নিৰাপত্তা ভেদি অসমত সোমাল ১৭ বাংলাদেশী

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ সময়তে ভাৰতীয় চোৰাংচোৱাই লাভ কৰিছিল কেতবোৰ বিশেষ তথ্য। দেশখনত আগ্ৰাসী হৈ উঠা মৌলবাদী শক্তিয়ে অশান্ত কৰিব অসম। ভাৰতীয় চোৰাংচোৱাৰ এই খবৰৰ পিছতে অত্যন্ত কটকটীয়া কৰি তোলা হৈছিল সীমান্তৰ নিৰাপত্তা। অসমৰ প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কৈছিল- অসমত ছীল কৰি দিয়া হৈছে ভাৰত-বাংলাদেশ সীমান্ত।

এতিয়া আচৰিত ঘটনা ঘটিছে সীমান্তত। নিৰাপত্তা ভেদি অসমত সোমাল ১৭ বাংলাদেশী। জলপথেৰে সোমবাৰে অসমত মহিলাসহ প্ৰৱেশ কৰিলে ১৭ বাংলাদেশীয়ে। অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী দলটোৰ এগৰাকী মহিলাক আটক কৰি আৰক্ষীক গতাই দিয়ে ৰাইজে। লিপি আখতাৰ নামৰ মহিলাগৰাকীৰ চাঞ্চল্যকৰ স্বীকাৰোক্তি। দুটা দালালে সীমান্ত পাৰ কৰাইছিল ১৭ বাংলাদেশীক। বাংলাদেশৰ হেলিম আৰু ধুবুৰীৰ আলী নামৰ দুই দালাল। তামিলনাডুত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে এই ১৭ বাংলাদেশীক জলপথেৰে সীমান্ত পাৰ কৰাইছিল হেনো দুই দালালে। মহিলাগৰাকী আটক হ’ল, বাকী ১৬ৰ সন্ধান নাই।

বিষয়টোক লৈ X-হেণ্ডেলত মুখ্যমন্ত্ৰীৰো বাৰ্তা- ১৮ আগষ্টৰ পুৱতি নিশা অসমৰ ভূমিত প্ৰৱেশ ধৃত মহিলাগৰাকী। প্ৰায় ২৪ ঘন্টা ধৰি বাছ আৰু নাৱেৰে যাত্ৰা কৰাৰ পিছত পদব্ৰজে দক্ষিণ শালমাৰাৰ সুখচৰত উপস্থিত হৈছিল মহিলাগৰাকী। বাকী ১৬ জনৰ সন্ধানত আৰক্ষীৰ অভিযান চলি থকাৰ কথাও X-হেণ্ডেলত ক’লে মুখ্যমন্ত্ৰীয়ে।
আশ্চৰ্যজনকভাৱে সোধা পোচাৰ পিছতে ধৃত বাংলাদেশী মহিলাগৰাকীক উভতাই পঠিওৱা হয় বাংলাদেশলৈ। কিন্তু কিয়? মহিলাগৰাকীৰ সৈতে একেলগে অসমত প্ৰৱেশ কৰা আন ১৬ জনৰ সন্ধান নোপোৱাকৈ কিয় এৰি দিয়া হ’ল আটকাধীন মহিলাগৰাকীক? মহিলাগৰাকীৰ স্বীকাৰোক্তি প্ৰকাশ পোৱা তামিলনাডুত সংস্থাপনৰ কথা কিমানদূৰ সচাঁ? নে কোনো মৌলবাদী শক্তিৰে জড়িত এই বাংলাদেশী দল? ক্ষোভিত ধুবুৰীৰ দল-সংগঠন।

আটাইতকৈ ডাঙৰ প্ৰশ্ন এটাই- কটকটীয়া নিৰাপত্তা বেহু ভেদি কেনেকৈ মাত্ৰ দুটা দালালে সীমান্ত পাৰ কৰালে মহিলাসহ ১৭ বাংলাদেশীক? সীমান্তত প্ৰকৃততে কি কৰি আছে BSF- এ? নিজৰ ব্যৰ্থতা গাপ দিবলৈয়ে ধৃত বাংলাদেশী মহিলাক মুকলি কৰি উভতাই পঠালে নেকি আৰক্ষী-নিৰাপত্তা বাহিনীয়ে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...