কাম নকৰাকৈয়ে সৰকালে ১ কোটি টকা, ঠিকাদাৰ ধীৰাজ বৰগয়াৰীৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ

এক কোটি টকীয়া আঁচনিৰ পথ নিৰ্মানত দুৰ্নীতিৰ অভিযোগত ৰাইজৰ পথ অৱৰোধ। ঠিকাদাৰে কাম নকৰাকৈয়ে সমুদায় টকা উঠোৱাৰ অভিযোগ গঞাৰ। বিভাগীয়ভাবে অভিযোগ দিয়াৰ পিচতো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ।

চিৰাং জিলাৰ দত্তপুৰ-বামুনগাঁও ভিচিডিচিৰ অন্তৰ্গত বীৰ গাঁৱৰ ৰাইজৰ ক্ষোভ। পাঁচ বছৰ পূৰ্বে বিটিচিত বিপিএফৰ শাসন থকাৰ সময়তে জৰাজীৰ্ণ পথচোৱা নিৰ্মাণৰ বাবে এক কোটি টকাৰ চৰকাৰী আঁচনি লাভ কৰিছিল গাঁওখনে। ধীৰাজ বৰগয়াৰী নামৰ ঠিকাদাৰজনে কামৰ ঠিকা লাভ কৰিছিল।

কাম পোৱাৰ পিচত ঠিকাদাৰজনে পথচোৱা অৰ্ধনিৰ্মিত অৱস্থাত ৰাখি সমুদায় ধন উঠাই লোৱাৰ অভিযোগ কৰে ৰাইজে। পথ নিৰ্মানত বক্স কাৰ্লভাৰ্ট দিব লগীয়া ঠাইত হিউম পাইপ দিয়াৰ লগতে পথচোৱাৰ কেবাঠাইত নিৰ্মাণ নকৰিলে ঠিকাদাৰজনে।

৩০ শতাংশও কাম নকৰাকৈয়ে সমুদায় ধন ঠিকাদাৰ ধীৰাজ বৰগয়াৰীয়ে লুণ্ঠন চলোৱাৰ অভিযোগ। ৰাইজৰ আপত্তিক কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। ৰাইজে বিভাগীয় অভিযোগ দিয়াৰ পিচতো গুৰুত্ব নিদিয়াৰ অভিযোগ। ৰাইজৰ দাবী পথ নিৰ্মাণ কৰিবই লাগিব। অন্যথা আইনৰ কাষ চপাৰ হুংকাৰ ৰাইজৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...