২ সেনা বিষয়াক নৃশংস আক্রমণ

মধ্যপ্রদেশৰ ইন্দোৰ জিলাত মহু শীৰ্ষক নগৰখন প্ৰখ্যাত তাত থকা আৰ্মী ৱাৰ কলেজৰ বাবে। সেনাৰ মৌ কেণ্টনমেণ্টত আছে এই প্ৰসিদ্ধ সেনা কলেজখন। সেনাৰ বিভিন্ন প্ৰশিক্ষণৰ বাবে প্রখ্যাত এই কলেজখন। এই কলেজখনৰে প্ৰশিক্ষাৰ্থী ২সেনা বিষয়াৰ লগত হোৱা এক ঘটনাই ইতিমধ্যে দেশজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মেজৰ ৰেংকপ্ৰাপ্ত বিষয়াদ্বয় গৈছিল ‍বনভোজৰ বাবে। লগত সংগী আছিল দুগৰাকী যুৱতী বান্ধৱী। বনভোজস্থলীত সেনা বিষয়াদ্বয়ক হঠাৎ আক্ৰমণ কৰে ৬জনীয়া অস্ত্রধাৰী দলে। পিষ্টল, ছুৰী, লাঠীৰে সজ্জিত দলটোৱে তেওঁলোকৰ গাড়ীখন ঘেৰি লৈ আক্ৰমণ কৰে। দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকক মাৰপিট কৰি তেওঁলোকৰ লগত থকা মানীবেগ আদিও কাঢ়ি লৈ যায়। তাৰ পাছত দলটোৱে তেওঁলোকৰ পৰা দাবী কৰে ১০ লাখ টকাৰ মুক্তিপণ। এজন সেনা বিষয়া আৰু এগৰাকী যুৱতীক আটক কৰি ৰাখি আনজন সেনা বিষয়াক আনগৰাকী যুৱতীৰ সৈতে মুকলি কৰি দিয়ে মুক্তিপণ অনাৰ বাবে। মুক্তি পোৱা সেনা বিষয়াজনে লগে লগে তেওঁলোকৰ কমাণ্ডিং অফিচাৰক ঘটনা সন্দৰ্ভত অৱগত কৰে। ইয়াৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে দুৰ্বৃত্তৰ দলটোৱে বন্দী কৰি ৰখা সেনা বিষয়াজনক এৰি পলায়ন কৰে।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰে ২ দুৰ্বৃত্তক। বন্দী কৰি ৰখা যুৱতীগৰাকী বলি হ’ল দলবদ্ধ ধৰ্ষণৰ। মহু আৰক্ষীয়ে বাকী দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ গঠন কৰিছে ১০টা গোট। ঘটনাক লৈ মোহন যাদৱ চৰকাৰক তীব্র কটাক্ষ কংগ্রেছৰ। মধ্যপ্ৰদেশত নোহোৱা হৈছে আইন-শৃংখলা : ৰাহুল গান্ধী। কঠোৰ সমালোচনা কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীৰো।

আৰক্ষীয়ে ইতিমধ্যে দুৰ্বৃত্তৰ দলটোৰ বাকী ৪জনক কৰায়ত্ত কৰিবলৈ ব্যাপক অভিযান চলাইছে। আহত বিষয়াদ্বয়ক মহু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...