নিয়তিৰ ওচৰত হাৰ মানিলে ৰিতুমণিয়ে

দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰিতুমণি হাজৰিকাই অৱশেষত হাৰ মানিলে নিয়তিৰ ওচৰত। শিৱসাগৰৰ হাঁহচৰাৰ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধা সম্পন্ন যুৱতী ৰিতুমণি বিগত চাৰিমাহ অচিন জটিল ৰোগত আক্ৰান্ত হৈ আছিল। বোকানগৰ মৈৰামৰা সন্দিকৈ গাঁৱৰ লখিমী হাজৰিকা আৰু পিতৃ ৰঞ্জিত হাজৰিকাৰ একমাত্ৰ কন্যা সন্তান ৰিতুমণি হাজৰিকা।

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ৰিতুমণিৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰিছিল যদিও নিয়তিৰ ওচৰত হাৰ মানিলে ৰিতুমণিয়ে। সাংসদ জনৰ পৃষ্ঠপোষকতাতে মেধাৱী ছাত্ৰী গৰাকীক ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হ’মত ভৰ্তি কৰোৱা হৈছিল চিকিৎসা আৰম্ভ কৰা হৈছিল। নাৰ্ছিং হ’মখনৰ চিকিৎসক-নাৰ্ছৰ চেষ্টাত ৰিতুমণি লাহে লাহে সুস্থ হৈ উঠিছিল। পুনৰ উন্নত চিকিৎসাৰ বাবে চেন্নাইস্থিত এপল’ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৰিতুমণিক। চেন্নাইৰ পৰা সুস্থ হৈ ঘৰলৈ উভতি আহিল ৰিতুমণি।

কিছুদিন ঘৰত থকাৰ পাছতে এটা ইনজেকচন ল’বৰ বাবে ৰিতুমণিক পুনৰ ব্ৰহ্মপুত্ৰ নাৰ্ছিং হ’মত দুদিন পূৰ্বে ভৰ্তি কৰোৱা হ’ল। কিন্তু কালি নিশাৰে পৰা ৰিতুমণিৰ অত্যাধিক বমি হৈছিল, পুনৰ দুৰ্বল হৈ পৰিছিল ৰিতুমণি। আৰু আজি নিয়তিৰ ওচৰত হাৰ মানি চিৰদিনৰ বাবে বিদায় ল’লে প্ৰচুৰ সম্ভাৱনাপূর্ণ মেধাৱী ছাত্ৰী গৰাকীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৌত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিমৌৰ জামুকতলত এজন যুৱকৰ মৃতদেহ তেওঁৰ গাড়ীৰ ভিতৰতে উদ্ধাৰ...

বিধানসভাত নাৰী সমাজৰ বাবে দুটাকৈ ঐতিহাসিক সিদ্ধান্ত

মুন গোস্বামী আজি অন্ত পৰিল ষষ্ঠদশ অসম বিধানসভাৰ ৫ দিনীয়া...

উত্তৰ-পূৰ্বাঞ্চলত আত্মপ্ৰকাশ কাৰ্তিকেয় বাজপেয়ীৰ বহুল চৰ্চিত উপন্যাস ‘দ্য আনবিকামিং’

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰকাশ পালে বিশিষ্ট লেখক, অধিবক্তা...

গুৱাহাটীৰ ৰাজপথত এটা সম্ভাৱনাৰ অপমৃত্যু

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পুনৰ অপমৃত্যু ঘটিল এটা সম্ভাৱনাৰ। বিধানসভাৰ...