সুস্থ হৈ থাকিব বিচাৰে যদি একেলগে গ্ৰহণ নকৰিব এইসমূহ খাদ্য

বৰ্তমান সময়ত প্ৰতিজন মানুহেই এটা সুস্থ শৰীৰ বিচাৰে। এটা সুস্থ শৰীৰৰ বাবে প্ৰতিগৰাকী মানুহেই বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰি আহিছে। প্ৰতিবিধ খাদ্যৰে নিজৰ নিজৰ সোৱাদ তথা বিশেষত্ব থাকে। কিন্তু আপুনি বাৰু জানেনে কিছুমান খাদ্য কিছুমান খাদ্যৰ লগত একেলগে গ্ৰহণ কৰা উচিত নহয়। ইয়াৰ পৰা আমাৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। আজি আমি আপোনাক কি কি খাদ্য একেলগে খোৱা অনুচিত সেইবিষয়ে সবিশেষ জনাম।

চাহ আৰু ভাত : আপুনিও বাৰু ভাত খোৱাৰ পাছত চাহ খায় ভাল পায় নেকি যদি পায় তেন্তে সাৱধান হওঁক। কিয়নো ই আপোনাৰ খাদ্য হজম হোৱাত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপুনি এতিয়াৰে পৰা ভাত খোৱাৰ পাছত কেতিয়াও খাদ্য গ্ৰহণ নকৰিব।

মাছ আৰু দৈ : যদি আপুনি সদায় সুস্থ হৈ থাকিব বিচাৰে তেন্তে কেতিয়াও মাছ আৰু দৈ একেলগে নাখাব। কাৰণ মাছ গৰম হয় আৰু দৈ সদায় ঠাণ্ডা হয়। দুয়োটাকে যদি একেলগে গ্ৰহণ কৰা হয় তেতিয়া পেটৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে সদায় সুস্থ হৈ থাকিবলৈ কেতিয়াও মাছ আৰু দৈ একেলগে গ্ৰহণ নকৰিব।

গাখীৰ আৰু ফল-মূল : গাখীৰ আৰু ফল-মূলো কেতিয়াও একেলগে গ্ৰহণ কৰিব নালাগে। কিয়নো গাখীৰত থকা কেলচিয়ামে ফলত থকা পোষক তত্ব সমূহ শুহি পেলাই। ফলত শৰীৰে ফলত থকা পোষক তত্ব সমূহ নাপায়।

ফাষ্ট ফুড আৰু ক’ল্ড ড্ৰিংকচ : পিজ্জা, চাওমিন, বাৰ্গাৰ আদি ফাষ্ট ফুডৰ লগত কেতিয়াও ক’ল্ড ড্ৰিংকচ গ্ৰহণ কৰিব নালাগে। কিয়নো ফাষ্ট ফুড গৰম খাদ্য আৰু ক’ল্ড ড্ৰিংকচ ঠাণ্ডা খাদ্য হয়। দুয়োটাকে যদি একেলগে গ্ৰহণ কৰা হয় তেতিয়া পেটৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে সদায় সুস্থ হৈ থাকিবলৈ কেতিয়াও ফাষ্ট ফুড আৰু ক’ল্ড ড্ৰিংকচ একেলগে নাখাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...