২৩ আগষ্টত ইউক্ৰেইনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে ইউক্ৰেইন ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ২১, ২২ আগষ্টত দুদিনীয়া পোলেণ্ড ভ্ৰমণ সামৰি ২৩ আগষ্টত ইউক্ৰেইনত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰে এই কথা। যোৱা ৮, ৯ জুলাইত প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণক লৈ ক্ষোভ প্ৰকাশ কৰিছিল ইউক্ৰেইনে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ লগতে ৰাছিয়াৰ শীৰ্ষ প্ৰতিনিধিৰ সৈতে মোদীয়ে বৈঠকত মিলিত হোৱাকলৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল ইউক্ৰেইনে। এইবাৰ ইউক্ৰেইনক সন্তুষ্ট কৰিবলৈকে ইউক্ৰেইন ভ্ৰমণসূচী হাতত লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। ইউক্ৰেইন ভ্ৰমণকালত মোদীয়ে ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয়লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে। ইউক্ৰেইন ভ্ৰমণৰ পূৰ্বে ২১ আৰু ২২ আগষ্টত পোলেণ্ড ভ্ৰমণসূচী হাতত লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। ৪০ বছৰৰ মূৰত প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ’ব প্ৰথম পোলেণ্ড ভ্ৰমণ। ১৯৭৯চনত মোৰাৰজী দেশাইয়ে পোলেণ্ড ভ্ৰমণ কৰিছিল। ৰাজধানী ৱাৰ্ছত প্ৰধানমন্ত্ৰী মোদীয়ে পোলেণ্ডৰ ৰাষ্ট্ৰপতি আন্দ্ৰেজেজ ডুদা আৰু প্ৰধানমন্ত্ৰী ড’নাল্ড টাস্কৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বিষয়ক লৈ বৈঠকত মিলিত হ’ব। দুয়োদেশৰ মাজত প্ৰতিৰক্ষা বিষয়কলৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...