ঝাৰখণ্ডত আস্থা ভোটত বিজয়ী হেমন্ত ছোৰেণ নেতৃত্বাধীন চৰকাৰ

ঝাৰখণ্ডত আস্থা ভোটত বিজয়ী হেমন্ত ছোৰেণ নেতৃত্বাধীন চৰকাৰৰ। সোমবাৰে বিধানসভাত আস্থা ভোটৰ সন্মুখীন হৈছিল JMM নেতৃত্বাধীন ছোৰেন চৰকাৰ। আস্থা ভোটৰ সময়তে বিৰোধীয়ে সদন ত্যাগ কৰাত অনায়াসে আস্থা ভোটত বিজয়ী হয় হেমন্ত ছোৰেণ চৰকাৰ। মনোনীত সদস্য যোছেফ পি গালাষ্ট’নকে ধৰি ৪৫জন বিধায়কে হেমন্ত ছোৰেণৰ সপক্ষে ভোটদান কৰে। আস্থা ভোটৰ সময়তে বিজেপি আৰু AJSUৰ বিধায়কসকলে সদন ত্যাগ কৰে। ঝাৰখণ্ড বিধানসভাত আছে বিজেপিৰ ২৪জন আৰু AJSUৰ ৩জন বিধায়ক। আস্থা ভোটৰ সময়ত সদনত উপস্থিত আছিল মুঠ ৭৫জন বিধায়ক। নিৰ্দলীয় বিধায়ক সৰজু ৰয় ভোটদানৰ পৰা বিৰত থাকে। শাসনাধিস্থ সন্মিলিত চৰকাৰৰ সহযোগী দলসমূহৰ ভিতৰত আছে JMM, কংগ্ৰেছ আৰু RJD। হেমন্ত ছোৰেণ চৰকাৰক বাহিৰৰ পৰা সমৰ্থন জনাইছে CPI (ML)ৰ একমাত্ৰ বিধায়কজনে। লোকসভা নিৰ্বাচনৰ পিছত JMM নেতৃত্বাধীন মিত্ৰজোঁটৰ সদস্য সংখ্যা ৪৫জনলৈ হ্ৰাস পায়। ঝাৰখণ্ডৰ ৮১জনীয়া বিধানসভাত JMMৰ ২৭জন, কংগ্ৰেছৰ ১৭জন আৰু RJDৰ এজন বিধায়ক আছে। JMMৰ ২ বিধায়কক্ৰমে নলীন ছোৰেণ আৰু জবা মাঝি সাংসদৰূপে নিৰ্বাচিত হোৱাৰ বিপৰীতে আন এজন বিধায়ক সীতা ছোৰেণে লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতাৰ বাবে পদত্যাগ কৰিছিল। উল্লেখ্য যে হেমন্ত ছোৰেণে এইবাৰ তৃতীয়বাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। পূৰ্বৰ মুখ্যমন্ত্ৰী চম্পাই ছোৰেণে পদত্যাগ কৰাৰ পিছত যোৱা ৪ জুলাইত ৰাজ্যখনৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিছিল হেমন্ত ছোৰেণে। ধন আত্মসাৎ আৰু ভূমি কেলেংকাৰি গোচৰত ED-য়ে যোৱা ৩১ জানুৱাৰীত হেমন্ত ছোৰেণক গ্ৰেপ্তাৰ কৰিছিল। ৫ মাহ ধৰি কাৰাগাৰত থকাৰ পিছত যোৱা ২৮ জুনত জামিনত মুক্তি লাভ কৰিছিল হেমন্ত ছোৰেণে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...