২ লাখ যুৱক-যুৱতীলৈ স্ব-নিয়োজনৰ বাবে আগবঢ়োৱা হ’ব বিত্তীয় সাহায্য : মুখ্যমন্ত্রী

‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান ২০২৩’ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে পঞ্জীয়ন প’ৰ্টেল

২ লাখ যুৱক-যুৱতীলৈ স্ব-নিয়োজনৰ বাবে আগবঢ়োৱা হ’ব বিত্তীয় সাহায্য – মুখ্যমন্ত্রী

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম ২০২৩ সংযোজনে ৰাজ্যখনৰ বিকাশৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিব – মুখ্যমন্ত্রী

অসম যুৱক-যুৱতীসকলক নিয়োগ সৃষ্টিকাৰী ৰূপে গঢ় দিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ এক মহৎ পদক্ষেপ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনস্থিত মুখ্যমন্ত্রী সভাগৃহত ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান ২০২৩ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে ইয়াৰ পঞ্জীয়ন পটেলো মুকলি কৰে। উল্লেখ্য যে এই অভিযানৰ জৰিয়তে ৰাজ্যত এক শক্তিশালী ঔদ্যোগিক বাতাবৰণ সৃষ্টিৰ পোষকতাৰে ২ লাখ যুৱক-যুৱতীলৈ আৰ্থিক সাহায্য আগবঢ়াই সফলতাৰ বাটেৰে আগুৱাই নিয়াৰ প্রচেষ্টা চলোৱা হৈছে। এই আচঁনিৰ উদ্দেশ্য হ’ল শিক্ষিত যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ সুবিধা প্রদান কৰা আৰু ৰাজ্যত এক শক্তিশালী উদ্যোগিক পৰিৱেশ সৃষ্টি কৰা। এই আঁচনিখনৰ জৰিয়তে নতুন উদ্যোগ স্থাপনৰ লগতে বিদ্যমান উদ্যোগসমূহৰ সম্প্ৰসাৰণৰ জৰিয়তে নিয়োগ সৃষ্টি কৰাৰ উপৰি সেই প্রতিষ্ঠান সমূহলৈ আর্থিক সাহায্য প্ৰদান কৰা হ’ব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিৰ জৰিয়তে শিক্ষিত যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ সুবিধা প্ৰদান কৰিব বিচৰা হৈছে যাতে তেওঁলোকে ৰাজ্যৰ বিকাশত অৰিহণা যোগাব পাৰে। তেওঁ লগতে কয় যে ইয়াৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। বেংকৰ সংযোগৰ জৰিয়তে মূলধনৰ পৰিমাণ বৃদ্ধি কৰা আদি বিভিন্ন বিষয় এই আঁচনি খনত অন্তর্ভুক্ত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই আচঁনিৰ অধীনত দুটা শাখাত নিবনুৱা যুৱক-যুৱতীসকলক ভাগ কৰা হৈছে। অভিযান্ত্ৰিক, কৃষি, পশুপালন, মীন আদি পেছাদাৰী পাঠ্যক্ৰমৰ স্নাতক ডিগ্রী লাভ কৰা নিবনুৱা সকলক প্রথম শাখাত অন্তৰ্ভূক্ত কৰা হয় আৰু তেওঁলোকক ৫ লাখ টকা আৰু ডিপ্লমা, আই টি আই আদিৰ লগতে সাধাৰণ শ্ৰেণীৰ নিবনুৱা সকলক দ্বিতীয় শাখাত অন্তৰ্ভূক্ত কৰি তেওঁলোকক ২ লাখ টকা প্রদান কৰা হ’ব বুলি তেওঁ কয়। মুখ্যমন্ত্রীয়ে লগতে কয় যে প্রথম শাখাৰ নিবনুৱা সকলক প্ৰদান কৰা ৫ লাখ টকাৰ ২.৫ লাখ টকা এককালীন অনুদান হিচাপে প্ৰদান কৰাৰ লগতে বাকী অংশ চৰকাৰক ঘূৰাই দিব লাগিব। ঘূৰাই দিব লগা ধনৰাশি পাঁচ বছৰৰ পিছত ৫০০০ হাজাৰ টকাকৈ ঘূৰাই দিব লাগিব।

চৰকাৰে দিয়া ধনৰাশিৰ বাবে কোনো ধৰণৰ সুত লোৱা নহ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, দ্বিতীয় শাখাত অন্তর্ভুক্ত নিবনুৱা সকলক প্ৰদান কৰা ২ লাখ টকাৰ এক লাখ টকা এককালীন অনুদান হিচাপে প্ৰদান কৰাৰ লগতে বাকী অংশ চৰকাৰক ঘূৰাই দিব লাগিব। এই ধনৰাশি পাঁচ বছৰৰ পিছত ২০০০ টকাকৈ প্ৰতিমাহে ঘূৰাই দিব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ইয়াৰ বাবে চৰকাৰে কোনো ধৰণৰ সুদ প্রযোজ্য নকৰে আৰু এই ধন ৰাশি এবছৰ ভিতৰত তেওঁলোকে আৰম্ভ কৰা ব্যৱসায়ত সঠিক ব্যৱহাৰ কৰাৰ পাছত তেওঁলোকে বাকী ধনৰাশিৰ বাবে পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। চৰকাৰে দিয়া ধনৰাশি সঠিক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এক তৃতীয় প্ৰতিস্থানৰ দ্বাৰা পৰীক্ষণ কৰাৰ ব্যবস্থা কৰা হ’ব বুলি মন্তব্য কৰি তেওঁ কয় যে মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অভিযান আঁচনি অধীনত প্রথম শাখাৰ অন্তৰ্গত ৫০০০ গৰাকী নিবনুৱাক প্ৰদান কৰাৰ বিপৰীতে বাকী অংশ দ্বিতীয় শাখাত অন্তর্ভূক্ত নিবনুৱা সকলক প্ৰদান কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে, চৰকাৰে সময়ে সময়ে চৰকাৰী চাকৰি মুকলি কৰি থাকিব আৰু ২০২৬ চনলৈ এই প্রক্রিয়া অব্যাহত থাকিব। এই আচঁনিৰ অধীনত ২৮ বছৰৰ তলৰ লোক সকলক অন্তৰ্ভুক্ত কৰিব বিচৰা নাই বুলি মন্তব্য কৰি তেওঁ কয় যে সাধাৰণ শ্ৰেণীৰ নিৰুৱা সকলৰ বয়স ২৮ৰ পৰা ৪০ বছৰ বয়সৰ ভিতৰত হোৱাৰ বিপৰীতে অনুসূচীত জাতি, অনুসূচীত জনজাতি নিবনুৱা সকলৰ বাবে বয়স ২৮ ৰ পৰা ৪৩ বছৰ বয়সৰ ভিতৰত হব লাগিব। সমষ্টি বা জিলা ভিত্তিত এই আচঁনিৰ বাবে আৱেদনকাৰীৰ নিৰ্বাচন নহ’ব আৰু ৰাজ্যিক পৰ্যায়ত এই আচঁনিৰ বাবে আবেদন কৰা সকলক নিৰ্বাচন কৰা হ’ব বুলি তেওঁ কয়। মুখ্যমন্ত্রীয়ে লগতে কয় যে আবেদনকাৰীসকলৰ সুবিধা হ’ব পৰাকৈ পৰ্টেলত ১৫০ৰ পৰা ২০০টা পর্যন্ত বিভিন্ন ব্যৱসায় পৰিকল্পনা উপলব্ধ থাকিব। নির্বাচিত লোক সকলৰ সুবিধা হোৱাকৈ তেওঁলোকক বিভিন্ন বিষয়ত প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰশিক্ষণৰ সময়ছোৱাত তেওঁলোকক অসমত প্রশিক্ষণ ল’লে ৫০০০ হাজাৰ টকাকৈ আৰু অসমৰ বাহিৰত প্ৰশিক্ষণ ল’লে ১০,০০০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। যিহেতু এই ধনৰাশি চৰকাৰৰ ফালৰ পৰা দিয়া হ’ব ইয়াত বেংকৰ সংযোগৰ কথা নাথাকিব আৰু সেয়ে তেওঁলোকে তেওঁলোকৰ মূলধনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে বেংকৰ পৰা অতিৰিক্ত ঋণ ল’ব পাৰিব বুলিও মন্তব্য কৰে।

মুখ্যমন্ত্রীয়ে কয় যে এই আঁচনিৰ বাবে আৱেদন কৰিবলৈ তেওঁলোকৰ নামসমূহ নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ’ব লাগিব। তদুপৰি তেওঁলোকৰ ৩১ ডিচেম্বৰ ২০২৩ৰ আগতে খোলা বেংক একাউণ্ট থাকিব লাগিব। এই ধনৰাশি যি সকলে অপব্যৱহাৰ কৰিব তেওঁলোকে ভৱিষ্যতে সকলো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হ’ব বুলিও কয়। এই আচঁনিৰ বাবে আজিৰ পৰা ৪৫ দিনৰ ভিতৰত পঞ্জীয়ন কৰিব পাৰিব। এই আচঁনিৰ অধীনত প্ৰথম পৰ্যায়ত এক লাখ নিবনুৱাক প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্রী আত্মনির্ভৰ অসম ২০২৩ সংযোজনে ৰাজ্য খনৰ বিকাশৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰিব । মুখ্যমন্ত্ৰীয়ে কয় যে যুৱক-যুৱতীসকলে যাতে ব্যৱসায়িক দিশত আগবাঢ়ি যাব পাৰে আৰু তেওঁলোকৰ মনত উদয় হোৱা প্ৰশ্ন সমিধান লাভ কৰিব পাৰে তাৰ বাবে এক কল চেন্টাৰো মুকলি কৰা হ’ব।

এই অনুষ্ঠানত পৰিৱেশ আৰু বন মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ যোগেন মহন, উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ মন্ত্ৰী বিমল বৰা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, বিত্ত আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, শ্রমিক কল্যাণ আদি বিভাগৰ মন্ত্ৰী সঞ্জয় কিষান, জলসম্পদ আদি বিভাগৰ মন্ত্রী পীযূষ হাজৰীকা, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে অসম চৰকাৰৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ত্যাগ, কষ্ট, শিক্ষাৰ পোহৰ আৰু উদ্যমিতাৰ মাজেৰে অসমৰ উন্নয়ন সাধন কৰিব লাগিব: মুখ্যমন্ত্রী

ডিব্ৰুগড়ত 'বিকাশৰ ১২ দিন' কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণকেইবাটাও প্ৰকল্পৰ নিৰ্মাণ...

বৰষা-ভাস্কৰৰ ঘৰলৈ আহিল লখিমী

নৱবৰ্ষৰ প্ৰাকক্ষণত অভিনেত্ৰী বৰষাৰণী বিষয়াই দিলে ভাল খবৰ বৰষা-ভাস্কৰৰ ঘৰলৈ...

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব টংলাৰ ২ ভাতৃৰ। দেওবাৰে নিশা...

প্ৰৱল শীতত কঁপিছে সমগ্ৰ উত্তৰ ভাৰত

৫০ বছৰৰ শীতলতম নিশাৰ সাক্ষী হ’ল শ্ৰীনগৰ। মাইনাছ ১০...