তিব্বতত চীনে মুকলি কৰিলে প্ৰথমখন বুলেট ট্ৰেইন

গুৱাহাটী, ২৫ জুন, NKTV: অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তিব্বতত চীনে মুকলি কৰিলে প্ৰথমখন বুলেট ট্ৰেইন। শুকুৰবাৰে চীনে আৰম্ভ কৰিলে সম্পূৰ্ণভাৱে বৈদ্যুতিক প্ৰথখন বুলেট ট্ৰেইন। অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তিব্বতত আৰম্ভ হল প্ৰথমখন বুলেট ট্ৰেইন। এই বুলেট ট্ৰেইনখনে তিব্বতৰ পৰা প্ৰাদেশিক ৰাজধানী LHASAআৰু NYINGCHIক সংযুক্ত কৰিব। উল্লেখ্য যে, তিব্বত সীমান্তৰ নিচেই কাষতেই লাগি আছে ভাৰতৰ অংগ ৰাজ্য অৰুণাচল প্ৰদেশ। LHASA-NYINGCHIৰ মাজত সংযুক্ত হোৱা এই পথৰ দৈৰ্ঘ্য ৪৩৫.৫ কি.মি। ট্ৰেইনখন ১৬০ কি.মিৰ প্ৰতি ঘণ্টাৰ বেগেৰে চলাচল কৰিব পৰা ক্ষমতা সম্পন্ন। ২০২০ চনৰ নৱেম্বৰ মাহত XI JINPINGয়ে শীঘ্ৰেই এই বুলেট ট্ৰেইনখন নিৰ্মাণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গোৱালপাৰাত কুঁৱাৰ ভিতৰত আৱিষ্কাৰ দুবিধ নতুন ভূ-গৰ্ভস্থ মাছৰ প্ৰজাতি

অসমৰ জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ। গোৱালপাৰা জিলাত কুঁৱাত...

ছৌদি আৰৱৰ পৰা স্বদেশলৈ উভতিল প্ৰায় ৩,০০০ আবদ্ধ ভাৰতীয় উমৰাহ যাত্ৰী

ছৌদি আৰৱত আবদ্ধ হৈ থকা প্ৰায় ৩,০০০ ভাৰতীয় উমৰাহ...

ফ্ৰেন্স অ’পেনত বিশ্বৰ ২ নম্বৰ আকানে য়ামাগুচিক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা অস্মিতা

ফ্ৰেন্স অ’পেন ২০২৬ বেডমিণ্টন প্ৰতিযোগিতাত কেৰিয়াৰৰ অন্যতম বৃহৎ সাফল্য...