গোৱালপাৰাৰ মাকৰিত চতুৰ্থ ৰাভা-হাছং সাংস্কৃতিক সমাৰোহ

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে আজি জিলাখনৰ মাকৰিৰ ৰেন্দু-পেন্দু হাচুত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আজিৰেপৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আয়োজিত চতুৰ্থ ৰাভা-হাছং সাংস্কৃতিক সমাৰোহ, ৰাভা-হাছং ৰংছিনি দেৰা, ২০২৪ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উল্লেখযোগ্য যে ৰাভা জনগোষ্ঠীৰ লগতে ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদ এলেকাত বসবাস কৰা অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ বাৰেৰহনীয়া সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চতুৰ্থবাৰৰ বাবে এই বৰ্ণিল কাৰ্যসূচী হাতত লোৱা হৈছে। সমাৰোহত বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত-মাত-নৃত্য প্ৰদৰ্শনেৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৰাভা জনগোষ্ঠীৰ সাজ-পাৰ আৰু আ-অলংকাৰ পৰিধানেৰে “ৰাভা হাছং ৰাছংছিনি দৰায়” আৰু “ৰাভা হাছং ৰাছংছিনি গাবুৰ” প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।

সমাৰোহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰদান কৰা ভাষণত মন্ত্ৰী সিংহলে কয় যে বৰ্ণিল সংস্কৃতি, ঐতিহ্য আৰু পৰম্পৰাৰে ৰাভাসকল অসমৰ এক অন্যতম প্ৰধান খিলঞ্জীয়া জনগোষ্ঠী। ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায় আৰু জনগোষ্ঠীৰ লেখীয়াকৈ ৰাভা সকলেও ৰাজ্যৰ সাংস্কৃতিক জগতখন অধিক উৰ্বৰ কৰি তুলিছে। অত্যন্ত সাহসী আৰু পৰিশ্ৰমী এই জনগোষ্ঠীয়ে মোগলৰ আক্ৰমণৰ দিনৰ পৰাই শতৰুৰ আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাভা মহিলাসকলৰ বয়ন দক্ষতাও একক আৰু অন্যন্য। কোনো আধুনিক প্ৰযুক্তিৰ সহায় নোলোৱাকৈ অতীজৰে পৰা তেওঁলোকে যি অভিনৱ আৰ্হি আৰু ৰঙৰ সমাহাৰেৰে বস্ত্ৰ প্ৰস্তুত কৰি আহিছে, আজিৰ আধুনিক যুগৰ ফেশ্বন ডিজাইনাৰেও তাৰ ফেৰ মাৰিব নোৱাৰিব।

বিভিন্ন জনগোষ্ঠীৰ সহাৱস্থানেই হ’ল ৰাজ্যখনৰ মূল শক্তি বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাভা জনগোষ্ঠীৰ লগতে ৰাভা-হাছং এলেকাৰ প্ৰতিটো জনগোষ্ঠীৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে সকলোপ্ৰকাৰৰ সহযোগিতা আগবঢ়াই আহিছে। মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ বলিষ্ঠ নেতৃত্বত ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদ এলেকাত উন্নয়নৰ গতি অব্যাহত থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদে ৰাভা জনজাতিৰ লগতে অঞ্চলটোৰ প্ৰতিটো থলুৱা জাতি-গোষ্ঠীৰ অৰ্থনৈতিক, শৈক্ষিক, সামাজিক, সাংস্কৃতিক আৰু নৃগোষ্ঠীয় উন্নয়নৰ বাবে কাম কৰি আহিছে। চৰকাৰে লোৱা দক্ষতা বিকাশৰ পদক্ষেপসমূহৰ সুবিধা গ্ৰহণ কৰি প্ৰতিযোগিতামুখী কৰ্মপথাৰত যোগ্যতা সহকাৰে নিজৰ উপস্থিতি প্ৰতিপন্ন কৰাৰ বাবে তেওঁ অঞ্চলটোৰ যুৱক-যুৱতীসকললৈ আহ্বান জনায়। ৰাভা-হাছং স্বায়ত্তশাসিত এলেকাৰ লগতে নিজৰ ৰাজ্যখন তথা সামগ্ৰিকভাৱে দেশৰ সৰ্বাংগীণ কল্যাণৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈও তেওঁ অঞ্চলটোৰ নতুন প্ৰজন্মক আন্তৰিকতাৰে আহ্বান জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...