উত্তৰ শালমাৰাৰ যুৱ ব্যৱসায়ীৰ মহানুভৱতাঃ অৰ্দ্ধশতাধিক পৰিয়ালক অন্ন, বস্ত্ৰ প্ৰদান

মানুহৰ কৰিবলৈ মন থাকিলে কৰিব নোৱাৰা কাম একো নাই। তাৰেই যেন জ্বলন্ত উদাহৰণ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা গাৰো দোকানৰ উদীয়মান যুৱ ব্যৱসায়ী সঞ্জয় ৰায়। গাৰো দোকানৰ চিলাৰায় কেমিকেল বাটাম নামৰ উদ্যোগটোৰ স্বত্বাধিকাৰী ৰবি চন্দ্ৰ ৰায়ৰ কনিষ্ঠ পুত্ৰ সঞ্জয় ৰায়ে প্ৰতিদিনে বিভিন্ন অঞ্চলৰ পিছপৰা তথা দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দি পৰিচয় দিছে মহানুভৱতাৰ। নিজৰ সীমিত উপাৰ্জনৰ পৰাই আৰ্তজনক এমুঠি খাদ্য আৰু বস্ত্ৰ প্ৰদান কৰাটোৱেই যেন জীৱনৰ লক্ষ্য হিচাপে বাচি লৈছে সঞ্জয়ে। উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী সাধাৰণ সদস্য সঞ্জয়ে এসময়ত আৰ্থিক অভাৱৰ মাজেৰে পাৰ কৰিব লগা হৈছিল জীৱনৰ সোণোৱালী শৈশৱ। প্ৰকৃতিক ভাল পোৱা পিতৃ ৰবি চন্দ্ৰ ৰায়ে গছ ৰক্ষাৰ বাবেই বাচি লৈছিল কেমিকেল বাটাম তৈয়াৰ কৰা এটা ক্ষুদ্ৰ উদ্যোগ। এই উদ্যোগটোৰে স্বাৱলম্বী হোৱা সঞ্জয় আজি এগৰাকী সফল যুৱ ব্যৱসায়ীৰূপে পৰিগণিত হৈছে। সমাজৰ হকে কাম কৰি সঞ্জয়ে দুৰ্যোগৰ সময়ত জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে আৰ্তজনক আগবঢ়াই আহিছে সহায়ৰ হাত। যাৰ বাবে স্বাধীনতা দিৱসত সঞ্জয়ক বঙাইগাঁও জিলা প্ৰশাসনে জ্ঞাপন কৰে সম্বৰ্দ্ধনা। সঞ্জয় ৰায়ৰ এই কৰ্মৰ আঁৰত নাই কোনো ৰাজনৈতিক পৰিকল্পনা। মানুহে মানুহৰ বাবেই কিবা এটা কৰি যোৱাৰ হাবিয়াস পুহি ৰখা সঞ্জয়ে অনাগত দিনবোৰতো আৰ্তজনৰ হৈ নিঃস্বাৰ্থ ভাৱে সামাজিক দায়বদ্ধতা পালন কৰি যাব বুলি দৃঢ়প্ৰতিজ্ঞ।

Popular

More like this
Related

হৰমুজ প্ৰণালীৰ নিয়ম উলংঘাকাৰী জাহাজক জৰিমনা আৰু জব্দ কৰাৰ হুংকাৰ ইৰানৰ

বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহন পথ হৰমুজ প্ৰণালীৰে চলাচল...

কেৰালাৰ কাজীয়া লিজ মেজোৰ শিৰত ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৬’ৰ মুকুট

কেৰালাৰ মাৱেলিক্কৰাৰ অধিবাসী কাজীয়া লিজ মেজোৱে ‘মিছ ইউনিভাৰ্ছ ইণ্ডিয়া...