১৮ নৱেম্বৰৰ পৰা মাজুলীত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ

মাজুলীত ৰাস মহোৎসৱৰ ব্যাপক ব্যস্ততা
মাজুলীৰ ৫৪টা মঞ্চ, ২০খন সত্ৰত অনুষ্ঠিত হ’ব ৰাস
ৰাসৰ বাবে মুখা নিৰ্মাণত ব্যস্ত চামগুৰি সত্ৰৰ শিল্পী

সমাগত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰাজ্যজুৰি ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে শিল্পী তথা কলা-কুশলীসকল। অন্য প্ৰান্তৰ সমান্তৰালকৈ মাজুলীতো ৰাসৰ ব্যস্ততা। মাজুলীৰ প্রান্তে প্রান্তে এতিয়া খোল-তাল-গীতৰ শব্দত মুখৰিত পৰিবেশ। মাজুলীৰ ৫৪টা মঞ্চ আৰু কুৰিখন সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ আখৰাত ব্যস্ত হৈ পৰিছে শিল্পী তথা কলা কুশলী সকল। শিশুৰ পৰা বৃদ্ধলৈকে সকলো ওলাই আহিছে ৰাসৰ আখৰাৰ বাবে।

মাহজোৰা আখৰাৰ অন্তত ১৮ নৱেম্বৰৰ পৰা মাজুলীত অনুষ্ঠিত হ’ব শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ। ১৮১ বছৰ অতিক্ৰম কৰা এই ৰাস মহোৎসৱ সম্পূৰ্ণ সাত্ত্বিক আৰু তাত্ত্বিক ভাৱে অনুষ্ঠিত কৰা হয়। আনহাতে ৰাস মহোৎসৱৰ বাবে মুখা নিৰ্মাণত ব্যস্ত হৈ পৰিছে চামগুৰি সত্ৰৰ শিল্পী। মাজুলীৰ পৰম্পৰা শৈলীত নিৰ্মান কৰা এই মুখাবোৰ মাজুলীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰে শিল্পী সকলে। ৰাসৰ আগমণত এতিয়া ব্যস্ততাৰ অন্ত নাই এইসকল শিল্পীৰ। সমান্তৰালভাৱে ৰাসলীলা মহোৎসৱৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ ভিন্ন প্ৰান্তৰ পৰা মাজুলীলৈ আগমন ঘটিছে পৰ্যটকৰ।

মাজুলীৰ পৰা মিটু খাটনিয়াৰৰ প্ৰতিবেদন

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...