ৱাইন শ্বপৰ লাইচেঞ্চ দিম বুলি কৈ দুগৰাকী মহিলাৰ পৰা সৰকালে ১২ লাখ

পাঠশালাত এজন লোকক জবাবদিহি কৰিলে দুগৰাকী মহিলাই। নিশা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল। সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত দুগৰাকী মহিলাৰ পৰা মুঠ ১২ লাখ টকা সংগ্ৰহ কৰিছিল লোকজনে। তাৰ পাছৰ পৰাই তেওঁৰ কোনো খা-খবৰ নাই। সেয়ে কৌশলেৰে মাতি আনি লোকজনক ঘেৰাও কৰিলে মহিলা দুগৰাকীয়ে। মন্ত্ৰীৰ ঘনিষ্ঠ বুলি নিজকে পৰিচয় দি মতিলাল দৈমাৰী নামৰ লোকজনে লৈছিল ধন।

মোৰ মন্ত্ৰীৰ লগত ভাল, মদৰ লাইচেঞ্চ দিব পাৰিম
ৱাইন শ্বপৰ লাইচেঞ্চ দিম বুলি কৈ দুগৰাকী মহিলাৰ পৰা সৰকালে ১২ লাখ

নিশা পাঠশালাত তীব্ৰ উত্তেজনা। দুগৰাকী মহিলাৰ ৰোষত পৰিছে এইজন লোক। বিভিন্ন প্ৰশ্নৰে দুয়োগৰাকীয়ে থকাসৰকা কৰিছে লোকজনক। পইচা কেতিয়া দিব কওক। পলাব নুখুজিব। কাক মাতে মাতক। মন্ত্ৰীক মাতে কাক মাতে ফোন কৰক। তেনেকৈয়ে লোকজনক দুইটা এবাৰ ঠেলা-গতাও মাৰিছে মহিলা দুগৰাকীয়ে। ভিৰ কৰিছে একাংশ লোকে। চাইছে, ভিডঅও কৰিছে বহুজনে। এই উত্তেজনাৰ কাৰণ কি জানেনে।
ৱাইন শ্বপৰ লাইচেঞ্চ

মতিলাল দৈমাৰী নামৰ এই লোকজনে নিজকে মন্ত্ৰীৰ ঘনিষ্ঠ বুলি পৰিচয় দি প্ৰলোভন দিছিল আৰু কৈছিল আপোনালোক দুগৰাকীৰ সংস্থাপনৰ বাবে মই কিবা এটা ব্যৱস্থা কৰি দিম। ৱাইন শ্বপৰ লাইচেঞ্চ দিম আপোনালোকক। সেই বুলি কৈ
দুয়োগৰাকীৰ পৰা ৬ লাখকৈ টকা সংগ্ৰহ কৰিলে লোকজনে

সেই ধন লোৱাৰ পাছতে আমো নাই ফৰ্মুতিও নাই। মতিলাল দৈমাৰীৰ সন্ধান নাই। বাৰে বাৰে ফোন কৰে এওঁলোকে, মতিলালে ৰিচিভ নকৰে। এটা সময়ত ব্লক কৰি দিলে দুয়োকে। তাৰ পাছত কৌশলেৰে এওঁলোকে বেলেগৰ দ্বাৰা ফোন কৰোৱাই আন সেই লোকজনক সুৰাৰ বিপণিৰ লাইচেঞ্চ লাগে বুলি কৈ মাতি পঠিয়ালে পাঠশালালৈ। আৰু পাঠশালাতে দুয়োগৰাকী মহিলাই দলে-বলে গৈ আবদ্ধ কৰিলে লোকজনক। ঘূৰাই বিচাৰিলে ধন। ইয়াকে লৈ
বহু সময় উত্তেজনা পাঠশালাত…মহিলাৰ দাবী, ১২ লাখ টকা লাগিবই।

লোকজনে কাৰোবাক ফোন কৰিবলৈ চেষ্টা কৰিলে। কাকো ফোন লগাব নোৱাৰিলে। অভিযোগকাৰী মহিলাৰ দাবী ধন দিয়াৰ সমগ্ৰ দৃশ্য বন্দী হৈ আছে মোবাইলৰ কেমেৰাত। দেখুৱালেও সেই ভিডিঅ। ঘেৰাও কৰি ৰাখিলে লোকজনক।
এটা সময়ত আৰক্ষী আহিল। মতিলাল দৈমাৰীক লৈ গ’ল আৰক্ষীয়ে।

দুয়োগৰাকী মহিলাই গালিৰে থকাসৰকা কৰিলে মতিলাল দৈমাৰীক। বাৰেবাৰে কৈ পঠিয়ালে, আমাক পইচা লাগিবই। নহলে সাৰিব নোৱাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...

বানপানীৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী সময়ছোৱাত জনসাধাৰণে কি কি কৰা উচিত?

উজনি অসমৰ বৰ্তমানৰ ভয়াৱহ বান পৰিস্থিতি সঁচাকৈয়ে অত্যন্ত উদ্বেগজনক।...