সবকা সাথ, সবকা বিকাশ কোনো শ্লোগান নহয়…ই মোদীৰ নিশ্চয়তা : প্ৰধানমন্ত্ৰী

0 73

“ৰাষ্ট্ৰপতিৰ ভাষণত ভাৰতৰ ক্ৰমবৰ্ধমান আত্মবিশ্বাস, আশাব্যঞ্জক ভৱিষ্যত আৰু জনসাধাৰণৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে”
“অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰত শীৰ্ষ ৫খন দেশৰ ভিতৰত”
“চৰকাৰে গ্ৰহণ কৰা ঐতিহাসিক সিদ্ধান্তৰ বাবে পৰিচিত হ’ব বিগত ১০ বছৰ”
“সবকা সাথ, সবকা বিকাশ কোনো শ্লোগান নহয়। ই মোদীৰ নিশ্চয়তা”
“ভাৰতৰ ভেটি মজবুত কৰিবলৈ মোডী ৩.০-এ অধিক কষ্ট স্বীকাৰ কৰিব”

সংসদত ৰাষ্ট্ৰপতিয়ে দিয়া ভাষণ সন্দৰ্ভত আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধন্যবাদৰ প্ৰস্তাৱত ভাষণ ৰাখে। সদনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ৭৫ সংখ্যক গণৰাজ্য দিৱস দেশৰ অমৃত যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি আৰু ভাষণৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ আত্মবিশ্বাসৰ বিষয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে আলোকপাত কৰে যে, ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ লগতে ভাৰতৰ নাগৰিকৰ সামৰ্থ্যক স্বীকাৰ কৰে। তেওঁ ৰাষ্ট্ৰপতিজনক তেওঁৰ প্ৰেৰণাদায়ক ভাষণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে যিয়ে জাতিটোক ভাৰতৰ সংকল্প সাধন কৰিবলৈ পথ প্ৰদৰ্শন কৰে। ৰাষ্ট্ৰপতিৰ ভাষণত ‘ধন্যবাদৰ প্ৰস্তাৱ’ সন্দৰ্ভত এক ফলপ্ৰসূ আলোচনাৰ বাবে সদনৰ সদস্যসকলকো ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। “ৰাষ্ট্ৰপতিৰ ভাষণত ভাৰতৰ বৰ্ধিত আত্মবিশ্বাস, আশাব্যঞ্জক ভৱিষ্যত আৰু জনসাধাৰণৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল”, প্ৰধানমন্ত্ৰীয়ে কয়।

সদনৰ পৰিৱেশ সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, “বিৰোধীয়ে মোৰ কণ্ঠ দমন কৰিব নোৱাৰে, কাৰণ দেশৰ জনসাধাৰণে এই কণ্ঠক শক্তি দিছে”। প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱা বিত্ত, ‘ফ্ৰেজিল ফাইভ’ আৰু ‘পলিচি পেৰালাইছিছ’ৰ লিকেজৰ সময় স্মৰণ কৰি কয় যে, বৰ্তমানৰ চৰকাৰে দেশখনক পূৰ্বৰ জঞ্জালৰ পৰা উলিয়াই আনিবলৈ যথেষ্ট বিবেচনাৰে কাম কৰিছে। ‘কংগ্ৰেছ চৰকাৰৰ ১০ বছৰীয়া শাসনকালত সমগ্ৰ বিশ্বই ভাৰতৰ বাবে ‘ফ্ৰেজিল ফাইভ’ আৰু নীতিগত পক্ষাঘাতৰ দৰে শব্দ ব্যৱহাৰ কৰিছিল। আৰু আমাৰ ১০ বছৰত – শীৰ্ষ ৫ খন অৰ্থনীতিৰ ভিতৰত আজি ভাৰত। আজি পৃথিৱীয়ে আমাৰ বিষয়ে এনেকৈয়ে কয়”।

পূৰ্বৰ চৰকাৰসমূহে আওকাণ কৰা ঔপনিৱেশিক মানসিকতাৰ লক্ষণসমূহ আঁতৰোৱাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাতো গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ প্ৰতিৰক্ষা বাহিনীৰ বাবে নতুন এন্সাইন, কৰ্তব্য পথ, আন্দামান দ্বীপপুঞ্জৰ নাম সলনি, ঔপনিৱেশিক আইন বিলুপ্ত আৰু ভাৰতীয় ভাষাৰ প্ৰসাৰ আৰু এনে বহু পদক্ষেপৰ তালিকা প্ৰস্তুত কৰিছে। প্ৰধানমন্ত্ৰীয়ে থলুৱা সামগ্ৰী, পৰম্পৰা আৰু স্থানীয় মূল্যবোধক লৈ অতীতৰ হীনমন্যতাৰো কথা উল্লেখ কৰে। তেওঁ কয় যে, এই সকলোবোৰ এতিয়া আন্তৰিকতাৰে সমাধান কৰা হৈছে।

চাৰিটা গুৰুত্বপূৰ্ণ জাতি ক্ৰমে নাৰী শক্তি, যুৱ শক্তি, দৰিদ্ৰ আৰু অন্নদাতা সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ ভাষণৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে, ভাৰতৰ এই চাৰিটা মূল স্তম্ভৰ বিকাশ আৰু প্ৰগতিৰ ফলত জাতিটো উন্নত হ’ব। প্ৰধানমন্ত্ৰীয়ে কয় যে, ২০৪৭ চনৰ ভিতৰত আমি বিকশিত ভাৰত লাভ কৰিব বিচাৰিলে ২০ শতিকাৰ পন্থাই কাম নকৰে।

প্ৰধানমন্ত্ৰীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অবিচি সম্প্ৰদায়ৰ অধিকাৰ আৰু উন্নয়নৰ কথাও স্পৰ্শ কৰি কয় যে, ৩৭০ অনুচ্ছেদ বাতিলৰ ফলত এই জনগোষ্ঠীসমূহে জম্মু-কাশ্মীৰত দেশৰ বাকী অংশৰ দৰেই অধিকাৰ লাভ কৰাটো নিশ্চিত হয়। একেদৰে ৰাজ্যখনৰ বাল্মিকী সম্প্ৰদায়ৰ বাবে বন অধিকাৰ আইন, অত্যাচাৰ প্ৰতিৰোধ আইন, আৰু বাসস্থানৰ অধিকাৰো ৩৭০ অনুচ্ছেদ বাতিলৰ পিছতহে কাৰ্যকৰী কৰা হৈছিল। ৰাজ্যৰ স্থানীয় সংস্থাসমূহত অ’বিচি সংৰক্ষণৰ বাবে বিধেয়কখন গৃহীত হোৱাৰ কথাও তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে বাবা চাহেবক সন্মান জনোৱাৰ পদক্ষেপৰ কথাও উল্লেখ কৰাৰ লগতে জনজাতীয় মহিলাসকলে দেশৰ ৰাষ্ট্ৰপতি হোৱাৰ ঘটনাটোও আঙুলিয়াই দিয়ে। দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে চৰকাৰী নীতি সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অবিচি আৰু জনজাতি সম্প্ৰদায়ৰ উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ ওপৰত আলোকপাত কৰে। তেওঁ পকী ঘৰ, স্বাস্থ্য উন্নত কৰাৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, উজ্জ্বলা গেছ আঁচনি, বিনামূলীয়া ৰেচন আৰু এই সম্প্ৰদায়সমূহক সবলীকৰণৰ বাবে আয়ুষ্মান যোজনাৰ কথা উল্লেখ কৰে। তেওঁ লগতে উল্লেখ কৰে যে, বিগত ১০ বছৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ বৃত্তি বৃদ্ধি, বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা বৃদ্ধি, ড্ৰপআউটৰ হাৰ যথেষ্ট হ্ৰাস, ১ৰ পৰা ২লৈ নতুন কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয় স্থাপন আৰু একলব্য মডেল স্কুলৰ সংখ্যা ১২০ৰ পৰা ৪০০লৈ বৃদ্ধি পালে। উচ্চ শিক্ষাত অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি ৪৪ শতাংশ, অনুসূচিত জনজাতিৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি ৬৫ শতাংশ আৰু অ’বিচিত নামভৰ্তি ৪৫ শতাংশ বৃদ্ধি পোৱা বুলি তেওঁ অৱগত কৰে।

“সবকা সাথ সবকা বিকাশ কেৱল শ্লোগান নহয়, ই মোদীৰ নিশ্চয়তা”, মোদীয়ে কয়। ভুৱা আখ্যানৰ আধাৰত হতাশাৰ আৱেগ বিয়পাই নিদিবলৈ সকীয়াই দিয়ে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে, তেওঁৰ জন্ম স্বাধীন ভাৰতত আৰু তেওঁৰ চিন্তা আৰু সপোন স্বাধীন যাৰ ফলত জাতিটোত ঔপনিৱেশিক মানসিকতাৰ কোনো স্থান নাথাকে।

প্ৰধানমন্ত্ৰীয়ে কয় যে, ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ পূৰ্বৰ শোচনীয় অৱস্থাৰ বিপৰীতে এতিয়া BSNLৰ দৰে উদ্যোগে 4G আৰু 5Gৰ ক্ষেত্ৰত আগবাঢ়িছে, HALয়ে অভিলেখ সৃষ্টি কৰিছে আৰু এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ কাৰখানা হৈছে কৰ্ণাটকৰ HAL। LICও অভিলেখসংখ্যক শ্বেয়াৰৰ মূল্যৰ সৈতে ফুলি উঠিছে। প্ৰধানমন্ত্ৰী মোদীয়ে সদনত অৱগত কৰে যে, দেশত PSUৰ সংখ্যা ২০১৪ চনত ২৩৪ৰ পৰা আজি ২৫৪টালৈ বৃদ্ধি পাইছে, আৰু ইয়াৰে অধিকাংশই বিনিয়োগকাৰীৰ দৃষ্টি আকৰ্ষণ কৰি অভিলেখ সৃষ্টি কৰিছে। তেওঁ আৰু কয় যে, যোৱা এটা বছৰৰ ভিতৰত দেশৰ PSU সূচকাংক দুগুণ বৃদ্ধিৰ সাক্ষী হৈছে। যোৱা ১০ বছৰত ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত PSUৰ নিকা লাভ ১.২৫ লাখ কোটি টকাৰ পৰা ২.৫০ লাখ কোটি টকালৈ বৃদ্ধি পাইছে, আৰু PSUৰ নিকা মূল্য ৯.৫ লাখ কোটি টকাৰ পৰা ১৭ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁ আঞ্চলিক আকাংক্ষা ভালদৰে বুজি পায় যিহেতু তেওঁ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে এই প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈ গৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ‘দেশৰ উন্নয়নৰ বাবে ৰাজ্যৰ উন্নয়ন’ মন্ত্ৰ পুনৰবাৰ উল্লেখ কৰে। তেওঁ আশ্বাস দিয়ে যে, ৰাজ্যসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰটোৱে সম্পূৰ্ণ সহায় আগবঢ়াব। ৰাজ্যসমূহৰ মাজত উন্নয়নৰ বাবে সুস্থ প্ৰতিযোগিতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰতিযোগিতামূলক সমবায় ফেডাৰেলিজমৰ আহ্বান জনায়।

ক’ভিড মহামাৰীৰ প্ৰত্যাহ্বানসমূহৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীয়ে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ২০খন বৈঠকৰ অধ্যক্ষতা কৰাৰ কথা সোঁৱৰাই দিয়ে আৰু এই প্ৰত্যাহ্বান মুখামুখিকৈ মোকাবিলা কৰাৰ বাবে সমগ্ৰ যন্ত্ৰটোক কৃতিত্ব দিয়ে।

সমগ্ৰ দেশতে অনুষ্ঠান আয়োজন কৰাৰ লগে লগে G-20ৰ উন্মোচন আৰু গৌৰৱ সকলো ৰাজ্যতে বিয়পোৱাৰ কথাও উল্লেখ কৰে। তেওঁ বিদেশী গণ্যমান্য ব্যক্তিক বিভিন্ন ৰাজ্যলৈ নিয়াৰ প্ৰথাও আঙুলিয়াই দিয়ে।

ৰাজ্যসমূহৰ ভূমিকা অব্যাহত ৰাখি প্ৰধানমন্ত্ৰীয়ে আকাংক্ষিত জিলা কাৰ্যসূচীৰ সফলতাৰ বাবে ৰাজ্যসমূহক কৃতিত্ব প্ৰদান কৰে। “আমাৰ কাৰ্যসূচীৰ ডিজাইনে ৰাজ্যসমূহক লগত লৈ যায় আৰু জাতিসমূহক সামূহিকভাৱে আগুৱাই নিয়ে”, তেওঁ কয়।

মানৱ শৰীৰৰ সৈতে দেশখনৰ কাম-কাজৰ এক উপমা আঁকি প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে, এখন ৰাজ্য বঞ্চিত আৰু অনুন্নত হৈ থাকিলে দেশখনক বিকশিত বুলি ধৰিব নোৱাৰি।

প্ৰধানমন্ত্ৰীয়ে কয় যে, আমাৰ নীতি সকলোৰে বাবে মৌলিক সা-সুবিধা সুনিশ্চিত কৰা আৰু জীৱন ধাৰণৰ মান উন্নত কৰা। অনাগত দিনত আমাৰ মনোযোগ সহজ জীৱন যাপনৰ বাহিৰলৈ গৈ জীৱনৰ মান উন্নত কৰা হ’ব বুলিও তেওঁ কয়। দৰিদ্ৰতাৰ পৰা এইমাত্ৰ ওলাই অহা নব্য মধ্যবিত্ত শ্ৰেণীক নতুন সুযোগ প্ৰদানৰ সংকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰে মোদীয়ে। তেওঁ লগতে কয়, ‘সামাজিক ন্যায়ৰ ‘মোডী কৱচ’ক আমি অধিক শক্তি প্ৰদান কৰিম।

দৰিদ্ৰতাৰ পৰা উদ্ভৱ হোৱা লোকসকলৰ প্ৰতি চৰকাৰৰ সমৰ্থনৰ ওপৰত আলোকপাত কৰি মোদীয়ে ঘোষণা কৰে যে, বিনামূলীয়া ৰেচন আঁচনি, আয়ুষ্মান আঁচনি, ঔষধৰ ৮০ শতাংশ ৰেহাই, কৃষকৰ বাবে পি এম সন্মান নিধি, দৰিদ্ৰ লোকৰ বাবে পকী ঘৰ, টেপযুক্ত পানীৰ সংযোগ আৰু দ্ৰুত গতিত চলি থাকিব শৌচাগাৰ নিৰ্মাণ। “বিকশিত ভাৰতৰ ভেটি মজবুত কৰিবলৈ মোডী ৩.০য়ে অধিক কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি যাব”, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে, অনাগত ৫ বছৰত চিকিৎসা আন্তঃগাঁথনিৰ অগ্ৰগতি অব্যাহত থাকিব আৰু চিকিৎসা অধিক সুলভ হ’ব, প্ৰতিটো ঘৰতে পাইপলাইনৰ পানী থাকিব, পি এম আৱাসৰ চেচুৰেচন হ’ব, কোটি কোটি ঘৰৰ প্ৰাপ্য বিদ্যুতৰ বিল শূন্য হ’ব, সৌৰশক্তি, পাইপ ৰন্ধন গেছলৈকে সমগ্ৰ দেশতে ষ্টাৰ্টআপ বৃদ্ধি পাব, পেটেণ্ট দাখিলে নতুন অভিলেখ ভংগ কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে সদনক আশ্বাস দি,য়ে যে অহা ৫ বছৰত প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতীয় যুৱক-যুৱতীসকলৰ সামৰ্থ্য বিশ্বই সাক্ষী হ’ব, ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ পৰিৱৰ্তন হ’ব, আত্মনিৰ্ভৰ ভাৰত অভিযানে নতুন উচ্চতা লাভ কৰিব, মেড ইন ইণ্ডিয়াই অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰনিকছৰ ক্ষেত্ৰখনত আধিপত্য বিস্তাৰ কৰিব। তেওঁ সেউজ হাইড্ৰ’জেন আৰু ইথানল মিশ্ৰণৰ দিশত দেশ অগ্ৰসৰ হোৱাৰ কথাও উল্লেখ কৰে। খোৱা তেল উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ ওপৰত ভাৰতৰ বিশ্বাসক পুনৰ দৃঢ় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

আগন্তুক ৫ বছৰৰ দৃষ্টিভংগীক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰীয়ে প্ৰাকৃতিক খেতি আৰু বাজৰাক ছুপাৰফুড হিচাপে প্ৰচাৰৰ কথা কয়। কৃষিক্ষেত্ৰত ড্ৰ’নৰ ব্যৱহাৰ নতুনকৈ বৃদ্ধি পাব। একেদৰে নেন’ ইউৰিয়া সমবায়ৰ ব্যৱহাৰক জন আন্দোলন হিচাপে প্ৰচাৰ কৰা হৈছে। মীন আৰু পশুপালনৰ ক্ষেত্ৰতো নতুন অভিলেখৰ কথাও কয় মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক ৫ বছৰত পৰ্যটন খণ্ডই কৰ্মসংস্থাপনৰ এক বৃহৎ উৎস হৈ পৰাৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে। তেওঁ দেশৰ বহু ৰাজ্যই কেৱল পৰ্যটনৰ দ্বাৰা নিজৰ অৰ্থনীতি চলাব পৰা সামৰ্থ্যৰ ওপৰত আলোকপাত কৰে। “ভাৰত বিশ্বৰ বাবে এক বৃহৎ পৰ্যটনস্থলী হ’বলৈ গৈ আছে”, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়া আৰু ফিনটেকৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ওপৰতো আলোকপাত কৰি কয় যে, অহা ৫ বছৰ ভাৰত ডিজিটেল অৰ্থনীতিৰ বাবে এক ইতিবাচক ভৱিষ্যত। “ডিজিটেল সেৱাই ভাৰতৰ অগ্ৰগতি আৰু অধিক আগুৱাই নিব”, তেওঁ কয়। ‘আমাৰ বিজ্ঞানীসকলে আমাক মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন উচ্চতালৈ লৈ যাব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে’, প্ৰধানমন্ত্ৰীয়ে কয়।

তৃণমূল পৰ্যায়ৰ অৰ্থনীতিৰ ৰূপান্তৰৰ কথা কওঁতে প্ৰধানমন্ত্ৰীয়ে আত্মসহায়ক গোটৰ কথাও উল্লেখ কৰে। তেওঁ কয়, “৩ কোটি লাখপতি দিদিয়ে নাৰী সৱলীকৰণৰ নতুন চিত্ৰনাট্য লিখিব।” “২০৪৭ চনৰ ভিতৰত ভাৰতে নিজৰ সোণালী সময়ছোৱা পুনৰ জীয়াই তুলিব”, বিকশিত ভাৰতৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসভাৰ অধ্যক্ষক সদন আৰু জাতিৰ সন্মুখত তথ্য দাঙি ধৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীক প্ৰেৰণাদায়ক ভাষণৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.