কুৰিৰো অধিক বিষাক্ত সাপৰ সৈতে সহবাস কৰিলে এটা পৰিয়ালে। কিন্তু কেনেকৈ?

এইবাৰ কুকুৰ, মেকুৰী নহয় সাপৰ সৈতে সহবাস এটা পৰিয়ালৰ। হয় ঠিকেই শুনিছে এইবাৰ সাপৰ সৈতে সহবাস কৰিলে এটা পৰিয়ালে। এই ঘটনাই এতিয়া শিহৰিত কৰি তুলিছে সকলোকে। ঘটনাৰ সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন।

ঘটনা এইখন অসমৰে। মৰিয়নিৰ নগাধুলি হাতীজুৰি চাহ বাগিচাৰ এটা পৰিয়ালে বিগত কেইবামাহ ধৰি কুৰিৰো অধিক বিষাক্ত সাপৰ সৈতে সহৱস্থান কৰি আহিছে। বাগিচা খনৰ শংকৰ বনিয়া নামৰ লোকজনৰ বাসগৃহত ঘটনা সংঘটিত হৈছে। ঘৰৰ গৰাকীয়ে জনোৱা মতে, বিগত কিছুদিন ধৰি এডাল প্ৰকাণ্ড চকৰী ফেটী সাপ বাসগৃহত বিচৰন কৰা প্ৰত্যক্ষ কৰিছিল পৰিয়ালটোৰ সদস্য সকলে। পৰিয়ালটোৱে সাপ ডাল ঘৰৰ পৰা বাহিৰলৈ বাৰে বাৰে উলিয়াই পঠাইছিল যদিও পুনৰ সাপডাল ঘৰত প্ৰৱেশ কৰি এটা নিদিষ্ট কোঠাৰ মাটিৰ তলৰ গাঁতত আশ্ৰয় লয়। আনফালে বৃহস্পতিবাৰে সেই কোঠাটোত সাপৰ কেইবাটাও পোৱালী উদ্ধাৰ হোৱাত পৰিয়ালটো অধিক আতংকিত হৈ পৰে। আতংকিত পৰিয়ালটোৱে সৰ্প বিশেষজ্ঞ অনিল তাছাক এই সন্দৰ্ভত অৱগত কৰে। সৰ্প বিশেষজ্ঞ অনিল তাছাই ব্যক্তি গৰাকীৰ বাসগৃহত উপস্থিত হৈ উক্ত কোঠাটোৰ পৰা সৰু ডাঙৰ ত্ৰিশটাৰো অধিক চকৰী ফেটী সাপৰ পোৱালী উদ্ধাৰ কৰে। বৃহৎ সংখ্যত সাপ উদ্ধাৰ হোৱা পাছতহে পৰিয়ালটো অৱগত হয় যে বিগত দিনসমুহত তেওঁলোকে বিষাক্ত সাপৰ সৈতে সহবাস কৰি আছিল। বৰ্তমান সাপ সমুহ সুৰক্ষিত ভাৱে উদ্ধাৰ কৰি গিবন অভয়াৰন্যত মুকলি কৰি দিয়া হ’ব বুলি জানিবলৈ দিছে সৰ্প বিশেষজ্ঞ অনিল তাছাই৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বজাৰলৈ আহি আছে FASTag বাৰ্ষিক পাছ!

কেন্দ্ৰীয় চৰকাৰে ফাষ্টটেগৰ বাৰ্ষিক পাছৰ ব্যৱস্থা আৰম্ভ কৰিবলৈ গৈ...

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰাৰ অভিযোগ হিন্দু যুৱ-ছাত্ৰৰ

ধুবুৰীৰ সমান্তৰালকৈ লক্ষীমপুৰতো ইছলামিকস্তানৰ আখৰা চলোৱা অভিযোগ উত্থাপন কৰিছে...

ট্ৰাম্পৰ সৈতে ৩৫ মিনিট সময় কথা পাতিলে মোদীয়ে

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে ফোনত কথা-বতৰা হৈছে ভাৰতৰ...

কেদাৰনাথ যাত্ৰা পথত ভূমিস্খলন! মূৰত শিল পৰি ২ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, ৩ জন আহত

কেদাৰনাথ যাত্ৰাৰ পথত বিপৰ্যয়! বুধবাৰে কেদাৰনাথত ভূমিস্খলনৰ ফলত দুজন...