ভগ্নীক মনত পেলাই মঞ্চতেই কান্দি উঠিল জুবিন

জুবিনৰ চকুত পুনৰ চকুলো

ভগ্নীক মনত পেলাই মঞ্চতেই কান্দি উঠিল জুবিন

শোণিতপুৰৰ বালিপৰাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। ইটোৰ পাছত সিটো জনপ্ৰিয় গীতেৰে দৰ্শকক মুহিছিল জুবিনে। এটা সময়ত জুবিনে গাবলৈ ললে ভগ্নী জংগীৰ সৈতে একেলগে গোবা শিশু এলবামৰ গীত মুগ্ধ হিয়া মোৰ…তেতিয়াই জুবিন সুঁৱৰিলে প্ৰয়াত ভগ্নী জংকী বৰঠাকুৰক।

বালিপৰাতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল জংকীৰ
২০০২ চনৰ ১২ জানুৱাৰীত ঘটিছিল শোকাৱহ ঘটনা

ভগ্নীক সুঁৱৰি কান্দি কান্দিয়েই গীত পৰিৱেশন জুবিনৰ। এটা সময়ত আগবাঢ়ি আহিল বাদ্যযন্ত্ৰী সংগী। চকুলো মচি দিলে সহ শিল্পীয়েও। কান্দি কান্দিয়েই মঞ্চত জুবনিৰ গান। ইপিনে প্ৰিয় শিল্পী জুবিনক চাবলৈ বালিপৰা মজলীয়া বিদ্যালয়ত ভিৰ কৰিলে হাজাৰ হাজাৰ দৰ্শকে। জুবিনক ওচৰৰ পৰা চাবলৈ সন্মুখলৈ ঠেলা-হেঁচা কৰি আগুৱাই আহিল একাংশ লোক। তেতিয়াই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল অনুষ্ঠানত।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিলে। কিন্তু তাৰ পাছতো একাংশ দৰ্শকে জুবিনক চুবলৈ-ওচৰৰ পৰা চাবলৈ দৌৰা-দৌৰি লগালে। এনেকৈয়ে বালিপৰাত জুবিনৰ সংগীতানুষ্ঠান। বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰা দৰ্শকৰ বিৰুদ্ধে ক্ষোভ আনসকলৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...