কাম নকৰাকৈয়ে সৰকালে ১ কোটি টকা, ঠিকাদাৰ ধীৰাজ বৰগয়াৰীৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ

এক কোটি টকীয়া আঁচনিৰ পথ নিৰ্মানত দুৰ্নীতিৰ অভিযোগত ৰাইজৰ পথ অৱৰোধ। ঠিকাদাৰে কাম নকৰাকৈয়ে সমুদায় টকা উঠোৱাৰ অভিযোগ গঞাৰ। বিভাগীয়ভাবে অভিযোগ দিয়াৰ পিচতো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ।

চিৰাং জিলাৰ দত্তপুৰ-বামুনগাঁও ভিচিডিচিৰ অন্তৰ্গত বীৰ গাঁৱৰ ৰাইজৰ ক্ষোভ। পাঁচ বছৰ পূৰ্বে বিটিচিত বিপিএফৰ শাসন থকাৰ সময়তে জৰাজীৰ্ণ পথচোৱা নিৰ্মাণৰ বাবে এক কোটি টকাৰ চৰকাৰী আঁচনি লাভ কৰিছিল গাঁওখনে। ধীৰাজ বৰগয়াৰী নামৰ ঠিকাদাৰজনে কামৰ ঠিকা লাভ কৰিছিল।

কাম পোৱাৰ পিচত ঠিকাদাৰজনে পথচোৱা অৰ্ধনিৰ্মিত অৱস্থাত ৰাখি সমুদায় ধন উঠাই লোৱাৰ অভিযোগ কৰে ৰাইজে। পথ নিৰ্মানত বক্স কাৰ্লভাৰ্ট দিব লগীয়া ঠাইত হিউম পাইপ দিয়াৰ লগতে পথচোৱাৰ কেবাঠাইত নিৰ্মাণ নকৰিলে ঠিকাদাৰজনে।

৩০ শতাংশও কাম নকৰাকৈয়ে সমুদায় ধন ঠিকাদাৰ ধীৰাজ বৰগয়াৰীয়ে লুণ্ঠন চলোৱাৰ অভিযোগ। ৰাইজৰ আপত্তিক কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। ৰাইজে বিভাগীয় অভিযোগ দিয়াৰ পিচতো গুৰুত্ব নিদিয়াৰ অভিযোগ। ৰাইজৰ দাবী পথ নিৰ্মাণ কৰিবই লাগিব। অন্যথা আইনৰ কাষ চপাৰ হুংকাৰ ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...