মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ভৰি চুলে অভিনেতা ৰজনীকান্তে

শেহতীয়াকৈ অভিনেতা ৰজনীকান্ত আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এখন ফটোক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে। য’ত অভিনেতাজনে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ভৰি স্পৰ্শ কৰা দেখিবলৈ পোৱা গৈছে।

কিছুদিন পূৰ্বে অভিনেতা ৰজনীকান্তে তেওঁৰ আহিবলগীয়া চিনেমা ‘জেইলাৰ’ (JAILER)ৰ প্ৰমোচনৰ বাবে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্নৌলৈ গৈছিল। লক্ষ্নৌত তেওঁ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰে। এই সাক্ষাৎ কালতে অভিনেতাগৰাকীয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লয়। ইয়াৰ পাছতে সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ মুখামুখি হ’ব লগা হয় অভিনেতাগৰাকী। কাৰণ অভিনেতাগৰাকীৰ বয়স ৭২বছৰ আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বয়স ৫২হয়। ইয়াৰ পাছতে তেওঁলোকৰ এখন স্থিৰ চিত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে।

ইয়াৰ মাজতে আকৌ বহুজনে মন্তব্যও কৰিছে — মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বয়স অভিনেতাজনতকৈ বহুত কম, এনে অৱস্থাত মুখ্যমন্ত্ৰীগৰাকীয়েহে অভিনেতাজনৰ ভৰি চুব লাগিছিল। শেহতীয়াকৈ এই বিষয়টো সন্দৰ্ভত অভিনেতাজনে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্যও কৰিছে। ৰজনীকান্তে কয় যে, “তেওঁ লাগিলে সন্যাসীয়েই হওঁক বা যোগীয়েই হওঁক, যদি তেখেত মোৰ বয়সতকৈ সৰুও হয়, মোৰ এয়া অভ্যাসেই যে মই তেওঁৰ ভৰি স্পৰ্শ কৰো

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...