বিশ্বৰ সৰ্বোচ্চ গিৰিপথ উম-লিং-লালৈ ‘এক্সপ্ল’ৰাৰ্ছ’ৰ সফল বাইক অভিযান

বর্তমান বিশ্বৰ সর্বোচ্চ গাড়ী যাব পৰা পথ ১৮,৩৭৯ ফুট উচ্চতাৰ খাৰ-ডুং-লা নহয়। ২০২১ চনৰ ২৯ ডিচেম্বৰৰ দিনা দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে লাডাখ-হিমালয়ত উদ্বোধন কৰা ১৯,০২৪ ফুট উচ্চতাৰ উম-লিং-লাহে হৈছে বিশ্বৰ সৰ্বোচ্চ গাড়ী যাব পৰা গিৰি সংকট। ভাৰতীয় সেনাই নিৰ্মাণ কৰা এই গিৰি সংকটে ইতিমধ্যে ব্যাপক কৌতুহলৰ সৃষ্টি কৰিছে। এই সু-উচ্চ গিৰি সংকটলৈ অভিযান চলাই গুৱাহাটীলৈ ঘূৰি আহিছে দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ ৫ জনীয়া বাইক ৰাইডাৰৰ এটা দল। বাইক ৰাইডাৰ উজ্জ্বল বৰাৰ নেতৃত্বত যোৱা দলটোৱে যোৱা ৯ আগষ্টত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি মুঠ ৩৪ দিনত এই অভিযান সম্পন্ন কৰে। মটৰ চাইকেল আৰোহীৰ দলটোৱে এই যাত্রাপথত উম-লিং লা, খাৰ-ডুং-লাৰ উপৰিও বিশ্বৰ ৬ষ্ঠ সর্বোচ্চ গাড়ী যাব পৰা গিৰি পথ ফটিলা, জজিলা গিৰি সংকট আদিও অতিক্রম কৰে। প্ৰচণ্ড শীত আৰু দুৰ্গম পথৰ বাবে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো দলটোৱে পিছুৱাই নাহি অভিযান সম্পন্ন কৰে।

বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰ চিয়াচেনৰ বেছ কেম্পৰ লগতে ২য় শীতার্ত ঠাই ড্ৰাছ , কার্গিল আদিও অতিক্রম কৰে। বহু ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন হোৱা দলটোৱে এই অভিযানকালত ৬ হাজাৰ কিলোমিটাৰৰো অধিক পথ অতিক্রম কৰে। অভিযানত দলটোৱে অতি দুর্গম ঝাস্কাৰ উপত্যকাৰ লগতে লাডাখ-হিমালয়ৰ আন কেইবাটাও আওহতীয়া এলেকা বাইকেৰে পৰিভ্ৰমণ কৰে। উজ্জ্বল বৰাৰ উপৰিও দলটোৰ আন সদস্যসকল আছিল ছিৰাক্স কাহান, অভিলাষ শৰ্মা, উপমন্যু বৰদলৈ আৰু তপন দে ‘। যাত্রাপথত দুৰ্ঘটনাৰ বাবে দলটোৱে কেতবোৰ সমস্যাৰ সন্মুখীন হৈছিল যদিও এই প্ৰত্যাহ্বানসমূহ তেওঁলোকে সফলতাৰে অতিক্রম কৰে। বৃহস্পতিবাৰে এখন সংবাদমেলত এই অভিযান সন্দৰ্ভত দলটোৰ সদস্যসকলৰ উপৰিও দুঃসাহসিক ক্রীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছৰ কাৰ্যকৰী সভাপতি প্রণয় বৰদলৈয়েও জানিবলৈ দিয়ে। সংবাদমেলত এক্সপ্ল’ৰাৰ্ছৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱা আৰু সাধাৰণ সম্পাদক এভাৰেষ্ট আৰোহী নন্দ দুলাল দাসেও অংশগ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...