কয়লা ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ হৈছে কোটিৰ ঘৰত কয়লাৰ টকা

পাটকাই পাহাৰৰ অবৈধ কয়লা খনিত ভূগৰ্ভস্থ হল তিনিজন শ্ৰমিক। এতিয়াও অভিযানকাৰী দলে উদ্ধাৰ কৰিব পৰা নাই শ্ৰমিক তিনিজনৰ মৃতদেহ। কিন্তু এই কয়লাৰ বেহাৰে জড়িত ব্যৱসায়ীৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিছে কোটি কোটি টকা। অভিযানৰ খবৰ পাই পলায়ন কৰিলে কয়লা ব্যৱসায়ীয়ে। শ্ৰমিক পোত যোৱা স্থানত উপস্থিত হৈ চৰকাৰক তীব্ৰ আক্ৰমণ কৰিলে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰণতি ফুকনে। এতিয়াও মাৰ্ঘেৰিটাৰ সেই অবৈধ কয়ালখনিত সমাধিস্থ হৈ আছে তিনি শ্ৰমিক। শিহৰণকাৰী এটা ঘটনা ঘটিল অবৈধভাবে কয়লা খনন কৰি থকা শ্ৰমিকৰ লগত। কয়লা, মাফিয়া, মাইনিং আৰু টকা। সাধাৰণ ৰাইজৰ চকুত নপৰা এখন অসাধাৰণ কাৰুকাৰ্যৰে গঢ়া অন্ধকাৰ সাম্ৰাজ্যৰ কাহিনী সেয়া। যত কাৰোবাৰ যদি বিলাসী জীৱন, কাৰোবাৰ জীৱন হাতৰ মুঠিত। য’ত মৃত্যু একেবাৰেই সহজ। যত মৃতদেহেও নাপায় মৰ্যাদা। শিলাময় পাটকাই পাহাৰত ক’ল ইণ্ডিয়াৰ খনন এলেকাত অবৈধভাৱে খনন চলাই আছিল নেপালৰ দাৱ শ্বেৰ্পা, আৰু মেঘালয়ৰ জন নংগ্ৰাম আৰু ফিলিন উম্বাহে। তিনিওৰে সৈতে আছিল আৰু এজন শ্ৰমিক। দাৱ, জন আৰু ফিলিনে পাহাৰৰ ভিতৰত খনন কৰি আছিল। আনজন শ্ৰমিকে ভিতৰৰ পৰা বাহিৰলৈ কয়লা কঢ়িয়াই আছিল। পাহাৰখনত হঠাৎ হোৱা ভূমিস্খলনে ৰেট হোল মাইনিং চলি থকা সুৰংগৰ মুখখন বন্ধ কৰি পেলালে। মুহূৰ্তৰ ভিতৰতে তিনিও আৱদ্ধ হৈ পৰিল সুৰংগৰ ভিতৰত। যোৱা শুকুৰবাৰে নিশা ঘটিছিল সেই ঘটনা। ঘটনাৰ ৪ দিন হল। এতিয়ালৈ শ্ৰমিককেইজনৰ মৃতদেহ উদ্ধাৰেই হোৱা নাই। উদ্ধাৰকাৰী দলে চলাইছে অভিযান। কিন্তু অভিযান সফল হোৱা নাই।

মৃতদেহ উদ্ধাৰ অভিযানৰ সমান্তৰালকৈ আৰক্ষীয়ে কয়লাখনিৰে কোন জড়িত সেই বিষয়তো আৰম্ভ কৰিছিল তদন্ত। সেই অনুসৰিয়েই অভিযান চলিল মাৰ্ঘেৰিটাৰ কয়লা ব্যৱসায়ীৰ ঘৰত। কয়লা ব্যৱসায়ী ৰ’ন লুংচাং। এই ৰন লুংচাঙেই পাটকাইৰ সেই অবৈধ খনিত নিয়োগ কৰিছিল শ্ৰমিক। আৰক্ষীয়ে তেনেকৈয়ে সন্দেহ কৰিছে। পাটকাইৰ সেই ক’লা সোণৰ ব্যৱসায়েৰে ৰনই গঢ়া টকাৰ পাহাৰত আৰক্ষী। আৰক্ষীয়ে ৰন লুংচাঙৰ ঘৰত চলাইছিল অভিযান। অভিযানৰ খবৰ পায়েই পলাইছিল ৰন। ঘৰৰ ভিতৰত অভিযান চলাওঁতে বাণ্ডিলে বাণ্ডিলে উদ্ধাৰ হল ৫০০-২০০টকীয়া নোট। টকা গণিবলৈ কেইবাঘন্টা লাগিল আৰক্ষীক। অভিযান চলাই আৰক্ষীয়ে ৩ কোটিতকৈ অধিক টকা উদ্ধাৰ কৰিলে কয়লা ব্যৱসায়ী ৰনৰ ঘৰত। বহুসময় মেচিনেৰে টকা গণি বেগে বেগে লৈ আনিলে আৰক্ষীয়ে। ইপিনে, পাটকাইৰ ঘটনাস্থলীত প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজৰ নেতৃত্বত উপস্থিত হয়গৈ কংগ্ৰেছৰ এটা দল। মাইনিঙৰ স্থান পৰিদৰ্শন কৰি চৰকাৰক কঠোৰ সমালোচনা প্ৰণতি ফুকনৰ। প্ৰণতি ফুকনৰ অভিযোগ কয়লাৰ ক’লা বেহাৰে জড়িত আছে দিল্লী-দিছপুৰ! সেয়ে চৰকাৰে ৰোধ কৰিব পৰা নাই কয়লাৰ অবৈধ ব্যৱসায়। বহু লোকৰ প্ৰাণ গৈছে। এই কলা বেহাৰ বিৰুদ্ধে ৰাইজক ওলাই অহাৰ আহ্বান।

৪জন শ্ৰমিকৰ এজনৰ প্ৰাণৰক্ষা হোৱাৰ বাবেহে পোহৰলৈ আহিল এই ভয়ানক ঘটনা। এনেকৈ কিমান জীৱন কোনেও নজনাকৈ শেষ হৈ গৈছে তাৰ কোনো তথ্য কাৰো হাতত নাই। অভিযানত কয়লা ব্যৱসায়ীৰ ঘৰত তিনি কোটি উদ্ধাৰ হৈছে। আৰু ওলাব টকা। কয়ালৰ কলা ব্যৱসায়ে ধনী কৰিছে মন্ত্ৰী-ব্যৱসায়ীক। এইদৰে চৰকাৰক আক্ৰমণ প্ৰণতি ফুকন আৰু দুৰ্গা ভূমিজৰ।

এই ঘটনাই বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। কেন্দ্ৰ-ৰাজ্যত বিজেপি চৰকাৰ। কলা বেহা, অনিয়মৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। তাৰ পাছতো কেনেকৈ চলিছে কয়ালৰ গোপন বেপাৰ। মাৰ্ঘেৰিটাৰ পাহাৰাত এতিয়াও কেনেকৈ পৰি আছে মাফিয়াৰ হাতোৰা। প্ৰণতি ফুকনে উত্থাপন কৰা অভিযোগসমূহো কিন্তু মন কৰিবলগীয়া। কাণৰ তেওঁ অভিযোগ আনিছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে। গুৰুতৰ অভিযোগ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা...

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...