সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস। কাৰ্গিলৰ সমীপৰ ড্ৰাছৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে সকীয়নি দিলে পাকিস্তানক। ইতিহাসৰ পৰা পাকিস্তানে কোনো শিক্ষা নল’লে বুলি মন্তব্য কৰি মোদীয়ে কয় পাকিস্তানে সন্ত্ৰাসবাদী কাৰ্যকলাপেৰে কোনো সফলতা লাভ কৰিব নোৱাৰে। পাকিস্তানে যেতিয়াই বেপৰোৱা কাম কৰিছে তেতিয়াই পৰাজয়ৰ সম্নুখীন হৈছে।

ড্ৰাছৰ যুদ্ধ স্মাৰকৰ পৰাই কংগ্ৰেছক টাৰ্গেট কৰি ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে। ‘পূৰ্বৰ চৰকাৰে কাৰ্গিল যুদ্ধৰ সেনাক সন্মান নজনালে। কাৰ্গিল যুদ্ধৰ শ্বহীদৰ স্মৃতিত এটা স্মাৰক নিৰ্মাণৰ কথাও নাভাবিলে’

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতিও কংগ্ৰেছে অৱহেলা কৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী মোদীৰ। অগ্নিপথ প্ৰকল্পৰ বিৰোধীতা কৰাৰ বাবেও কংগ্ৰেছক আক্ৰমণ কৰিলে মোদীয়ে।

অনুষ্ঠানত উপস্থিত থকা বীৰ সেনানীৰ আত্মীয়কো সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে। সভাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কাৰ্গিল শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।

যুদ্ধস্মাৰকত থকা বিথিকাও পৰিদৰ্শন কৰে মোদীয়ে। অনুষ্ঠানতে কাৰ্গিল যুদ্ধৰ এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়।

শুকুৰবাৰে ড্ৰাছত আনুষ্ঠানিক ভাবে ছিনখুন লা সুৰংগ নির্মাণৰো শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে।

দিল্লীৰ যুদ্ধস্মাৰকতো কাৰ্গিল যুদ্ধৰ বীৰ সেনানীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জলোৱা হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ উপৰি তিনি সেনাৰ শীৰ্ষ বিষয়াসকলেও কাৰ্গিল শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...