এতিয়াৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত নহয় কোনো ব্যক্তি

মনুষ্য জাতিয়ে জীৱন কালত ভূগা এক কষ্টদায়ক ৰোগ হৈছে কৰ্কট ৰোগ। এই কৰ্কট ৰোগ নিৰাময়ৰ বাবে চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত বিশেষজ্ঞ, চিকিৎসকৰ দলে চেষ্টা কৰি আহিছে আৰু বৰ্তমান সময়ত সেই সকল চিকিৎসা বিজ্ঞানীৰ বাবে কৰ্কট ৰোগৰ ভয়াৱহতা কিছু পৰিমাণে হ্ৰাস কৰিব পৰা যাব। অধিকাংশ ব্যক্তিয়ে মতপোষণ কৰে যে- কৰ্কট বা কেন্সাৰ কোনো ৰোগ নহয়; দৰাচলতে ই আমাৰ শৰীৰত থকা কোষৰ অস্বাভাৱিক অনিয়ন্ত্ৰিত বিকাশ। যেতিয়া শৰীৰৰ সামান্য নিয়ন্ত্ৰণ তন্ত্ৰক ব্যাঘাত জন্মোৱা হয়; তেতিয়া এই ৰোগ বিকশিত হয়। পুৰণি কোষ সমূহ মৰি নাযায় ইয়াৰ পৰিৱৰ্তে কোষ সমূহ অস্বাভাৱিক ভাৱে বিকাশ হয়। এই দুৰাৰোগ্য ৰোগ বিধ প্ৰতিৰোধৰ বাবে বিশ্বৰ বিভিন্ন দেশত চৰকাৰে আঁচনি ৰূপায়ণ কৰাৰ লগতে কোটি কোটি টকা ব্যয় কৰিছে। যদিও সহজ কথাত ক’বলৈ গ’লে কৰ্কট ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সকলো বিফল হৈছে। কিন্তু এতিয়া আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। কিয়নো ভাৰতীয় চিকিৎসা বিজ্ঞানী ডাঃ জাহৰা হুছেইনীয়ে বিশ্ববাসীক এই মহামাৰীৰ পৰা ৰক্ষা কৰিব পাৰে। ডাঃ জাহৰা মুম্বাইৰ । কৰ্মসূত্ৰে নানাৱতী চিকিৎসালয়ত জাহৰাই সেৱা আগবঢ়াই আহিছে। চিকিৎসালয়খনত সেৱা আগবঢ়াই থকাৰ সময়ছোৱাত মহিলা চিকিৎসা বিজ্ঞানী গৰাকীয়ে কৰ্কট ৰোগত আক্ৰান্ত ৰোগী সকলৰ দুৰৱস্থা ভালদৰে অনুধাৱন কৰিব পাৰিছিল আৰু সেই সকল ৰোগীৰ বাবে কিবা এটা কৰিবলৈ মন কৰিছিল। যাৰ বাবে বিগত কেইবাটাও বছৰৰ পৰা জাহৰাই কৰ্কট ৰোগৰ দৰে অসম্ভৱ ৰোগবিধ প্ৰতিহত কৰাৰ ওপৰত গৱেষণা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আমি জানোঁ যে কৰ্কট ৰোগ বিভিন্ন প্ৰকাৰৰ আছে। আৰু ডাঃ জাহৰাই “Oral cancer” প্ৰতিৰোধৰ ওপৰত মনোনিবেশ কৰিলে। পুৰুষৰ মৃত্যুৰ এক নম্বৰ কাৰণ হৈছে “Oral cancer”। আনহাতে মহিলাৰ মৃত্যুৰ তিনি নম্বৰ কাৰণ হিচাপে বিবেচিত হৈছে “Oral cancer”। সমীক্ষা অনুযায়ী ভাৰতত প্ৰত্যেক সাত মিনিট “Oral cancer”ত আক্ৰান্ত হৈ এজনকৈ ৰোগীৰ মৃত্যু হয়। সুদীৰ্ঘ বাৰ বছৰৰ অন্তত ভাৰতীয় মহিলা ডাঃ জাহৰাই মানৱ জাতিৰ বাবে এক অমূল্য উপহাৰ আগবঢ়ালে; সেয়া হ’ল – Swivel biopsy… যাৰ দ্বাৰা কৰ্কট ৰোগ নিৰ্ণয় কৰিব পাৰি আৰু ৰোগবিধ বিকাশ হোৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পৰা যায়। অতি আশ্বৰ্যজনক আৰু গুৰুত্বপূৰ্ণ কথাটো হ’ল Swivel biopsyৰ জৰিয়তে কৰ্কট ৰোগত আক্ৰান্ত হ’বলগীয়া ৰোগী এগৰাকীৰ দেহত ৬ বছৰৰ পূৰ্বেই কৰ্কট ৰোগ ধৰা পেলাব পৰা যায়। ইয়াৰ অৰ্থ এইটোৱে যে এই ৰোগত আক্ৰান্ত হ’বলগীয়া ৰোগী সকলে Swivel biopsyৰ জৰিয়তে কৰ্কট ৰোগৰ পৰা হাত সাৰিব পাৰে। আৰু যদিহে এই Swivel biopsyৰ বিষয়ে সৰ্বত্ৰে সজাগতা সৃষ্টি কৰা হয়; তেন্তে পৃথিৱীৰ কোনো এজন ব্যক্তিয়ে কৰ্কট ৰোগৰ চিকাৰ নহ’ব। ডাঃ জাহৰাই Swivel biopsyৰ বিষয়ে সজাগ কৰিবলৈ ভাৰতৰ গ্ৰামাঞ্চলত নিজাববীয়াকৈ C-TEST (Cancer Test)ৰ ব্যৱস্থা কৰিছে। যিহেতু গ্ৰামাঞ্চলৰে শতকৰা ৭০% কৰ্কট ৰোগীয়ে প্ৰতি বছৰে মৃত্যু মুখত পৰিব লগা হয়।

NKTV Digital
Author: NKTV Digital

382 COMMENTS

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...