জুবিন গাৰ্গৰ আহ্বান : সহায় কৰক শ্ৰুতি প্ৰিয়মক

সদায় হাঁহি থকা ছোৱালী জনীয়ে আজি বিচনাত চটফটাই কান্দি আছে। সদায় আনৰ বাবে চিন্তা কৰি থকা, সদায় আনৰ ভাল কৰিবলৈ চেষ্টা কৰি থকা ছোৱালী জনীয়ে আজি কান্দি আছে। তাইয়ো আমাৰ মাজৰে কাৰোবাৰ ভনী, কাৰোবাৰ জী, কাৰোবাৰ বায়েক। আজি তাইক সহায়ৰ প্ৰয়োজন আপোনালোকৰ অলপ মান মৰম, অলপ সহায়, অলপ মান প্ৰাৰ্থনাৰ। কেইবাটাও মাহ ধৰি তাই যথেষ্ট সমস্যাত ভুগি আছে। ডিঙিৰ এক বিশেষ Infectionত আক্ৰান্ত তাই।

এই বিষ কিমান কষ্টকৰ একমাত্ৰ তাই বুজি পাইছে। প্ৰথমতে ডিঙিৰ সোঁফালে অত্যন্ত বিষ হৈছিল আৰু ডাক্তৰৰ পৰামৰ্শ মতে (তাই সাঁচি থোৱা পইচা কেইটা লগতে কেইজন মান হৃদয়বান ব্যক্তিৰ সহায়ত লক্ষাধিক টকা খৰছ কৰি) গুৱাহাটীত অপাৰেচন কৰোৱাইছিল কিন্তু এতিয়া Infection আৰু বিষ সম্পূৰ্ণ ৰূপে ঠিক নোহোৱাত আৰু লাহে লাহে সেই বিষ বাঢ়িহে যোৱাত এতিয়া ডাক্তৰে বাংগালোৰ (Narayana Hospital) পঠাইছে তাকো ততাতৈয়াকৈ। ইতিমধ্যে ইয়াতে পলম কৰিব মানা কৰিছে নহ’লে এই infection বিয়পাৰ সম্ভাৱনা। বিষ আৰু ব্লিডিং ৰ ফলত তাই একো খাব নোৱাৰে, আনকি পানী এটোপাও, মাত মাতিলে বেছিকৈ জোৰ দিলে ডিঙিত কষ্ট পাই ব্লিডিং হয়। কিন্তু ইমান দিনে তাই অনুমতি দিয়া নাছিল বাবে ফেচবুকত কোনো আপডেট দিয়া হোৱা নাছিল। এতিয়া আজি এক সপ্তাহ মানৰ হঠাতে refer কৰাত জনাব লগা হৈছে, আগৰ পৰা দুই এজনে Share কৰাৰ লগতে বৰঙণিও আগবঢ়াইছে।আপোনাৰ আৰু মোৰ দৰে তাইয়ো জীয়াই থাকিবলৈ মন যায়,উৰিব মন যায়। তাইয়ো জীয়াই থাকিব বিচাৰে।তাইৰ ঘৰ খন তায়েই চলাই আছিল,ভায়েকক পঢ়াই আছিল। সিহঁতৰ ঘৰখনৰ পইচা অহাৰ বাট এটাই আছিল। এতিয়া সেইটো বাটো বন্ধ হৈ পৰিল। আমাৰ এজনী সাহসী ছোৱালী জনী (যোৰহাট টিলিকীয়ামৰ সুশ্ৰুতি দত্ত ওৰফে শ্ৰুতি প্ৰিয়মক আপোনালোকৰ সহায়ৰ প্ৰয়োজন তাইৰ উন্নত চিকিৎসাৰ বাবে। (ডাক্তৰে কোৱা মতে প্ৰথম পৰ্যায়ত প্ৰায় নূন্যতম ৫ লাখমান টকা লাগিব আনুমানিক, সঠিক সংখ্যা টো বাংগালোৰ পোৱাৰ পাছত হে গম পোৱা যাব যে ততোধিক কিমান লাগিব পাৰে কাৰণ Infectionটো কোনটো পৰ্যায় লৈকে বিয়পিছে সেই বিষয়েও তাতে পায়েই চিকিৎসা আৰম্ভ হ’লেহে গম পোৱা হ’ব।) যি পাৰে ১০,২০ টকা হলেও সকলোৱে আগবঢ়াওকচোন।এইখিনি সময়ত ১০টকা টোও বহুত।আপোনাৰ এই ১০-২০ টকা টোৱে কাৰোবাৰ জীৱন বচাব পাৰে। কাৰণ এতিয়া Refer কৰা পাছতো অপেক্ষা কৰিব লগা হৈছে বাংগালোৰ যাবৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ পইচা খিনি যোগাৰ নোহোৱা বাবে। ৰাইজে নখ জোকাৰিলে নৈ বয়……..। এনেকৈয়ে আপোনালোকৰ দৈনন্দিন জীৱনৰ অন্তত ১০০ টকা এটা তাইক আশীৰ্বাদ বুলি প্ৰাৰ্থনা বুলি দিয়কচোন।

শ্ৰুতি প্ৰিয়মৰ একাউণ্ট নম্বৰ:

SUSHRUTI DUTTA

Jorhat (Assam)

A/C- 406210110010672

IFSC – BKID0004062

Bank of India

Gpay Number : 7002110536

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...