মানুহৰ পৰা অমানুহ হোৱাৰ বাটটো যেন চমু হৈ পৰিছে একাংশৰ

বিগত ২৪ ঘণ্টাত সংঘটিত হোৱা ৩ টা ঘটনা। ঘটনা কেইটাই বাৰে বাৰে তুলিছে প্ৰশ্ন। ক’ৰবাত যদি মাতৃৰ হাতত পুত্ৰৰ নিধন, আন ক’ৰবাত পুখুৰীত পেলাই দিলে দেৱশিশুক। দুটা ফৈদৰ কাজিয়াত দ্বিখণ্ডিত হাত নৱম শ্ৰেণীৰ ছাত্ৰৰ। প্ৰশ্ন উঠিছে, কিয় ইমান অসহিষ্ণুতা? কিয় বাঢ়িছে ঘৰুৱা হিংসা? প্ৰশ্ন উঠিব অমানুহ হোৱাৰ পৰা এচাম মানুহ কিমাননো দূৰত? প্ৰথমটো ঘটনাৰ স্থান লাহোৱাল। শনিবাৰৰ পুৱাই এটা ঘটনাই জোকাৰি গ’ল সমগ্ৰ লাহোৱাল অঞ্চল। জন্মদাতা পিতৃ–মাতৃ আৰু সহোদৰৰ আক্ৰমণত মৃত্যু ২২ বছৰীয়া এজন যুৱকৰ। ঘটনা সংঘটিত কৰি লাহোৱাল থানাত আত্মসমৰ্পণ হত্যাকাৰী পৰিয়ালটোৰ। শোৱাপাটীতে দাৰে ঘপিয়াই হত্যা কৰিলে লাহোৱালৰ বকুল কাঠগাঁৱৰ হীৰকজ্যোতিক। কোনো অনুশোচনা নাই পুত্ৰহন্তা পিতৃ মাতৃৰ। নিৰুদ্বেগ ভাতৃহন্তা সহোদৰ। পিতৃয়ে ক’লে কি তাড়নাত মাকে ঘপিয়ালে বৰপুত্ৰক।

পিতৃ-মাতৃৰ ওপৰত মানসিক-শাৰীৰিক নিৰ্যাতনৰ সীমা চেৰাই গৈছিল। বৰপুত্ৰ হিৰকজ্যোতি দত্তৰ অমানুষিক অত্যাচাৰৰ নিৰ্মম পৰিণতি। কালিকা লগা শনিবাৰৰ পুৱতি নিশা এখন চোকা দা লৈ শোৱাপাটীতেই নৃশংসভাৱে হত্যা কৰিবলৈ বাধ্য হ’ল পিতৃ-মাতৃ আৰু ভাতৃ। উপৰ্যুপৰি দাৰে ডিঙি আৰু সৰ্ব শৰীৰত ঘপিয়ালে। কাহিনী এতিয়াৰ নহয়, ২২ বছৰীয়া হিৰকজ্যোতিৰ ওপৰত ইয়াৰ পূৰ্বেও ভাতৃয়ে দাৰে হত্যা কৰিবলৈ প্ৰচেষ্টা চলাইছে। ভাগ্যক্ৰমে প্ৰথম আক্ৰমণত দা ৰ ঘাপ ডিঙিত নালাগি কান্ধত লগাত প্ৰাণ ৰক্ষা পৰিছিল হিৰকজ্যোতিৰ। কিন্তু এই ঘটনাৰ পাছতো শিক্ষা লোৱা নাছিল ঘৰখনৰ বৰপুত্ৰই। জন্মদাত্ৰী পিতৃ-মাতৃৰ ওপৰত চলাই গৈছিল বৰ্বোচিত অত্যাচাৰ। উপায়ন্তৰ হৈ চৰম সিদ্ধান্ত ললে পিতৃ-মাতৃ-ভাতৃয়ে। পিতৃ-মাতৃৰ ওপৰত কৰা মানসিক-শাৰীৰিক নিৰ্যাতনৰ সীমা চেৰাই গৈছিল। শনিবাৰেও ঘৰৰ সকলোকে আক্ৰমণ কৰিছিল হিৰকজ্যোতিয়ে। উপায়ন্তৰ মাতৃ। উপৰ্যুপৰি দাৰে ডিঙি আৰু সৰ্ব শৰীৰত ঘপিয়ালে মাতৃয়ে। লাহোৱালৰ বকুল কাঠ গাঁৱৰ এই লোমহৰ্ষক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হত্যাকাণ্ড সংঘটিত কৰিয়েই লাহোৱাল থানাত আত্ম সমৰ্পন কৰিছে পিতৃ মনোজ দত্ত, মাতৃ পল্লৱী দত্ত আৰু ভাতৃ অৰূপজ্যোতি দত্তই। ঘটনাস্থলীত দণ্ডাধীশৰ উপস্থিতিত দা খন জব্দ কৰাৰ লগতে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে AMCH লৈ প্ৰেৰণ কৰে। বৰপুত্ৰক নৃশংসভাৱে হত্যা কৰা পিতৃ-মাতৃ আৰু ভাতৃক লাহোৱাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ।

দ্বিতীয়টো ঘটনা তামাৰহাটৰ। সম্পাদনা নকৰাকৈ দেখুৱাব নোৱাৰা দৃশ্য। বুকু কঁপি উঠিব দেখাৰো, শুনাৰো। ঘটনা অনুসৰি দুই শিশুৰ মাজত লাগিছিল কাজিয়া। দুই শিশুৰ কাজিয়াৰ পৰিণতিত ফৈদে ফৈদে যুঁজ। প্ৰচণ্ড মাৰপিট। দা, কুঠাৰলৈ আক্ৰমণ। গুৰুতৰভাৱে আহত এটা পক্ষৰে ৪ জন। আহত : ৰেহান হক, আব্দুল বাৰী, মঞ্জু আলী আৰু আয়ুব আলী । অভিযোগ উঠিছে মইনুল হক,টাট্টু শ্বেখ, টেম্প শ্বেখ, ৰসিদুল শ্বেখ, জাহিদুল শ্বেখ, ছানোৱাৰ শ্বেখ আৰু ৩গৰাকী মহিলাৰ বিৰুদ্ধে। অতি লোমহৰ্ষকভাৱে চোকা অস্ত্ৰৰ আক্ৰমণত দ্বিখণ্ডিত এজন ছাত্ৰৰ হাত। হাত হেৰুওৱা নৱম শ্ৰেণীৰ ছাত্ৰজনৰ নাম ৰেহান। আহত আটাইকেইজনক প্ৰথমে ধুবুৰী চিকিৎসা মহাবিদ্যালয় ভৰ্তি কৰোৱা হৈছিল। কিন্তু পাছত ৰেহান হক আৰু আব্দুল বাৰীৰ অৱস্থা সংকটজনক হোৱাত গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে। শুকুৰবাৰে ৰাতি ১১ মান বজাত সংঘটিত হ’ল এই অবৰ্ণনীয় ঘটনা। আক্ৰমণ কাৰীৰ মূল অভিযুক্ত মইনুল হকক ইতিমধ্যে গোলকগঞ্জ আৰক্ষীয়ে আটক কৰিছে।

তৃতীয়টো ঘটনাৰ স্থান বৰপেটাৰোড। বৰপেটাৰোডৰ সমীপৰ ধূপগুৰি ভূঞা পাৰাত পুৱাৰ ভাগতে শোকাকুল পৰিৱেশ। আব্দুল আজিজ নামৰ এজন ব্যক্তিৰ ঘৰত জন্ম পাইছিল এটি কন্যা শিশু। মাত্ৰ ৪০ দিন হৈছিল শিশুটিৰ। শুকুৰবাৰৰ নিশা ৯ মান বজাত শোৱা পাটিৰ পৰাই নোহোৱা হ’ল শিশুটি। বহুত বিচাৰ খোঁচাৰ চলিল। কিন্তু পুৱাৰ ভাগলৈ আহিল অপ্ৰত্যাশিত খবৰটো। এটা পুখুৰীত উদ্ধাৰ হ’ল ৪০দিনীয়া দেৱ শিশুৰ মৃতদেহ। পুৱা ৬ মান বজাত পোৱা গ’ল পুখুৰীত ওপঙি থকা অৱস্থাত। লোকে ভৰি পৰিল আব্দুল আজিজৰ ঘৰত। ক্ৰন্দনকাতৰ পৰিৱেশ। মাত্ৰ ৪০ দিনীয়া শিশু এটি এইদৰে মৃত্যুমুখত পৰাটো স্বাভাৱিকতেই সহজভাৱে ল’‍ব পৰা নাই কোনেও। স্থানীয় লোকসকলেও সন্দেহ কৰিছে এই অঘটন পৰিকল্পিত আৰু এয়া হত্যাকাণ্ড। ইতিমধ্যে শিমলাগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আগবঢ়াই নিছে। স্থানীয় লোকৰ দাবী, তদন্ত শুদ্ধ হওক। গতি ক্ষীপ্ৰ হওক।

এই ৩টা ঘটনাই বাৰে বাৰে তুলিছে প্ৰশ্ন কিমান অসহ্যকৰ পৰিস্থিতি হ’লে পুত্ৰক হত্যা কৰিব পাৰে মাতৃয়ে? কিমান অসহিষ্ণু হ’লে শিশুৰ কাজিয়াই ৰূপ পাব পাৰে ফৈদৰ কাজিয়াৰ? কিমান পাষাণ হ’লে পুখুৰীত দলিয়াই মাৰিব পাৰে সদ্যোজাত শিশু?
মানসিক স্বাস্থ্যৰ ওপৰতো উঠিছে প্ৰশ্নবোধক। এনেধৰণৰ ঘটনাই মানৱতাৰ অৱক্ষয়ৰ কথা সূচোৱা নাই নে? মানুহৰ পৰা অমানুহ হোৱাৰ বাটটো যেন চমু হৈ পৰিছে একাংশৰ। এজন পুত্ৰই জন্মদাতাক মাৰপিট কৰাৰ পৰা আৰম্ভ কৰি সদ্যোজাত এটি শিশু শোৱাপাটিৰ পৰা গৈ পুৱা পুখুৰীত মৃতদেহ উদ্ধাৰ হোৱালৈ এই ঘটনাক্ৰম মানৱ সমাজৰ বাবে চিন্তনীয়। চিন্তনীয় মানসিকতা ক্ষেত্ৰতো। এই নৃশংসতা, এই অসহিষ্ণুতা, এই অতিৰঞ্জক উত্তেজনাই আচলতে কি সূচায়? এয়া নিজকে এবাৰ প্ৰশ্ন কৰাৰ সময়।

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...