স্বাভিমানী অসমীয়া, বিলাসী গাড়ীত জিলিকিছে চিৰচেনেহী অসমীয়া ভাষা!

অসমৰ জাতীয় সংগীতৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গ , সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কালজয়ী গীতলৈ।

অসমীয়াৰ স্বভিমান গামোচা খনৰ পৰা আৰম্ভ কৰি পৃথিৱী বিখ্যাত, অসম সম্পদ এহিঅংগীয়া গড়লৈ অংকন কৰা আছে এই বিশেষ গাড়ী খনত।

ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ গাড়ী কেইখনে কহিয়াই নিয়ে অসমীয়াৰ আৱেগ। সেইবাবে আজি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এই গাড়ী কেইখন।


এই গাড়ী কেইখনৰ গৰাকী হৈছে হাসেন আলী। ২১ বছৰ বয়সত তেওঁ আছিল আনৰ ড্ৰাইভাৰ। কষ্ট , একাগ্ৰতা আৰু কৰ্মস্পৃহাৰ ফলত তেওঁ অতি কম বয়সতে আৰম্ভ কৰিছে ‘নৰ্থ ইষ্ট গেট ওৱে’ নামৰ এটা ট্ৰেভেল এজেঞ্চী।

আনৰ গাড়ী চলোৱা হাসেন আলী আজি ৬ খন গাড়ীৰ গৰাকী। বিদেশী পৰ্যটকে গাড়ীত উঠিলে গাড়ী খনৰ অংকন কৰা প্ৰতিটো বস্তু বুজাই দিয়ে চালক হাসেন আলীয়ে। সেইবাবে এই গাড়ী কেইখন আজি বিশেষ চৰ্চাত।

ইয়াৰ উপৰিও নিজৰ লগতে আন ১০ জনকো কৰ্মসংস্থাপন দিছে হাসেন আলীয়ে। কম বয়সতে চিন্তা আৰু কৰ্মদক্ষতাই তেওঁক অধিক সফলতাৰ বাট দেখুৱাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...