ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ বিষয়ে ১০টা আকৰ্ষণীয় তথ্য

১. জেলেনস্কি এজন প্ৰাক্তন অভিনেতা, কৌতুক অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা যি ইউক্ৰেইনৰ বিভিন্ন টিভি ছিৰিজ আৰু চলচ্চিত্ৰত অভিনয় কৰিছে।

২. ৰাষ্ট্ৰপতি হোৱাৰ আগতে, তেওঁ চাৰ্ভেন্ট অফ দ্য পিপল শীৰ্ষক এটা ৰাজনৈতিক ব্যংগ টিভি শৃংখলাত অভিনয় কৰিছিল, য’ত তেওঁ এজন বিদ্যালয়ৰ শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছিল যি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হ’বলৈ যায়। এই ছিৰিজটো ২০১৫ চনৰ পৰা ২০১৮ চনলৈ সম্প্ৰচাৰিত হৈছিল আৰু এবছৰ পিছত ২০১৯ চনত, তেওঁ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।

৩. ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে, জেলেনস্কিৰ ৰাজনৈতিক অভিজ্ঞতা নাছিল। তেওঁ তেওঁৰ ৰাজনৈতিক দলৰ নাম টিভি ছিৰিজ চাৰ্ভেন্ট অফ দ্য পিপলৰ নামেৰে ৰাখিছিল।

৪. ভলোডিমিৰ জেলেনস্কি এজন ৰাছিয়ান ভাষী ইহুদী।

৫. ককাদেউতাক চেমিয়ন ইভানোভিচ জেলেনস্কিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰেড আৰ্মীত অংশগ্ৰহণ কৰিছিল, ৫৭তম গাৰ্ডছ মটৰ ৰাইফল ডিভিজনত চেমিয়নৰ দেউতাক আৰু তিনিজন ভাতৃ হ’ল’কষ্টত নিহত হৈছিল।

৬. ভলোডিমিৰ জেলেনস্কিয়ে ২০০৩ত ওলেনা জেলেনস্কাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে, যি এগৰাকী স্থপতিবিদ। তেওঁক ইউক্ৰেইনৰ আটাইতকৈ প্ৰভাৱশালী মহিলা হিচাপে গণ্য কৰা হয়। দম্পতীটোৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে।

৭. ভলোডিমিৰ জেলেনস্কিয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি পেট্ৰো পোৰোচেঙ্কোক ২০১৯ চনত ৭০%তকৈও অধিক ভোটত পৰাজিত কৰিছিল।

৮. দুৰ্নীতিত জড়িত থকাৰ সন্দেহত তেওঁ পাণ্ডোৰা পেপাৰছতো আছিল।

৯. জেলেনস্কিয়ে মংগোলীয় চহৰ এৰ্ডেনেটত চাৰি বছৰ অতিবাহিত কৰিছিল, য’ত তেওঁৰ দেউতাকে প্ৰাথমিক বিদ্যালয়ত কাম কৰিছিল।

১০. ৰাষ্ট্ৰপতি হোৱাৰ পূৰ্বে জেলেনস্কিয়ে কৈছিল যে, তেওঁ এটা কাৰ্যকালৰ বাবেহে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...