পাছিঘাটলৈ সপৰিয়ালে ফুৰিবলৈ আহি উৎফুল্লিত উত্তৰাখণ্ডৰ মন্ত্ৰী সতপাল মহাৰাজা

যেন প্ৰকৃতিয়ে পৃথককৈ চাইছে-পৃথককৈ সজাইছে
সৰ্পিল গতিৰে আগবাঢ়িছে মসৃণ পথ
শিলাময় নদীৰ ধাৰে বৈ গৈছে কুল-কুল কুল-কুল

আপুনি যদি ভাৱিছে এই দৃশ্য কোনে দূৰ প্ৰান্তৰ পৰ্যটনৰ বাবে তাম্মাম বঢ়িয়া কোনো বিলাসবহুল ঠাই, তেন্তে আপুনি ভুল ভাৱিছে। এই দৃশ্য হৈছে…

পাছিঘাটৰ ৰানাঘাট-বদাগ- চিয়াং আৰু য়ামনে নদীৰ সংযোগস্থলৰ
পাছিঘাটলৈ সপৰিয়ালে ফুৰিবলৈ আহি উৎফুল্লিত উত্তৰাখণ্ডৰ মন্ত্ৰী সতপাল মহাৰাজা

পাহাৰী ৰাণীৰূপে খ্যাত ঐতিহাসিক পাছিঘাট চহৰৰ ৰানাঘাট-বদাগ-চিয়াং আৰু য়ামনে নদীৰ সংযোগস্থলৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ সপৰিয়ালে আহিল মংগলবাৰে সুদূৰ উত্তৰাখণ্ডৰ লোক নিৰ্মাণ, পৰ্যটন, পঞ্চায়তীৰাজ আদি দহটা বিভাগৰ মন্ত্ৰী সতপাল মহাৰাজ৷ সৰ্পিল গতিৰে লাহে লাহে আগবাঢ়িল উত্তৰাখণ্ডৰ মন্ত্ৰীজনৰ গাড়ী। যাত্ৰাপথত তেওঁ দেখিলে উত্তৰ-পূৱৰ শিলাময় নদী, সুউচ্চ পাহাৰ। দেখিলে নৈৰ ওপৰেৰে বৈ বৈ বিয়পি পৰা নিৰ্মল নীলা আকাশ আৰু পাহাৰৰ বক্ষ বিদাৰি বোৱা ৰদৰ নান্দনিক আলাপ। উত্ফুল্লিত হৈ পৰিল সতপাল মহাৰাজা।

হঠাতে সাংবাদিকৰ মুখামুখি হৈ পাছিঘাটৰ পাহাৰ আৰু চিয়াং নদীৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰি আনন্দিত হোৱা বুলি কলে মন্ত্ৰীগৰাকীয়ে৷ লগতে উত্তৰপূৰ্বাঞ্চল মহাভাৰতৰ যুগৰ পৰা সম্বন্ধ থকা এক বৃহৎ ঐতিহাসিক অঞ্চল বুলি কোৱাৰ উপৰিও স্বয়ং ভগৱান শ্ৰীকৃষ্ণ আৰু ভীম উত্তৰপূৰ্বাঞ্চলৰ জোঁৱাই বুলি এনেদৰে আগবাঢ়ীলে গুৰুত্বপূৰ্ণ মন্তব্য। মুঠৰ ওপৰত উত্তৰ পূৱে মুহি পেলালে উত্তৰাখণ্ডৰ মন্ত্ৰীজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ বিধায়ক ভুবন গামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী

অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ পৱিত্ৰ সত্ৰ-সমাজৰ...

ব’লবমৰ বাবে পানী আনিবলৈ গৈ লুইতত সন্ধানহীন পিতা-পুত্ৰ

ব'লবমৰ আনন্দোল্লাসৰ মাজতে ডিব্ৰুগড়ৰ মাইজানত সংঘটিত হৈছে এক শোকাৱহ...

ছাইৰ আঘাত, ছৰফৰাজৰ ভাগ্যোদয়!

অপেক্ষাৰ অন্ত পৰিল। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি...

গুজৰাটৰ মুখ্যমন্ত্ৰীক কমনৱেল্থ গেমছৰ পতাকা প্ৰদান: ২০৩০চনৰ মেগা ইভেণ্টৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ...