ব্ৰহ্মপুত্ৰত বৈছে গাখীৰৰ ঢল…

শ শ লিটাৰ গাখীৰ পেলাই দিয়া হৈছে ব্ৰহ্মপুত্ৰত

গুৱাহাটী, ৫ জুন, NKTV: ক’ভিডে মাধমাৰ শোধাইছে মাজুলীৰ অৰ্থনীতিত প্ৰভূত অৰিহণা যোগোৱা গো-পালক সকলৰ। ক’ভিড সংক্ৰমণৰ জটিল সময়ত মাজুলীৰ পশুপালক সকল সন্মুখীন হৈছে অভাৱনীয় দুৰ্যোগৰ। গাখীৰকে মূল জীৱিকা হিচাপে লৈ চলি থকা বৃহত্তৰ মাজুলীৰ গো-পালকসকলে গ্ৰাহকৰ অভাৱত পেলাই দিব লগা হৈছে শ-শ লিটাৰ গাখীৰ। মাজুলীৰ চৰ-চাপৰি সমূহত প্ৰায় ১ লাখ ২০ হাজাৰ গৰু আৰু ১৬ হাজাৰ ম’হ পালন কৰি আহিছে পশুপালকসকলে। সমগ্ৰ মাজুলীজুৰি ব্ৰহ্মপুত্ৰ,সোৱণশিৰি,খেৰকটীয়া নদীৰ বিভিন্ন চৰ-চাপৰিত ৪০০ৰো অধিক গৰু-ম’হৰ খুটি আছে যিসমূহ গৰু-ম’হৰ খুটিত দৈনিক উৎপাদন হয় প্ৰায় তিনি হাজাৰ লিটাৰ গাখীৰ। কিন্তু, এতিয়া গাখীৰক লৈ সংকটত পৰিছে এই সকল পশুপালক। কাৰণ আন্তঃজিলা যাতায়াত বন্ধ হৈ পৰাত গাখীৰ বিক্ৰী কৰিব পৰা নাই তেওঁলোকে।

দুগ্ধ উৎপাদনৰ বৃহৎ থলগিৰি উদ্যোগটোৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত হৈ আছে মাজুলীৰ প্ৰায় ৬০০টা পৰিয়াল। মাজুলীৰ ৩৪টা চৰ-চাপৰিকে ধৰি মূল ভূখণ্ডৰ বিভিন্ন স্থানত থকা খুঁটি সমূহৰ পৰা উৎপাদিত গাখীৰে মাজুলীৰ চাহিদা পূৰণ কৰাৰ উপৰিও বহু হোটেল ব্যৱসায়ো প্ৰত্যক্ষ ভাৱে নিৰ্ভৰশীল আছিল এই গো-পালক সকলৰ ওপৰতে। কিন্তু, এতিয়া গ্ৰাহকৰ অভাৱত পেলাই দিবলগীয়া হৈছে গাখীৰ। যিটো পশুপালক সকলৰ বাবে অসহনীয় হৈ উঠিছে। এই পৰিৱেশ আৰু কিমান দিনলৈকে থাকিব তাৰ ওপৰতে নিৰ্ভৰ কৰিব পশুপালকসকলৰ ভৱিষ্যত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...