ড্ৰাগছ ল’ব নাপাই যুৱকৰ আত্মহত্যা

গুৱাহাটী, ২২ জুন, NKTV: গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ড্ৰাগছ ল’ব নাপাই এজন যুৱকে বাছি ল’লে আত্মহত্যাৰ দৰে চৰম পন্থা। আত্মহত্যা কৰা যুৱকজনৰ নাম অসীম দত্ত বুলি জানিব পৰা গৈছে। মাত্ৰ ২১ বছৰ বয়সতেই এনে বিহৰূপী ড্ৰাগছৰ আসক্ত হৈ পৰিছিল অসীম দত্ত। ড্ৰাগছ ল’ব নাপাই আত্মহননৰ পথ বাছি ল’লে এইজন যুৱকে। জানিব পৰা মতে, বিগত ৮ বছৰ ধৰি ড্ৰাগছ সেৱন কৰি গৈছিল অসীম দত্তই। ড্ৰাগছৰ বাবে যুৱকজনে প্ৰায়েই ঘৰত এক অপ্রীতিকৰ পৰিৱেশৰ সৃষ্টি কৰি আহিছিল। ড্ৰাগছ সেৱন কৰাৰ বাবে পৰিয়ালৰ লোকৰ ওচৰত টকা বিচাৰি উদ্ভণ্ডালি কৰাৰ বাবে অতিষ্ঠ হৈ উঠিছিল পৰিয়ালৰ লোক। যুৱকজনে কৰা উদ্ভণ্ডালি সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা বেলেগত থাকিব লৈছিল অসীমৰ পিতৃ আৰু ভগ্নীয়ে। ইয়াৰ পিছৰে পৰা অসীমে আইতাক আৰু জেঠিমাকৰ সৈতে গুৱাহাটী বাস কৰিছিল। মাত্ৰ ২১ দিন পূৰ্বে অসীমৰ আইতাকৰ মৃত্যু ঘটিছিল। আইতাকৰ মৃত্যুৰ পিছত টকাৰ অভাৱ ঘটাৰ ফলত ড্ৰাগছ ল’ব পৰা নাছিল যুৱকজনে। অৱশেষত অতিষ্ঠ হৈ সোমবাৰে ড্ৰাগছ ল’বৰ বাবে জেঠিমাকৰ পৰা টকা বিচাৰিছিল অসীমে। কিন্তু তেওঁৰ লগত টকা নথকাৰ বাবে অসীমক টকা দিব নোৱাৰিলে। অৱশেষত অসীমে জেঠিমাকৰ পৰা টকা নাপাই ড্ৰাগছ ল’ব নোৱাৰিলে। ড্ৰাগছ ল’ব নপোৱাৰ ফলতেই নিজ কোঠাতে আত্মহত্যা কৰিলে ২১ বছৰীয়া অসীম দত্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...