২৬/১১ মুম্বাই আক্ৰমণত কথমপি ৰক্ষা পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০০৮ চনৰ ২৬ নৱেম্বৰৰ মুম্বাই আক্ৰমণৰ স্মৃতিৰ কথা উল্লেখ কৰি এই ঘটনাৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰাণাৰ ভাৰতলৈ প্ৰত্যৰ্পণক সমৰ্থন জনাইছে। এটা ফেচবুক পোষ্টত তেওঁ সেই ভয়াৱহ নিশাৰ কথা স্মৰণ কৰি কয় যে, তেওঁ মুম্বাইত আছিল আৰু তাজ হোটেলত থকাৰ পৰিকল্পনা থাকিলেও শেষ মুহূৰ্তত স্থান সলনি হোৱাৰ বাবে ৰক্ষা পৰিছিল।

মুখ্যমন্ত্ৰীয়ে কয়, “সেই নিশাৰ ঘটনা মোৰ মনত চিৰকালৰ বাবে জীপাল হৈ ৰৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী (এন এছ জি)ৰ কাৰ্যকলাপ প্ৰত্যক্ষ কৰি মনত আশা জাগিছিল যে এদিন এই জঘন্য কাণ্ডৰ মাষ্টাৰমাইণ্ডসকলক শাস্তি দিয়া হ’ব।” তেওঁ প্ৰায় ডেৰ দশকৰ পাছত তাহাউৰ ৰাণাৰ প্ৰত্যৰ্পণক ন্যায়ৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰি দেশৰ নেতৃত্বৰ ওপৰত আত্মবিশ্বাস প্ৰকাশ কৰে।

তেওঁ লিখে, “যেতিয়ালৈকে আমাৰ দেশত সবল আৰু নিৰ্ণায়ক নেতৃত্ব আছে, শত্ৰুপক্ষীয় শক্তিয়ে ভাৰতৰ বিৰুদ্ধে কোনো পদক্ষেপ লোৱাৰ আগতে বহুবাৰ ভাবিবলৈ বাধ্য হ’ব।” এই প্ৰত্যৰ্পণে মুম্বাই আক্ৰমণৰ ন্যায় প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...