হোৱাৰ পিছতেই গায়িকা গৰাকী অতি কম সময়তেই জনপ্ৰিয় হৈ পৰে। গায়িকা গৰাকীৰ ঠিকনা তথা জন্ম বৃত্তান্ত এতিয়া সকলোৰে হাতে-হাতে।

এই গায়িকাগৰাকীৰ বহু অপ্ৰকাশিত ফটোও সম্প্ৰতি ভাইৰেল হৈ পৰিছে। এই গীতটি যদিও দ্বৈত কন্ঠত আছিল ইয়াৰে অকল মহিলা কন্ঠত গোৱাখিনিহে সকলোৰে মুখে-মুখে। আৰু এই মহিলা শিল্পীৰ কণ্ঠক সন্মুখত ৰাখিয়েই একাধিক ভাষাত বাণীবদ্ধ গীত সমূহ উপলব্ধ হৈছে ছ’চিয়েল মিডিয়াত। য’ত স্থান পাইছে বাংলা লোক সংগীত, হিন্দী ৰেপ আৰু তামিল ৰেপও। মুঠৰ ওপৰত যিয়ে যেনেদৰেই গীতটো পৰিবেশন নকৰক কিয় গায়িকাগৰাকীৰ আকৰ্ষনীয় গায়নশৈলীত সকলো মুগ্ধ। যদিও আমাৰ বাবে এই গীতটোৰ ভাষা বুজাটো সম্ভৱ নহয়, কিন্তু তাত গীতটোৰ সুৰতেই মুগ্ধ শ্রোতা। ইমান দিনে সকলোৱে নিশ্চয় জানিছেই গীতটোৰ গায়িকা এগৰাকী শ্রীলঙ্কাৰ জনপ্রিয় গায়িকা। যাৰ নাম য়োহানী ডি চিলভা (Yohani De Silva)। যাৰ কণ্ঠত ‘মানিকে মাগে হিথে’ (Manike Mage Hithe) গীতটোৱে খলকনিৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত। ইউটিউবত এই গীতটোৰ জনপ্রিয়তা ১৫০ মিলিয়ন ভিউজ অতিক্রম কৰিছে। শ্রীলংকাৰ এইগৰাকী জনপ্রিয় গায়িকাই কিন্তু ইউটিউবৰ জৰিয়তেই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। য়োহানী অকল গায়িকাই নহয়, একেধাৰে গীতিকাৰ আৰু সংগীতকাৰো। য়োহানীৰ পিতৃ-মাতৃ দুয়ো প্রতিষ্ঠিত ব্যক্তি। বিদেশলৈ গৈ য়োহানীয়ে লজিস্টিক লৈ পঢ়া-শুনা কৰি আহিছে।

কিন্তু যিয়ে নহওঁক কিয়, গীতৰ মায়া কোনে এৰিব পাৰে? য়োহানী ডি চিলভাই ‘মানিকে মাগে হিথে’ গীতটোৰে ইন্টাৰনেটৰ পৃথিৱীত তোলপাৰ লগালেও গীতটোৰ অধিকাংশ শ্ৰোতা দৰ্শক পিছে ভাৰতীয়হে আছিল। ৫ বছৰ পূৰ্বেই য়োহানীয়ে Pehla Nasha গীতটো সিংহলী ভাষাত পৰিৱেশন কৰি ইউটিউবত দিছিল। তিনিমাহ পূৰ্বে য়োহানীয়ে এটি হিন্দী গীত মুকলি কৰিছে। জনপ্ৰিয় বোলছৱি ‘Om Shanti Om’ ৰ ‘Main agar Kahoon’ গীতটি, নিজেই কী-বোৰ্ড বজাই পৰিৱেশন কৰিছে। গীতটো শুনিলেই বুজিব পাৰি যে হিন্দী ভাষা সুন্দৰকৈ আয়ত্ব কৰিছে য়োহানীয়ে। গীতটি পুৰণি হ’লেও য়োহানীৰ যাদুকৰী কন্ঠত যথেষ্ট ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। শেহতীয়াকৈ “Shiddat” নামৰ বোলছবিখনৰ শীৰ্ষগীতটোত কণ্ঠ নিগৰাইছে য়োহানী ডি চিলভাই।

Leave A Reply

Your email address will not be published.