ভগ্নীক মনত পেলাই মঞ্চতেই কান্দি উঠিল জুবিন

জুবিনৰ চকুত পুনৰ চকুলো

ভগ্নীক মনত পেলাই মঞ্চতেই কান্দি উঠিল জুবিন

শোণিতপুৰৰ বালিপৰাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। ইটোৰ পাছত সিটো জনপ্ৰিয় গীতেৰে দৰ্শকক মুহিছিল জুবিনে। এটা সময়ত জুবিনে গাবলৈ ললে ভগ্নী জংগীৰ সৈতে একেলগে গোবা শিশু এলবামৰ গীত মুগ্ধ হিয়া মোৰ…তেতিয়াই জুবিন সুঁৱৰিলে প্ৰয়াত ভগ্নী জংকী বৰঠাকুৰক।

বালিপৰাতেই দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল জংকীৰ
২০০২ চনৰ ১২ জানুৱাৰীত ঘটিছিল শোকাৱহ ঘটনা

ভগ্নীক সুঁৱৰি কান্দি কান্দিয়েই গীত পৰিৱেশন জুবিনৰ। এটা সময়ত আগবাঢ়ি আহিল বাদ্যযন্ত্ৰী সংগী। চকুলো মচি দিলে সহ শিল্পীয়েও। কান্দি কান্দিয়েই মঞ্চত জুবনিৰ গান। ইপিনে প্ৰিয় শিল্পী জুবিনক চাবলৈ বালিপৰা মজলীয়া বিদ্যালয়ত ভিৰ কৰিলে হাজাৰ হাজাৰ দৰ্শকে। জুবিনক ওচৰৰ পৰা চাবলৈ সন্মুখলৈ ঠেলা-হেঁচা কৰি আগুৱাই আহিল একাংশ লোক। তেতিয়াই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ’ল অনুষ্ঠানত।

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিলে। কিন্তু তাৰ পাছতো একাংশ দৰ্শকে জুবিনক চুবলৈ-ওচৰৰ পৰা চাবলৈ দৌৰা-দৌৰি লগালে। এনেকৈয়ে বালিপৰাত জুবিনৰ সংগীতানুষ্ঠান। বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰা দৰ্শকৰ বিৰুদ্ধে ক্ষোভ আনসকলৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাজুলীৰ বিধায়ক ভুবন গামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী

অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ পৱিত্ৰ সত্ৰ-সমাজৰ...

ব’লবমৰ বাবে পানী আনিবলৈ গৈ লুইতত সন্ধানহীন পিতা-পুত্ৰ

ব'লবমৰ আনন্দোল্লাসৰ মাজতে ডিব্ৰুগড়ৰ মাইজানত সংঘটিত হৈছে এক শোকাৱহ...

ছাইৰ আঘাত, ছৰফৰাজৰ ভাগ্যোদয়!

অপেক্ষাৰ অন্ত পৰিল। ঘৰুৱা ক্ৰিকেটত ধাৰাবাহিকভাৱে ৰান সংগ্ৰহ কৰি...

গুজৰাটৰ মুখ্যমন্ত্ৰীক কমনৱেল্থ গেমছৰ পতাকা প্ৰদান: ২০৩০চনৰ মেগা ইভেণ্টৰ প্ৰস্তুতিৰ আনুষ্ঠানিক শুভাৰম্ভ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক (Bhupendra Patel) আনুষ্ঠানিকভাৱে ২০৩০ চনৰ...