বাংলাদেশত দূৰ্গা পূজাৰ ব্যাপক আয়োজন

✒️অচিন্ত্য শৰ্মা

যোৱাবছৰৰ দু:সহ স্মৃতি বুকুত বান্ধি এইবাৰো বাংলাদেশৰ হিন্দুসমাজ সাজু হৈছে শাৰদীয় দূৰ্গা পূজা তথা দুৰ্গোত্সৱ উদযাপন কৰিবলৈ। ইছলামিক মৌল-বাদীৰ আক্ৰমণৰ আশংকাৰ মাজতে সাজু হ’ব ধৰিছে দেশখনৰ ৩২ হাজাৰৰো অধিক পূজা মণ্ডপ। অৱশ্যে বিগত বৰ্ষবোৰতকৈ বাংলাদেশত এইবাৰ অধিক কঠোৰ কৰি তোলা হৈছে পূজাকালীন নিৰাপত্তা ব্যৱস্থা। বাংলাদেশী দিন্দুৱে পূজা পাতিবহে পাৰিব; আজান আৰু নামজৰ সময়ত মণ্ডপৰ বাহিৰলৈ ওলাই আহিব নোৱাৰিব পূজাৰ কোনো শব্দ। অন্যথাই চিৰাচৰিত লংকাকাণ্ড।

উল্লেখ্য যে যোৱাবছৰ দূৰ্গাপূজাৰ সময়ত বাংলাদেশত এক বিভীষইকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল দেশখনৰ মুছলমান হুলিগানসকলে। পূজামণ্ডপত কোৰাণ ৰখাৰ এখন নাটকৰ সৃষ্টি কৰি পূজাৰ মাজতে হিন্দুসকলক সৰ্বাত্মকভাবে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল ইছলামিক মৌলবাদসকলৰ দ্বাৰা। হেফাজতে ইছলাম আৰু অন্যান্য জেহাদী অপশক্তিসমূহে সংঘটিত কৰিছিল দূৰ্গাপূজাৰ মণ্ডপ ধ্বংস, দূৰ্গা প্ৰতিমা ভাভচূড়, হিন্দুৰ গৃহত অগ্নিসংযোগ, হিন্দু পুৰুষৰ হত্যা আৰু হিন্দুমহিলাক ধৰ্ষণ ঈদিৰ নিচিনা জঘন্য অপকৰ্মসমূহ। কাৰ্যত : নিস্ক্ৰীয় প্ৰসাশনৰ চকুৰ সন্মুখতে হিন্দুৰ ওপৰত চলাইছিল এনেধৰণৰ নিৰ্যাতন। পৰিস্থিতি সম্পূৰ্ণৰূপে গুছি গৈছিল চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ।

বিগত বৰ্ষত সেই দু: সহ স্মৃতি বুকুত বান্ধিয়েই এইবাৰ বাংলাদেশৰ হিন্দু সমাজ আকৌ সাজু হৈছে দূৰ্গা পূজা উদযাপন কৰিবলৈ। মণ্ডপে মণ্ডপে তৈয়াৰ কৰা হ’ব ধৰিছে দূৰ্গা প্ৰতিমা, চলিছে অন্যান্য আয়োজন। লক্ষণীয়ভাবে এইবাৰ সমগ্ৰ বাংলাদেশজুৰি ৩২ হাজাৰ ১৬৮টা মণ্ডপত শাৰদীয় দূৰ্গাপূজা অনুষ্ঠিত হব। মণ্ডপৰ এই সংখ্যা যোৱা বছৰতকৈ প্ৰায় এক হাজাৰ বেছি। এনে বৃহৎ সংখ্যক মণ্ডপৰ নিৰাপত্তাৰ বাবে ইতিমধ্যে বৃহৎ পৰিকল্পনা যুগুত কৰা হৈছে। প্ৰতিটো পূজামণ্ডপতে বাধ্যতামূলক কৰা হৈছে CCTVৰ সংস্থাপন। এই পূজা মণ্ডপত থাকিব স্বেচ্ছাসেৱক, পৰ্যাপ্ত আৰক্ষী আৰু ৰেপিড একশ্যন বেটেলিয়নৰ উপৰি ভ্ৰাম্যমান আদালতো। তদুপৰি উৰাবতৰি বিয়পোৱাত বাধা দিবলৈ বিশেষ ফোনলাইনো মুকলি কৰা হৈছে। অৱশ্যে এখন ইছলামিক ৰাষ্ট্ৰৰ চৰিত্ৰ অক্ষুন্ন ৰাখি বাংলাদেশতো পূজা সমিতিসমূহক নিৰ্দেশ দিয়া হৈছে নামাজ আৰু আজানৰ সময়ত পূজা মণ্ডপৰ শব্দ নিয়ন্ত্ৰণ কৰি ৰখাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...