এজমাত আক্ৰান্ত যদি ভুলতো গ্ৰহণ নকৰিব এইসমূহ খাদ্য

বৰ্তমান সময়ৰ শিশুৰ পৰা বৃদ্ধলৈ সকলো আক্ৰান্ত হোৱা এটা ৰোগ হৈছে এজমা বা হাঁপানি। সমগ্ৰ বিশ্বতে অধিকাংশ ৰোগীয়েই হৈছে এজমা বা হাঁপানিৰ। কেৱল প্ৰাপ্ত বয়স্ক লোকেই যে এজমাত আক্ৰান্ত হয় তেনে নহয়, শিশুসকলো আক্ৰান্ত হয় এই এজমাত। এজমা হৈছে উশাহ সম্বন্ধীয় এটা ৰোগ। য’ত ৰোগীৰ উশাহ লোৱাত সমস্যাৰ সৃষ্টি হয়। এই এজমা’ত আক্ৰান্ত লোকসকলে কিছুমান খাদ্য পৰিহাৰ কৰিব লাগে। যিসমূহ খাদ্য গ্ৰহণ কৰিলে তেওঁলোকৰ এজমাৰ সমস্যা অধিক গুৰুতৰ হ’ব পাৰে। তেন্তে জানো আহকচোন এজমাত আক্ৰান্ত লোকসকলে কি কি খাদ্য গ্ৰহণ কৰিব নালাগে।

ফাষ্ট ফুড : বৰ্তমান সময়ৰ প্ৰতিগৰাকী লোকৰেই প্ৰথম পচন্দ ফাষ্ট ফুড। কিন্তু এজমা ৰোগী সকলে কেতিয়াও ফাষ্ট ফুড গ্ৰহণ কৰিব নালাগে। এনে কৰিলে তেওঁলোকৰ এজমাৰ সমস্যা গুৰুতৰ হ’ব পাৰে।

ধুম্ৰপান : এজমাৰ ৰোগীসকল ধুম্ৰপান সেৱনৰ পৰাও বিৰত থাকিব লাগে। কিয়নো ধুম্ৰপান সেৱনৰ ফলত তেওঁলোকৰ সমস্যা অধিক গুৰুতৰ অৰ্থাৎ উশাহ-নিশাহৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে এজমাৰ ৰোগীসকলে ধুম্ৰপান সেৱনৰ পৰা বিৰত থাকিব লাগে।

কফি : কিছু লোকৰ ৰোগ প্ৰতিৰোধক ক্ষমতা কম থাকে। সেইবাবে এজমাৰ ৰোগী সকলে কফিৰ সেৱন কৰিব নালাগে।

ক’ল্ড ড্ৰিংকছ : ইয়াৰ লগতে বহু সময়ত ক’ল্ড ড্ৰিংকছৰ পৰাও এজমাৰ সমস্যা হ’ব পাৰে। কিয়নো ক’ল্ড ড্ৰিংকছ যথেষ্ট ঠাণ্ডা হয়। গতিকে আপোনাৰে যদি এজমাৰ সমস্যা আছে তেতিয়া আপুনিও ক’ল্ড ড্ৰিংকছ সেৱন বন্ধ কৰক।

বিজলুৱা খাদ্য : বিজলুৱা খাদ্য সেৱনৰ ফলত এজমাৰ সমস্যা বৃদ্ধি পাব পাৰে। যাৰ বাবে এজমাৰ ৰোগীসকলে ভেণ্ডি, দৈ আদিৰ দৰে খাদ্য সমূহ গ্ৰহণ কৰিব নালাগে।

এই প্ৰতিবেদন সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰিহে প্ৰস্তুত কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...