জি পি সিং– সম্পূৰ্ণ নাম জ্ঞানেন্দ্ৰ প্ৰতাপ সিং। এগৰাকী কঠোৰ আৰু শৃংখলাৱদ্ধ আৰক্ষী বিষয়া হিচাপে পৰিচিত এটা নাম। ১৯৯১ বেটছৰ অসম–মেঘালয় কেডাৰৰ এগৰাকী IPS বিষয়া।
নিজৰ কৰ্ম দক্ষতা, বিচক্ষণতা, তীক্ষ্ণ বুদ্ধিমত্তাৰ লগতে এক ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে আৰক্ষী সেৱাত কম সময়ৰ ভিতৰতে নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল জি পি সিঙে।
উত্তৰপ্ৰদেশৰ আলিগড়ৰ প্ৰকৃত বাসিন্দা জি পি সিঙে স্কুলীয়া আৰু কলেজীয়া শিক্ষা লক্ষ্ণৌত সামৰি পৰৱৰ্তী সময়ত ভাৰতীয় আৰক্ষী সেৱাত নিয়োজিত হয়। ১৯৯২ চনত জি পি সিঙে এগৰাকী আই পি এছ ট্ৰেইনি হিচাপে সেই সময়ত অশান্ত অঞ্চল হিচাপে পৰিচিত অসমত আহি যোগদান কৰে।
তেতিয়া উগ্ৰপন্থীৰ সমস্যা, তীব্ৰ বিদ্ৰোহ দমনত ব্যস্ত আছিল অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰক্ষী বিভাগ। এনে এক সন্ধিক্ষণত অসম আৰক্ষী সেৱাত নিয়োজিত হৈ পৰ্যায়ক্ৰমে নিজৰ বিচক্ষণতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল জি পি সিং।
দীৰ্ঘ সময় অসম আৰক্ষীৰ শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ২০০২ চনত জি পি সিঙে দিল্লীত SPG অৰ্থাৎ স্পেছিয়েল প্ৰটেকশ্যন গ্ৰুপত যোগদান কৰে।
SPGৰ কাৰ্যকালত জি পি সিঙে দেশৰ প্ৰধানমন্ত্ৰীকে ধৰি ভি ভি আই পিৰ বিশেষ নিৰাপত্তাত নিজৰ বিচক্ষণতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। দেশক দুগৰাকী প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু ড০ মনমোহন সিঙৰ নিৰাপত্তাৰ দায়িত্বৰ ভাৰো আছিল জি পি সিঙৰ কান্ধত।
২০১৩ চনত জিপি সিঙক NIA অৰ্থাৎ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সীত ইনছপেক্টৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হয়। সেই সময়ছোৱাত জি পি সিঙে কেইবাটাও সন্ত্ৰাস দমনমূলক অভিযান আৰু তদন্তত বিশেষ সফলতা দেখুৱাবলৈ সক্ষম হয়। এই ক্ষেত্ৰত মালেগাঁও , চমজৌতা, আজমেৰ শ্বৰিফ আৰু মক্কামছজিদ বিস্ফোৰণৰ ঘটনাত জি পি সিঙৰ ভূমিকা অতি উল্লেখনীয়।
আনকি জম্মু–কাশ্মীৰৰ পুলৱামা, উৰি আৰু পাঠানকোটৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ তদন্ততো উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল জি পি সিঙে। ২০২০ৰ নৱেম্বৰ পৰ্যন্ত জিপি সিঙৰ কেন্দ্ৰীয় ডেপুটেশ্যনৰ সময়সীমা আছিল যদিও হঠাৎ ২০১৯ চনত নাগৰিকত্ব সংশোধী বিধেয়কক কেন্দ্ৰ কৰি অসমত সৃষ্টি হোৱা অৰাজক পৰিস্থিতিৰ বাবে পুনৰ অসমত আইন শৃংখলাৰ ADGP হিচাপে নিযুক্তি দিয়া হয় ।
২০১৯ত অসমত যোগদান কৰিয়েই কম সময়ৰ ভিতৰত কা আন্দোলন দমন কৰিবলৈ সক্ষম হৈছিল জি পি সিং।
পৰৱৰ্তী সময়ত অসম চৰকাৰে আইন শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব অৰ্পণ কৰে আৰু DGP ভাস্কৰজ্যোতি মহন্তৰ বিদায়ৰ পিছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব অৰ্পণ কৰা হয়। হাৰমীট সিঙে দায়িত্ব লোৱাৰ পিছতে অৱসৰ গ্ৰহণ কৰিলে ডিজিপি পদৰ পৰা।
৩০ জানুৱাৰীত CRPFৰ DG ৰূপে দায়িত্ব গ্ৰহণ কৰিলে জি পি সিঙে। বহু ঘাট-প্ৰতিঘাত, সমস্যা জর্জৰ পৰিৱেশৰ পৰা আজিৰ প্ৰেক্ষাপটতলৈ তেওঁ সাক্ষী। অসম এৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী, অসমৰ জনতা, অসম আৰক্ষী, সংবাদ মাধ্যমক ধন্যবাদ জনালে।